ETV Bharat / state

বিগত এটা দশক ধৰি ড্ৰাগছৰ বিৰুদ্ধে অবিৰত সংগ্ৰামৰ নায়ক; কিন্তুৰ তেওঁৰ কথা কিমানে জানে ! - JORHAT DRUGS SMUGGLING

ড্ৰাগছৰ বিৰুদ্ধে অকলে এটা দশক সংগ্ৰাম চলাই থকা তুষাৰ পাল আজি হতাশ যোৰহাটকাণ্ডক লৈ । চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

Tushar Pal, who is fighting alone against drugs, reacts to Jorhat incident
যোৰহাট কাণ্ডক লৈ হতাশ শৰীৰ চৰ্চাবিদ তুষাৰ পাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 3:54 PM IST

3 Min Read

টীয়ক: যোৰহাটত অবাধে ড্ৰাগছৰ প্ৰচলনৰ ফলত নিৰীহ যুৱকৰ মৃত্যু হোৱা ঘটনাৰ পাছতে সমগ্ৰ জিলাখনতে ড্ৰাগছৰ বিৰুদ্ধে জনতা তথা প্ৰশাসন তৎপৰ হৈ পৰিছে । ইতিমধ্যে যোৰহাট সমষ্টিৰ বিধায়কগৰাকী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশনা দিছে । বৃহস্পতিবাৰে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাটত অবাধে ড্ৰাগছ প্ৰচলনৰ বিষয়টোত কিছু মাহৰ পূৰ্বেহে অৱগত হৈছে বুলি মন্তব্য কৰে । যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টীয়ক চেলেংহাটৰ নিচামুক্তি অভিযান অসমৰ প্ৰচাৰক তথা শৰীৰ চৰ্চাবিদ তুষাৰ পালে ।

যোৱা এটা দশকে এককভাৱে সমগ্ৰ অসমতে নিজা খৰচত এইগৰাকী ব্যক্তিয়ে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰাম চলাই আহিছে । কিন্তু বৰ্তমানৰ এই পৰিস্থিতি সন্দৰ্ভত তেওঁ কয়,"২০১৭ চনতে সেই সময়ৰ অসম বিধানসভাৰ অধ্যক্ষ বৰ্তমান যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীক প্ৰায় ২০,০০০ গণস্বাক্ষৰ সম্বলিত ড্ৰাগছৰ প্ৰচলন বন্ধৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু অধ্যক্ষগৰাকীয়েও ইয়াৰ ওপৰত উচিত ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস দিছিল, কিন্তু একো নকৰিলে ।"

যোৰহাট কাণ্ডক লৈ হতাশ শৰীৰ চৰ্চাবিদ তুষাৰ পাল (ETV Bharat Assam)

তেওঁ লগতে কয়,"পৰৱৰ্তী সময়ত ইয়াৰ কোনো সদুত্তৰ নাপাই পুনৰ দেশৰ প্ৰধানমন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ আৰু উক্ত স্মাৰক পত্ৰৰ প্ৰত্যুত্তৰো পাইছিলো যদিও কাৰ্যতঃ কোনোও একো পদক্ষেপ গ্ৰহণ নকৰিলে চৰকাৰে । সেয়ে চৰকাৰ তথা প্ৰশাসনলৈ বাট নাচাই মই নিজৰ সামান্য কষ্টোপাৰ্জিত ধনেৰে তেতিয়াৰ পৰা আজি পৰ্যন্ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবলৈ তথা নিজৰ সামাজিক দ্বায়বদ্ধতা অনুভৱ কৰি কেইবাখনো চুটি ছবি, কিতাপ প্ৰকাশ কৰি বিদ্যালয় মহাবিদ্যালয়ত প্ৰদৰ্শন আৰু বিভিন্ন গ্ৰামাঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰি আছো ।"

যোৰহাটত সংঘটিত ঘটনাৰ পাছতে পুনৰ চৰকাৰ তথা জিলা প্ৰশাসনৰ প্ৰতি ক্ষোভ উজাৰি তেওঁ কয়,"মোৰ দৰে বহু সাধাৰণ মানুহে সমাজৰ বাবে কাম কৰি আছে । কিন্তু আমাৰ নামৰ আগত বা পাছত বিশেষ একো বিশেষণ নাই বাবে চৰকাৰ প্ৰশাসনে আমাক গুৰুত্ব নিদিয়ে, স্বীকৃতি নিদিয়ে বা আমাৰ কথাই গুৰুত্ব নাপায় । যদি সময়ত আমাৰ এইবোৰ পদক্ষেপৰ প্ৰতি চৰকাৰ প্ৰশাসনে সঁহাৰি জনালেহেতেন তেন্তে এনে পৰিস্থিতিৰ সৃষ্টি নহ'লহেতেন । এতিয়াও সময় আছে, আমাৰ দৰে বিনা স্বাৰ্থত সমাজৰ হকে কাম কৰা ব্যক্তিসকলক লগত লৈ সমাজৰ পৰা এই ড্ৰাগছৰ ধৰি নিচাযুক্ত সামগ্ৰী নিবাৰণৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসন সষ্টম হ'ব লাগে নহ'লে উত্তৰ প্ৰজন্ম ধ্বংস হৈ যাব ।"

উল্লেখযোগ্য যে তুষাৰ পাল পেচাগতভাৱে এগৰাকী ক্ষুদ্ৰ চাহ ব্যৱসায়ী যি বিগত বছৰ সমূহত নৱ প্ৰজন্মৰ উত্তৰণ অৰ্থে নিজৰ ঘৰতে চেলেংহাট হেল্থ ক্লাৱ নামে এটা শৰীৰ চৰ্চা কেন্দ্ৰ স্থাপন কৰি যুৱপ্ৰজন্মক শাৰীৰিক শিক্ষা, যোগ শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ বিভিন্ন সময়ত আৰ্তজনক কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াই মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে ।

লগতে পঢ়ক: কালিকা লাগিছে যোৰহাটত ! বেদাংগৰ পিছত এইবাৰ ৰাস্তাত আগচি আৰু এজনক হত্যা - JORHAT GANG ATTACK

ড্ৰাগছৰ বিৰুদ্ধে যোৰহাটত ১২০ টা গোচৰ: নিৰীহ যুৱকক হত্যা কৰাৰ অভিযোগত অভিযুক্তলৈ আৰক্ষীৰ গুলী - MURDER IN JORHAT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.