ETV Bharat / state

বিহু আহি পালেহি, আশা কৰা মতে ঢোলৰ বিক্ৰী নোহোৱাত হতাশ দুই ভাতৃ - MAKING FOLK INSTRUMENTS FOR BIHU

৯০০ টকাৰ বৰ ঢোল বিক্ৰী কৰিছে ১০ হাজাৰ টকাত । এটা ঢোল সাজোতে হোৱা পৰিশ্ৰমৰ তুলনাত চাহিদাও যথেষ্ট কম ।

DHOL TRADERS BUSY MAKING DHOL
নলবাৰীৰ দুই ভাতৃ ঢোল প্ৰস্তুত কৰাত ব্য়স্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 7, 2025 at 8:53 PM IST

3 Min Read

নলবাৰী : পদূলি মুখত চেনেহৰ ৰঙালী । ৰঙালী বিহুক ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ । তাঁতশালত নাচনীৰ বিহুৱান বোৱাৰ ব্যস্ততা । লগতে ঠায়ে ঠায়ে চলিছে বিহুৰ কৰ্মশালা । বিহুলৈ কেইদিনমান থকা অৱস্থাত অন্তহীন ব্যস্ত বিহুৰ সামগ্ৰী প্ৰস্তুত কৰা শিল্পীসকলৰ । ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো একেই পৰিৱেশ ।

বিহুৰ আখৰা,কৰ্মশালাত ঢোলৰ গুমগুমনি,নাচনীয়ে কঁকাল ভাঙিছে । সমান্তৰালভাৱে ঢোল প্ৰস্তুতকাৰী সকলেও চেও কোবাইছে ঢোলৰ গাত । এক অন্তহীন ব্যস্ত ঢোল প্ৰস্তুতকাৰীসকলৰ । নলবাৰীৰ দুই ভাতৃ ঢোল প্ৰস্তুত কৰাত ব্য়স্ত। মূৰ তুলি ঘুৰি চাবলৈও আহৰি নাই । নলবাৰী চহৰৰ মাজমজিয়াত ভট্ট দাস আৰু মনোজ দাস নামৰ দুই ভাতৃয়ে নিতৌ সাজি উলিয়াইছে সৰু, বৰ, মধ্য আকাৰৰ ঢোল ।

নলবাৰীৰ দুই ভাতৃ ঢোল প্ৰস্তুত কৰাত ব্য়স্ত (ETV Bharat Assam)

প্ৰতিবছৰৰ দৰে এইবাৰো তেওঁলোকে সাজি উলিয়াইছে ভিন্ন আকাৰৰ ঢোল । বৰপেটাৰ পৰা চামৰা আৰু নগাঁৱৰ পৰা ঢোলৰ ফ্ৰেম ক্ৰয় কৰি নলবাৰীত প্ৰস্তুত কৰি বিক্ৰী কৰিছে এই দুই ভাতৃয়ে । সৰুৰে পৰা পিতৃৰ এই বৃত্তিত নিয়োজিত ভক্ত দাস আৰু মনোজ দাস ।

পিতৃৰ বিয়োগৰ পিছত দুই ভাতৃয়ে মিলি ঢোলৰ সৰু দোকানখনেৰে চলাই গৈছে জীৱন সংগ্ৰাম । প্ৰাথমিক শিক্ষা অৰ্জন কৰিয়েই আনুষ্ঠানিক শিক্ষা সামৰি এই কৰ্মত নিয়োজিত হৈছিল দুই ভাতৃয়ে । তেতিয়াৰ পৰাই ৯০০ টকাৰ বৰ ঢোল বিক্ৰী কৰি আজি সেইটো ঢোল বিক্ৰী কৰি আহিছে ৬০০০ টকাৰ পৰা ১০ হাজাৰ টকাত ।

DHOL TRADERS BUSY MAKING DHOL
নলবাৰীৰ দুই ভাতৃ ঢোল প্ৰস্তুত কৰাত ব্য়স্ত (ETV Bharat Assam)

পিতৃৰ এনে কৰ্মত নিয়োজিত হ'বলৈ পাই যথেষ্ট সুখ অনুভৱ কৰে দুই ভাতৃয়ে । তেওঁলোকে ঢোল সাজি বিহুলৈ আশাৰে অপেক্ষা কৰি আছে যদিও পূৰ্বৰ দৰে বৰ্তমান গ্ৰাহকৰ কোনো সঁহাৰি লাভ কৰা । এটা ঢোল সাজোতে যিখিনি পৰিশ্ৰম সেই পৰিশ্ৰম অনুযায়ী চাহিদাও যথেষ্ট কম । বৰ্তমান তেওঁলোকে অৰ্ধ শতাধিক ঢোল বিহু কৰ্মশালাসমূহত বিক্ৰী কৰিছে বুলি কয় । বিহু আহি পালেহি যেতিয়া শেষ সময়লৈ গ্ৰাহকৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী দুই ভাতৃয়ে ।

দোকানখনত এজন কৰ্মচাৰীও নিয়োগ কৰিছে বুলি কয় ভক্ত দাসে কয়, "মই ঢোল প্ৰস্তুত কৰা কামত বহুদিনৰ পৰা জড়িত হৈ আছো । দেউতাৰ পৰা কাম শিকি এতিয়া চলাই আছো । বিহু আহিলে ব্য়স্ততা থাকে যদিও এইবাৰ পূৰ্বৰ তুলনাত কম । যিমান বিক্ৰী হ'ব লাগিছিল সিমান হোৱা নাই ।"

তেনেকৈয়েই বছৰটোৰ বাৰ মাহে এইখন ঢোলৰ দোকানেৰে পোহপাল দি আহিছে তেওঁলোকৰ পৰিয়ালক । উল্লেখ্য় যে তেওঁলোকে ঢোলৰ উপৰি তবলা, খোল, নাগাৰা আদিও প্ৰস্তুত কৰে । সেইসমূহৰ পৰাও তেওঁলোকে গ্ৰাহকৰ পৰা সমাদৰ লাভ কৰিছে ।

লগতে পঢ়ক:চৰম উপেক্ষা ! ৩৫ বছৰে বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা শিল্পীয়ে আজিও নাপালে চৰকাৰী স্বীকৃতি - MAKING FOLK INSTRUMENTS FOR BIHU

অভিনৱ প্ৰতিভাৰ দ্বাৰা নিজৰ নামটোক যৰ্থাথ কৰি তুলিছে এটি কিশোৰে - ABHINAV DUWERAH FOLK INSTRUMENTS

৫০ বছৰে কেৱল ঢোল-মাদলেই প্ৰস্তুত কৰি আহিছে দুই ভাতৃয়ে - DHOL TRADERS BUSY MAKING DHOL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.