গুৱাহাটী: দীঘলীপুখুৰী-নুনমাটি সংযোগী ফ’ৰলেনযুক্ত উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা এটা নিৰ্দেশনাৰ বাবে গুৱাহাটী ক্লাব, আমবাৰী, দীঘলীপুখুৰীপাৰ আদি অঞ্চলত পুনৰ এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ যোৱা ২ এপ্ৰিলৰ এল এ কেছ নং ৬/২০২৫/৮১৩ নম্বৰৰ জাননীখনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ বাসিন্দাসকলে নিজৰ মাটি হেৰুওৱাৰ উপক্ৰম হৈছে ।

লগতে এই অঞ্চলটোৰ পথৰ দাঁতিত থকা বহুত কেইডাল বহুত পুৰণি গছ কটা যাব । এই প্রাচীন গছকেইডাল বচাবলৈ আগবাঢ়ি আহি বহু লোকে উক্ত স্থানত বেনাৰ, প'ষ্টাৰ আঁৰি দিয়া দেখা গৈছে ।
গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আৰম্ভ কৰি অগপ কাৰ্যালয়লৈকে পথৰ দাঁতিৰ গছৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান, অট্টালিকা আদিৰ চৌহদৰ দেৱালত ‘এজোপা গছ কাটি তোমাৰ ভৱিষ্যৎ নাকাটিবা, গছবোৰ পৃথিৱীৰ হাওঁফাওঁ পৃথিৱীক শ্বাসৰুদ্ধ নকৰিব, বন ধ্বংস-ধ্বংস নিজৰ, বনাঞ্চল ৰক্ষা কৰা, তোমাৰ ল'ৰা-ছোৱালীয়ে তোমাক ধন্যবাদ দিব, গছ হ'ল প্ৰকৃতিৰ দ্বাৰা লিখা কবিতা-মচি নিদিবা, নীৰৱে গছবোৰে চিঞৰিছে-তুমি শুনি আছানে, অৰণ্য নাই মানে প্রাণ নাই' আদি শ্ল'গান লিখা বেনাৰ প'ষ্টাৰ আঁৰি দি প্ৰতীকী প্ৰতিবাদ কৰা দেখা গৈছে ।
কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱন স্বাক্ষৰিত জাননীখনত উৰণসেতুৰ নিৰ্মাণকাৰ্যৰ বাবে ৩ নং ভূমিৰ প্ৰয়োজন হোৱা বুলি কোৱা হৈছে । সেই অনুসৰি অসম ভূমি অধিগ্রহণ আদি আইন ১৯৬৪ ৰ অধীনত এই জাননী জাৰি কৰা হৈছে । যোৱা ২ এপ্ৰিলত আমবাৰী, দীঘলীপুখুৰীপাৰ, গুৱাহাটী ক্লাবৰ ১২ টা পৰিয়ালসহ অসম গণ পৰিষদৰ কাৰ্যাললৈ এই জাননী জাৰি কৰা হৈছিল । গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে লোকনিৰ্মাণ বিভাগক ভূমি হস্তান্তৰ কৰিবলৈ জাননীখনত কোৱা হৈছে ।
এই জাননীৰ পিছতে জাননী লাভ কৰা পৰিয়ালসমূহ এতিয়া বিপাঙত পৰিছে । এই সন্দৰ্ভত অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়, ‘‘এতিয়ালৈকে আমি আনুষ্ঠানিকভাৱে কোনো জাননী লাভ কৰা নাই । আমি জনাত এই উৰণসেতু নিৰ্মাণৰ বাবে অগপ কাৰ্যালয়টো ভঙা নাযাব । কিন্তু উৰণসেতু নিৰ্মাণৰ বাবে যিকেইডাল গছ কটা যাব বুলি জানিব পাৰিছো, সেইকেইডাল ৰক্ষা কৰাৰ বাবে আমি জিলা প্ৰশাসনক আবেদন জনাম । উৰণসেতু নিৰ্মাণ কৰাৰ বাবে কোনো গছ কটা যোৱাটো আমি নিবিচাৰো । এইক্ষেত্ৰত আমি জিলা প্ৰশাসনৰ লগত আলোচনাত মিলিত হৈ ইয়াৰ এক ইতিবাচক সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা কৰিম ।"
উল্লেখ্য যে, গুৱাহাটীৰ দীঘলীপুখুৰী পাৰ-নুনমাটি সংযোগী উৰণ সেতু নিৰ্মাণৰ আৰম্ভণিতে লোকনির্মাণ বিভাগে দীঘলীপুখুৰীৰ পাৰৰ বহুত কেইজোপা অতি পুৰণি কটাৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ লগতে গুৱাহাটীৰ বহুত সচেতন ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰ পিছত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰী পাৰৰ বিপৰীতে সেতুখন আমবাৰীৰ লেম্ব ৰোডত আৰম্ভ হ'ব বুলি ঘোষণা কৰিছিল ।
লগতে পঢ়ক: সোণাপুৰৰ পৰা খানাপাৰালৈ ভয়ংকৰ যান-জঁট: যাত্ৰীৰ বিলৈ