ETV Bharat / state

সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ

২০ ফেব্ৰুৱাৰীত ৰূপহীহাটৰ নতুন বজাৰত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনক ৷

RAKIBUL HUSSAIN ATTACK ACCUSED ARRESTED
সাংসদ ৰকিবুল হুছেইনক আক্ৰমণত জড়িত অভিযুক্তক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 10:08 PM IST

3 Min Read
Choose ETV Bharat

চামগুৰি: চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ লগতে পুত্ৰ তানজিল হুছেইন আৰু দুজনকৈ দেহৰক্ষীক আক্ৰমণ কৰা ঘটনাত জড়িত দুই অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল নগাঁও আৰক্ষী । দেওবাৰে বিয়লি নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে ৰূপহীহাটৰ তামুলীটুপৰ বছিৰ উদ্দিন আৰু ৰৌমাৰীৰ আব্দুল খালেক নামৰ দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

বিগত ২০ ফেব্ৰুৱাৰীত ৰূপহীহাটৰ নতুন বজাৰত সাংসদ ৰকিবুল হুছেইন,পুত্ৰ তানজিল হুছেইনসহ দুজন নিৰাপত্তাৰক্ষীক মুখত ক'লা কাপোৰ পৰিহিত দুৰ্বৃত্তৰ এটা দলে দলবদ্ধভাৱে আক্ৰমণ কৰিছিল । সাংসদগৰাকীক আক্ৰমণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ বাবে দেহৰক্ষী দুজনক দুৰ্বৃত্তৰ দলটোৱে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল । দেহৰক্ষীয়ে মাফিয়া কায়দাৰে আক্ৰমণ কৰা দুৰ্বৃত্তৰ দলটোক খেদি পঠিওৱাৰ বাবে শুন্যলৈ গুলীচালনা কৰাত দুই-তিনিটা দুৰ্ধৰ্ষ অভিযুক্তই নিৰাপত্তাৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি নিয়াৰো চেষ্টা কৰিছিল ।

নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা (ETV Bharat Assam)

এগৰাকী সাংসদ আৰু তেওঁৰ দুজন দেহৰক্ষীক দিনৰ পোহৰত ৰাজ্যিক ঘাইপথত দৌৰাই দৌৰাই আক্ৰমণ কৰা ঘটনাই ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছত অৱশেষত দুজনকৈ অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । ৰূপহীহাট আৰক্ষীয়ে উক্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ন্যায় সংহিতাৰ ১৮৯(১)/ ১৮৯(২)/১৯০/ ১২৬(২)/১২১(২)/১১৭(২) আৰু ১৩২ ধাৰাৰ অধীনত ৬৭/২০২৫ নম্বৰত এক গোচৰ ৰুজু কৰিছিল ।

RAKIBUL HUSSAIN ATTACK ACCUSED ARRESTED
ৰকিবুল হুছেইনক আক্ৰমণত জড়িত অভিযুক্ত (ETV Bharat Assam)

সাংসদগৰাকীয়ে মাত্ৰ ১০ জন অভিযুক্তৰ নাম ৰাজ্য চৰকাৰে প্ৰকাশ কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কেইবাজনো মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া বুলি গুৰুতৰ অভিযোগ তুলি নগাঁও সদৰ থানাত ২২ জন লোকক অভিযুক্ত কৰি আন এটা গোচৰ ৰুজু কৰিছিল । নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত ৰূপহীহাটৰ বিভিন্ন স্থানত অভিযুক্তৰ সন্ধানত অভিযান চলাই যদিও আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । অভিযুক্তক কঠোৰ শাস্তি দিয়াৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ কৰ্মী সমৰ্থকে গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচীও ।

RAKIBUL HUSSAIN ATTACK ACCUSED ARRESTED
ৰকিবুল হুছেইনক আক্ৰমণত জড়িত অভিযুক্ত (ETV Bharat Assam)

কি কয় আৰক্ষী অধীক্ষকে ?

ইপিনে, দেওবাৰে ৰূপহীহাট আৰক্ষীয়ে সাংসদ ৰকিবুল হুছেইনৰ লগতে দেহৰক্ষীক আক্ৰমণ কৰা দুই অভিযুক্তক কৰায়ত্ব কৰাৰ পাছতেই ৰূপহীহাট আৰক্ষী থানাত সন্ধিয়া উপস্থিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা । আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ এজনো দোষীয়ে ৰেহাই নাপায় বুলি মন্তব্য কৰি কয়, " এই ঘটনাত তদন্তৰ ভিত্তিত আজি আমি দুজনক কৰায়ত্ব কৰো । এই দুজনৰ নাম বছিৰ উদ্দিন আৰু আব্দুল খালেক । দুয়োকে নগাঁও আৰু ৰূপহীৰ ঘটনাত গ্ৰেপ্তাৰ কৰিম । ঘটনাৰ ভিডিঅ' ফুটেজ তন্ন তন্নকৈ পৰীক্ষা কৰি থকা হৈছে ।"

লগতে পঢ়ক:মোক জীৱন্তে মাৰি পেলাব বিচাৰিছে : ৰকিবুল হুছেইন - MP RAKIBUL HUSSAIN ATTACK

সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা: ব্যাপক প্ৰতিক্ৰিয়া - MP RAKIBUL HUSSAIN ATTACK