বিল খনন কৰি নতুন মাত্ৰা প্ৰদানৰ প্ৰয়াস কাজিৰঙা পৰ্যটনক
কাজিৰঙাৰ বিল হুকুমা আৰু কাজিৰঙা পুনৰ্জীৱিত হ’ব ৷ কাজিৰঙাৰ সামগ্ৰিক উন্নয়ন তথা জল পৰ্যটনৰ সম্ভাৱনা ।

Published : March 5, 2025 at 10:28 PM IST
কাজিৰঙা: জল পৰ্যটনৰে কাজিৰঙা পৰ্যটনক নতুন মাত্ৰা প্ৰদানৰ প্ৰয়াস কাজিৰঙাৰ বন কৰ্তৃপক্ষৰ ৷ বিল দুখন খননৰ ফলত অচিৰেই কাজিৰঙাত সংস্থাপিত হ’ব বহু নিবনুৱা ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণত থকা দুখন প্ৰাচীন বিল ক্ৰমে কাজিৰঙা আৰু হুকুমা ইতিমধ্যেই পোত গৈছে ৷ ইয়াক খননৰ জৰিয়তে জল সংৰক্ষণ কৰা তথা বিলৰ দুয়োপাৰৰ কাষৰীয়া ৰাইজৰ বাবে পৰিৱেশ বহনক্ষম উন্নয়নৰ হেতু মৎস্য পালন আৰু জৈৱিক কৃষি কাৰ্য এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে ৷
বিল দুখনৰ খননকাৰ্যৰ দ্বাৰা কাজিৰঙাৰ পাৰিপাৰ্শ্বিক তথা জলবায়ু পৰিৱৰ্তনক সুস্থ কৰি ৰাখিব পৰা যে যাব সেই সম্বন্ধেও নিশ্চিত হ’ব পৰা হৈছে ৷ বিল খননৰ যোগেদি থলুৱা নিবনুৱা সমস্যা কিছু পৰিমাণে হ’লেও হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ সমান্তৰালভাৱে বিল দুখনৰ খননৰ যোগেদি কাজিৰঙাৰ সামগ্ৰিক উন্নয়ন তথা জল পৰ্যটন আৰম্ভ কৰিব পৰা যাব ৷
NAFCC ৰ পুঁজিৰে বিলৰ পুনৰ্জ্জীৱনৰ ব্যৱস্থা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে কয়, ‘‘কাজিৰঙা আৰু হুকুমা বিল খননৰ জৰিয়তে পৰিৱেশ সুৰক্ষিত কৰা তথা স্থানীয় ৰাইজৰ উন্নয়নৰ হেতু ২০১৬ বৰ্ষতে নাবাৰ্ডৰ যোগেদি কাজিৰঙালৈ প্ৰায় চাৰে চাৰি কোটি টকা আৱণ্টন হয় ৷ কিন্তু বিভিন্ন কাৰণত বিল দুখনৰ পুনৰুজ্জীৱীতকৰণ সম্ভৱ হৈ উঠা নাছিল ৷ অৱশ্যে কাজিৰঙা বন বিভাগৰ পোনপটীয়া সহযোগিতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতিতন্ত্ৰক হানি নকৰাকৈ বিল দুখনৰ পানী সংৰক্ষণ আৰু বিলৰ দুয়োপাৰে বাস কৰা ৰাইজৰ বাবে পৰিবেশবহনক্ষম উন্নয়ন-জীৱিকা-সংস্থাপনৰ বাবে জল পৰ্যটনৰ উদ্দেশ্যত ৰূপায়িত এই প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ চিন্তা কৰা হৈছে’’ ।
তেওঁ লগতে কয়, "এইটো এটা ভাল প্ৰকল্প ৷ জলবায়ু পৰিৱৰ্তনৰ বাবে পৰিৱেশত পৰা প্ৰভাৱ ৰোধ কৰাৰ লগতে স্থানীয় ৰাইজক উপকৃত কৰাৰ উদ্দেশ্যত NAFCC ৰ পুঁজিৰ দ্বাৰা কাজিৰঙা আৰু হুকুমা বিলৰ পুনৰুজ্জীৱীতৰ ব্যৱস্থা কৰা হৈছে" ৷
কাজিৰঙাৰ সুৰক্ষাৰ বাবে খননৰ প্ৰয়োজন
কাজিৰঙা-হুকুমা বিল সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰাই কয়, "চৰকাৰী সিদ্ধান্তক আমি আদৰণি জনাইছো ৷ কাৰণ কাজিৰঙাৰ ভূ-গৰ্ভৰ জল সংৰক্ষণ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে এই দুয়োখনৰ খননৰ প্ৰয়োজন আছে ৷ কাৰ্বি আংলঙৰ পৰা বৈ অহা নৈ-জান-জুৰিৰ পানী কাজিৰঙা আৰু হুকুমা বিল হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিছিল ৷ দুয়োখন বিল পোত যোৱাৰ বাবে কাজিৰঙালৈ ভাবুকি আহি পৰিছিল ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে এই খনন কৰি বিল দুখনৰ পুনৰুজ্জীৱীতকৰণৰ বাবে লোৱা পদক্ষেপে ৰাষ্ট্ৰীয় উদ্যানত জল সংৰক্ষণৰ ব্যৱস্থা আৰু দাঁতিকাষৰীয়া ৰাইজৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব" ৷
কাজিৰঙা-হুকুমা বিল সমিতিৰ সম্পাদক বুবুল শৰ্মাই কয়, "অতিকৈ ভাল খবৰ যে কাজিৰঙাৰ দুখন প্ৰাচীন বিল হুকুমা আৰু কাজিৰঙা পুনৰুজ্জীৱীত হ’ব ৷ ৰাইজৰ পৰামৰ্শ লৈ তাৰ বাবে আমি আগবাঢ়িছো ৷ আমি জানো যে এই বিল দুখনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা সম্পৰ্ক আছে ৷ এই খননে কাজিৰঙা আৰু হুকুমা বিলৰ পৰা হেৰাই থলুৱা মাছৰ প্ৰজনন ক্ষেত্ৰ পুনৰ উজ্জীৱিত হ’ব ৷ তদুপৰি, এই দুই বিলৰ খননৰ দ্বাৰা কাজিৰঙাত জল পৰ্যটন আৰম্ভ হ’ব" ৷
গুৰুত্বপূৰ্ণ কথাটো হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ বাহিৰত থকা এই বিল দুখনত দক্ষিণ দিশৰ পৰা কেইবাটাও পাহাৰীয়া জুৰি যেনে- নিজৰি, লহৰজুৰি, বগৰীজুৰি, কঁহৰা নদী সংযোগ হৈ পুনৰ কঁহৰা নদী আৰু বৰজানেৰে বিলৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত অৱস্থিত উত্তৰ দিশৰ ৰাষ্ট্ৰীয় উদ্যানৰ শিঙিমাৰীত পৰি উদ্যানৰ ভিতৰৰ মৰি ডিফলুত লাগিছে ৷
ইপিনে, কাজিৰঙা-হুকুমা বিল দুখন জনসংখ্যা বৃদ্ধি, বেদখল, বাম হৈ পোত খাই মৃতপ্ৰায় হ'ল ৷ আনকি বিল দুখনলৈ অহা সকলো পানীৰ উৎস বাধাগ্ৰস্ত হৈছে ৷ কিন্তু বিল দুখন মৃতপ্ৰায় অৱস্থা হোৱাৰ বাবে বাৰিষাত প্ৰবল বান আৰু খৰাঙত বিলত পানী নথকাৰ বাবে শ শ বিঘা মাটিত (শালি, বৰো) কৃষি কাৰ্য কৰিব নোৱাৰা হ'ল ৷
বিল দুখনৰ পৰা সংখ্যাগৰিষ্ঠ মানুহে মাছ মাৰি খাবলৈ পানী আৰু মাছ নোহোৱা হ'ল ৷ বিল দুখনলৈ মানুহৰ পোহনীয়া গৰু, ম'হ চৰিবলৈ আহে ৷ কিন্তু বিল দুখন পোত খাই অহাৰ বাবে ঘাঁহ-বনতকৈ অপতৃণই গ্ৰাস কৰিছে ৷ তদুপৰি কঁহৰা নদীত অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা শ্লুইছ গেটে কঁহৰা নদীখন প্ৰদূষিত কৰিছে ৷ সেই হেতুকে জল সংৰক্ষণ আৰু থলুৱা মানুহৰ আৰ্থিক বিকাশ আৰু বিল দুখন ৰাইজৰ বাবে সংৰক্ষিত কৰাৰ উদ্দেশ্যৰে ইতিমধ্যেই বিল দুখনৰ চৰকাৰী সীমা উলিওৱা হৈছে ৷
তদুপৰি, পৰৱৰ্তী সময়ত খননৰ জৰিয়তে বহল আৰু গভীৰ(দ) কৰাৰ পৰিকল্পনা কৰা হৈছিল ৷ এইক্ষেত্ৰত কোনো ব্যক্তিৰ ম্যাদী মাটিৰ এক ইঞ্চিও স্পৰ্শ নকৰাৰ পৰিকল্পনা কৰা হৈছে ৷ একাংশ ৰাইজে ভবাৰ দৰে বিল দুখন বন বিভাগে লৈ নলয়, বিপৰীতে বিল দুখন ৰাইজৰ অধীনতে থাকিব বুলি বিগত সময়ত প্ৰশাসনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷
আনহাতে, দুখন বিল হুকুমা আৰু কাজিৰঙা বিলক পুনৰুজ্জীৱীতকৰণৰ বাবে শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালকে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে ৷ কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত সভাখনিত কাজিৰঙা-হুকুমা বিল সমিতিৰ লগতে বিভিন্নজন স্থানীয় লোক উপস্থিত থাকে ৷

