বাঁহগছত আশ্ৰয় লৈ থকা বগলীকেইটাও ৰক্ষা পৰা নাই
ডিব্ৰুগড়ত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ দুই পক্ষী নিধনকাৰী ।

Published : June 11, 2025 at 1:33 PM IST
ডিব্ৰুগড়: যান্ত্ৰিক হৈ পৰা পৃথিৱীৰ পৰা ক্ৰমাৎ হেৰাই গৈছে বগলী, কণামুচৰি, হাড়গিলা আদিৰ দৰে পূৰ্বে সহজে দেখিবলৈ পোৱা চৰাইবোৰ । ফলত আজিৰ প্ৰজন্মৰ বাবে এইসমূহ চৰাই অপৰিচিত । প্ৰকৃতিপ্ৰেমীসকলৰ দাবী- বাসস্থান কমি অহাৰ বাবে আজিৰ দিনত ক্ৰমাৎ হেৰাই গৈছে বগলী, কণামুচৰি, হাড়গিলা আদি । বহু প্ৰকৃতিপ্ৰেমীয়ে হেৰাই যাব খোজা পক্ষীকুলক সংৰক্ষণৰ বাবে বাসস্থানৰ ব্যৱস্থা কৰিছে, কিন্তু ইয়াৰ মাজতে একাংশ মানুহৰ কৰ্মকাণ্ডই চকু কঁপালত তুলিছে ।
গছত আশ্ৰয় লৈ থকা বগলী ধৰি ভক্ষণ কৰি অহা দুটা চৰাই চিকাৰী জালত পৰে বন বিভাগৰ । শনিবাৰে ডিব্ৰুগড়ৰ উপকণ্ঠ মানকটাত বিজয় মাঝি আৰু ৰাজেশ কৰ্মকাৰ নামৰ দুটা চৰাই চিকাৰীয়ে বাঁহগছৰ পৰা বগলী ধৰি নিধন কৰি থকা ভিডিঅ' ভাইৰেল হৈছিল সামাজিক মাধ্যমত । এই ঘটনা দেখি সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
সামাজিক মাধ্যমত বগলী নিধন কৰি থকা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই সোমবাৰে ধৃত চৰাই চিকাৰী বিজয় মাঝি আৰু ৰাজেশ কৰ্মকাৰক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড়ৰ বন বিভাগে গ্ৰেপ্তাৰ কৰে । ধৃত চিকাৰীকেইটাই দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত পক্ষী নিধন কৰি সেই মাংস নিজে ভক্ষণ কৰাৰ লগতে আনকো বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে ।
ডিব্ৰুগড়ত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত বন বিভাগে দুটা চৰাই চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে মঙলবাৰে ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকৰণৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সকলো কথা অৱগত কৰে ডি এফ অ' নন্ধা কুমাৰে ।
বন বিষয়াগৰাকীয়ে কয়,"দুজন মানুহে বাঁহগছৰ পৰা চৰাই ধৰিছিল । স্থানীয় ৰাইজে বগলী চৰাই বুলি কয় । চৰাই ধৰা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাত আমি বিষয়টো গম পাইছো । বিষয়টো আমি অৱগত হোৱাৰ পাছতে দুয়োজনক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে আদালতত হাজিৰ কৰা হৈছে । দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । তেওঁলোকে দীৰ্ঘদিনৰ পৰা চৰাই মাৰি খাই আহিছে বুলি জানিব পৰা গৈছে ।"
আনহাতে পক্ষী নিধন বন্ধ কৰিবলৈ গ্ৰাম্য অঞ্চলসমূহত সজাগতামূলক কাৰ্যসূচী বন বিভাগে গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে বন বিভাগৰ বিষয়াগৰাকীয়ে ।

