তেজপুৰ: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু তেওঁৰ কেবিনেটে ৰাজ্যখনৰ ভাৰত-চীন সীমান্তৰ পূব প্ৰান্তৰ ৱালঙত আজি (মঙলবাৰ) ত্ৰিৰংগা যাত্ৰা কৰে । ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ ঘোষণাৰ পিছতে বিজেপিয়ে সমগ্ৰ দেশতে আজিৰে পৰা ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছে । ভাৰত-চীন যুদ্ধৰ প্ৰতীক হৈছে ৱালং । এই ত্ৰিৰংগা যাত্ৰাৰ উদ্দেশ্য হৈছে দেশৰ সেনা বাহিনীৰ মনোবল বৃদ্ধিৰ লগতে সেনাৰ শৌর্য্য আৰু পৰাক্ৰমক স্বীকৃতি প্ৰদান কৰা ।
পহলগাম ঘটনাৰ পাছত ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ হিচাবে পাকিস্তানৰ ঘাটিত থকা ৯ ঠাইত ২১ টা উগ্ৰপন্থী ঘাটি ধ্বংস কৰাৰ লগতে উগ্ৰপন্থীৰ ৰক্ষণাবেক্ষণৰ ভঁৰাল পাকিস্তানক এক উপযুক্ত শিক্ষা দিয়া ভাৰতীয় সেনাৰ হৈ বিজেপিয়ে এই ত্ৰিৰংগা যাত্ৰা আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ কৰে । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সদস্য়সকলৰ সৈতে পূব প্ৰান্তত থকা ভাৰত-চীন সীমান্তৱৰ্তী আঞ্জাও জিলাৰ ৱালঙলৈ স্থানীয় লোকৰ সৈতে এই ত্ৰিৰংগা যাত্ৰা কৰে ।

এই যাত্ৰাত ভাৰতীয় সেনায়ো সহযোগ কৰে বুলি খাণ্ডুয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে । খাণ্ডু আৰু উপ-মুখ্যমন্ত্ৰী চৌনা মিনসহ কেবিনেটেৰ দল আৰু ৱালঙৰ স্থানীয় লোকৰ সহযোগিতাত সেনাৰ লগতে ভাৰতীয় সেনাৰ ১৯৬২ৰ যুদ্ধ স্মাৰক ৱালঙত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৱালং যুদ্ধ স্মাৰক হৈছে ভাৰত-চীন যুদ্ধৰ প্ৰতীক । ভাৰতীয় সেনাই এই যুদ্ধত পৰাক্ৰমৰে শত্ৰুপক্ষৰ লগত যুঁজি দেশৰ বাবে প্ৰাণ আহুতি দিছিল । ১৯৬২ চনৰ চীনা যুদ্ধৰ অন্য এক স্থান হৈছে পূব অৰুণাচল প্ৰদেশৰ ৱালং । এই স্থানৰ তিনিটা প্ৰধান ঘাটি হৈছে হেমলেট টপ, নামতি যুদ্ধ স্থলী আৰু ৱালং হৈছে মধ্যস্থানত ।

ভাৰত-চীন সীমান্ত ৱালঙৰ পৰা কিবেটুলৈ ২০ কিলোমিটাৰ দূৰত্ব । ভাৰত-চীন যুদ্ধৰ বাবে ৱালং ঠাইখন গুৰুত্বপূৰ্ণ স্থান হিচাবে বিবেচিত হৈ আছে । ৬৩ বছৰ পূৰ্বে ১৯৬২ চনত চীন-ভাৰত যুদ্ধ মূলতঃ সীমা বিবাদক লৈ হৈছিল । সেই সময়ত ভাৰতীয় সেনাৰ অষ্টম পদাতিক বিভাগৰ অন্যতম স্থান আছিল ৱালং । পৰৱৰ্তী সময়ত ২০২১ চনত এই ৱালং যুদ্ধৰ বীৰ সৈনিকসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় ।

যুদ্ধৰ সময়ত আঞ্জাও জিলাৰ ৱালং অঞ্চলকে ধৰি পূব অৰুণাচল ৰক্ষাৰ দায়িত্ব ভাৰতীয় সেনা বাহিনীক দিয়া হৈছিল আৰু বৰ্তমান সেনাৰ তৃতীয় কৰ্পছৰ অধীনত । যুদ্ধৰ সময়ত ৱালং চীনা সৈন্যৰ দখলত পৰে যদিও ১৯৬২ চনৰ নৱেম্বৰত সামগ্ৰিক যুদ্ধবিৰতি আৰু সেনা প্ৰত্যাহাৰৰ চুক্তি হোৱাৰ পূৰ্বে ভাৰতীয় বাহিনীয়ে কিছুমান বিশেষ স্থানত প্ৰতিৰোধ কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল ।
লগতে পঢ়ক: আদমপুৰ বিমান ঘাটিত প্ৰধানমন্ত্ৰী: বায়ুযোদ্ধাৰ সাহসিকতাক চালাম মোদীৰ