মাতৃহাৰা দুই পুত্ৰই বগাসাজ পৰিধান কৰি আহিল ভোটগণনা কেন্দ্ৰলৈ
ভোটগণনাৰ দুটা দিন পূৰ্বে মাতৃৰ বিয়োগ । বুকুত মাতৃ বিয়োগৰ বেদনা লৈ ভোটগণনা কেন্দ্ৰত দুই ভাতৃ ।

Published : May 11, 2025 at 4:40 PM IST
নগাঁও: এফালে মাতৃ বিয়োগৰ বেদনা । আনফালে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা । জীৱনৰ এটা শোকাবহ মুহূৰ্তৰ মাজতো পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ লগতে ভোটগণনাৰ এজেন্ট হোৱা ভাতৃও তিলনীৰ দিনাই উপস্থিত থাকিবলগীয়া হ'ল ভোটগণনা কেন্দ্ৰত । মাতৃক হেৰুৱাই ভোটগণনা কেন্দ্ৰত উপস্থিত থকা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকী হৈছে জগদীশ লৌহাৰ ।
লগতে ভাতৃৰ কাষত থিয় দিছে জগদীশ লৌহাৰৰ ভাতৃ বিনয় লৌহাৰ । জগদীশ লৌহাৰ চাপনালা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । ভাতৃ বিনয় লৌহাৰ জগদীশ লৌহাৰৰ ভোটগণনা কেন্দ্ৰৰ এজেন্ট হিচাপে ভোটগণনাত উপস্থিত থাকিবলগীয়া হৈছে । মাতৃৰ বিয়োগৰ মাত্ৰ দুদিন পিছত, বুকুত অপৰিমেয় শোকৰ বোজা লৈ, এই দুই ভাতৃয়ে উপস্থিত হৈছে ২০২৫ চনৰ অসম পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কেন্দ্ৰত ।
এফালে মাতৃ হেৰুৱাৰ বেদনা, আনফালে গণতন্ত্ৰৰ প্ৰক্ৰিয়াৰ প্ৰতি দায়বদ্ধতা, নগাঁও জিলাৰ চাপনালাৰ এই দুই ভাতৃৰ বাবে ভোটগণনাৰ দিনটো যেন বুজাব নোৱাৰা এটা বেদনাৰ দিন । মাতৃৰ মৃত্যুৰ পিছতো পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ গুৰুত্ব উপলব্ধি কৰি দুয়োজনে ভোটগণনা কেন্দ্ৰত উপস্থিত থাকিবলগীয়া হৈছে ।
চাপনালা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা জগদীশ লৌহাৰ এগৰাকী সাধাৰণ লোক । স্থানীয় জনতাৰ সমস্যাৰ সমাধানৰ লক্ষ্যৰে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত ভোটগণনাৰ পূৰ্বে জগদীশ লৌহাৰৰ জীৱনলৈ নামি আহে অমানিশা ।
মাতৃ হেৰুৱাৰ শোকত ম্ৰিয়মান নিৰ্দলীয় প্ৰাৰ্থী জগদীশ লৌহাৰৰ এই সংকটৰ সময়ত সংগ দিছে নিজৰেই ভাতৃ বিনয় লৌহাৰে । জগদীশৰ কনিষ্ঠ ভাতৃ বিনয় লৌহাৰে ভোটগণনাৰ সময়ত এজেন্ট হিচাপে উপস্থিত থকাৰ লগতে ভাতৃক সাহস দিছে ।
ভোটগণনা সম্পন্ন কৰি সন্ধিয়া ঘৰলৈ গৈ মাতৃৰ তিলনী সম্পন্ন কৰিব বুলি জনায় জগদীশ লৌহাৰে । মাতৃৰ বিয়োগৰ বেদনা বুকুত লৈয়ো ভোটগণনাত উপস্থিত হোৱা ভাতৃৰ সাহস হিচাপে কনিষ্ঠ ভাতৃ বিনয় লৌহাৰে থিয় দি দেখুৱাইছে ভাতৃ প্ৰেম আৰু দায়িত্ব ।

