ETV Bharat / state

কলীয়াভোমোৰা সেতুৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

কলীয়াভোমোৰা সেতুৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল এখন তীব্ৰবেগী ট্ৰাক । চালকৰ মৃত্যুৰ সন্দেহ ।

Truck accident
কলীয়াভোমোৰা সেতুৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 15, 2025 at 8:11 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : শোণিতপুৰ জিলাৰ তেজপুৰত থকা কলীয়াভোমোৰা সেতুত ভয়ংকৰ দুৰ্ঘটনা । পুৰণি কলীয়াভোমোৰা সেতুৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক । তেজপুৰ দিশৰ পৰা নগাঁও দিশলৈ গৈ আছিল ট্ৰাকখন । সেতুৰ সোফালৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰে ট্ৰাকখন । পানীত পৰি ট্ৰাকখন দুটা ভাগত বিভক্ত হৈ পৰে । এই দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

জানিব পৰা মতে, স্থানীয় লোকে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে । ইফালে ট্ৰাকখনৰ চালক সন্ধানহীন হৈ আছে । চালকসহ ট্ৰাকখনত কিমানজন লোক আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । আনহাতে ট্ৰাকখন খালী আছিল নে সামগ্ৰী আছিল সেয়াও জানিব পৰা হোৱা নাই ।

কলীয়াভোমোৰা সেতুৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক (ETV Bharat)

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লয় । তেওঁ কয়, "ইয়াৰ আগতেও এনেধৰণৰ ঘটনা হৈছিল, কিন্তু আগতে এখনেই দলং আছিল । এতিয়া দুখন দলং হ'ল । এতিয়া মুকলি হৈ আছে । কেনেদৰে ট্ৰাকখন পৰিল আমি ক'ব নোৱাৰো । এনেধৰণৰ ঘটনা ভৱিষ্যতে নহওঁক সেইটোৱে আশা কৰিছো । মই ভাবো এনেধৰণৰ দীঘল দলঙত এটা স্পীড লিমিট থাকিব লাগে । এনেধৰণৰ ব্যৱস্থা কৰিলে দুৰ্ঘটনা কমি যাব ।"

Truck accident
কলীয়াভোমোৰা সেতুৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক (ETV Bharat)

ইফালে দুৰ্ঘটনা সন্দৰ্ভত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে কয়, "এছডিআৰএফ আৰু এনডিআৰএফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ইতিমধ্যে উদ্ধাৰকাৰী দলে এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এই মুহূৰ্তলৈ চিনাক্তকৰণ কৰা হোৱা নাই ।"

উল্লেখ্য যে, বিগত সময়ছোৱাত ২০১১ আৰু তাৰ পৰৱৰ্তী ২০২১ বৰ্ষত এই সেতুত এনেধৰণৰ ট্ৰাক দুৰ্ঘটনা সংঘটিত হৈছিল । কিছুদিন পূৰ্বে আৰু এখন ট্ৰাক দলঙৰ ওপৰত দুৰ্ঘটনা সংঘটিত হৈ ওলমি আছিল ।

লগতে পঢ়ক :কম সাংঘাতিক নে ! ঘটিৰাম-বাটিৰামৰ নহয়, মন্ত্ৰীৰ ঘৰতে চকু পৰিল গভাইত চোৰৰ - THEFT IN GUWAHATI