মৰিগাঁও: এখন বিশেষ গাঁও । এই গাঁওখনৰ অধিকাংশ লোকেই বাঁহী প্ৰস্তুত কৰাত ব্য়স্ত । কেবল ৰঙালী বিহুতেই নহয়, বছৰটোৰ অধিকাংশ সময়তেই গাঁৱৰ লোকসকল ব্য়স্ত থাকে বাঁহী প্ৰস্তুত কৰাত । জীৱন-জীৱিকাৰ একমাত্ৰ সম্বল বাঁহীটোৱেই । আধুনিকতাৰ ধামখুমিয়াৰ মাজতো তেওঁলোকে এৰা নাই আজোককাৰ বৃত্তিটো । আপুনি জানেনে ক'ত আছে এই গাঁওখন ?
বাঁহীৰ শব্দত সাৰ পোৱা মৰিগাঁৱৰ এখন গাঁও । এই গাঁওখনৰ লোকসকলে বাঁহীৰ সৈতে গঢ়ি তুলিছে এক এৰাব নোৱৰা সম্পৰ্ক । একমাত্ৰ বাঁহী প্ৰস্তুত কৰি উপাৰ্জনৰ পথ মোকোলাইছে গাঁওখনৰ লোকসকলে ।
প্ৰত্য়াহ্বানৰ মাজতো এই বৃত্তিটো জীয়াই ৰাখিবলৈ গাঁওখনৰ লোকসকল বদ্ধপৰিকৰ । সবাটোকৈ লক্ষণীয় বিষয়টো হৈছে যে গাঁওখনৰ নৱপ্ৰজন্মও এই বৃত্তিটোৰ সৈতে জড়িত হৈ পৰিছে । প্ৰায় তিনি পুৰুষৰ পৰা কৰি আহিছে তেওঁলোকে এই কাম ৷
অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু সমাগত । অসমবাসী এতিয়া ব্যস্ত ৰঙালীক আদৰিবলৈ । কোনোবা যদি ব্যস্ত তাঁতশালত, আন কোনোবা ব্যস্ত বিহুৰ বাদ্যযন্ত্ৰ বনোৱাত । কিন্তু বাঁহীৰ মাত নহ'লে জানো বিহু হ'ব পাৰে ? বাঁহী অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য আৰু থলুৱা বাদ্যযন্ত্ৰ । আমাৰ এই প্ৰতিবেদন বিহুৰ সৈতে সংগতি ৰাখি বিশেষ গাঁওখনৰ একমাত্ৰ উপাৰ্জনৰ আহিলাৰ ওপৰত প্ৰস্তুত কৰা হৈছে ।

এই গাঁওখন হৈছে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত ত্ৰিপুৰা সাতসৰা বস্তি । এই গাঁওখনত ৫০ টা পৰিয়ালৰ ৪০টা পৰিয়ালেই এই শিল্পৰ সৈতে জড়িত হৈ আছে । বিহু আহিলেই তেওঁলোকৰ ওঠত হাঁহি বিৰিঙে ।
কাৰণ এইসকল লোকে প্ৰস্তুত কৰা বাঁহী ৰপ্তানি হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ । কেৱল বিহুৱেই নহয় পূজা, ৰাস, বিভিন্ন মেলা আদিত সকলোৱে ক্ৰয় কৰা ৰং-বিৰঙৰ বাঁহীবোৰৰ অধিকাংশই যায় এই গাঁওখনৰ পৰাই । পৰিয়ালৰ পিতৃ-মাতৃৰ লগতে তেওঁলোকৰ সন্তান সকলো পুৱা হোৱাৰ লগে লগে ব্যস্ত হৈ পৰে বাঁহী প্ৰস্তুত কৰাত ।

ত্ৰিপুৰা সাতসৰা বস্তি কিয় হ'ল ?
এই গাঁওখনৰ নামৰ সৈতে জড়িত হৈ আছে সাতভনীৰ অন্য়তম ৰাজ্য় ত্ৰিপুৰা । আজিৰ পৰা প্ৰায় চাৰি-পাঁচ দশক পূৰ্বে ত্ৰিপুৰাৰ পৰা অহা একাংশ লোকে এই গাঁওখনত বসতি স্থাপন কৰি বাঁহী প্ৰস্তুত কৰাত ব্য়স্ত হৈ পৰিছিল । পৰৱৰ্তী সময়ত এই গাঁওখনৰ প্ৰায়ভাগ পৰিয়ালেই বাঁহী শিল্পৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে ।

কেতিয়াৰ পৰা এই গাঁওখনত বাঁহী প্ৰস্তুত কৰি অহা হৈছে সেয়া সঠিকভাৱে ক'ব পৰা নাযায় যদিও বিগত ৪০-৫০ বছৰ ধৰি এই গাঁওবাসীয়ে প্ৰস্তুত হৈ আহিছে বাঁহী । বাঁহী প্ৰস্তুত কৰাত ব্যস্ত প্ৰতিমা ভৌমিক নামৰ মহিলাগৰাকীয়ে এই সন্দৰ্ভত কয়, "বহু বছৰ পূৰ্বে ত্ৰিপুৰাৰ আগৰতলাৰ পৰা এই গাঁওখনলৈ কেইজনমান লোক আহিছিলে । তেওঁলোকে আহি ইয়াত বাঁহী বনাইছিল আৰু এনেদৰে তেওঁলোকৰ নাতি-পুতি আদিকে ধৰি বৰ্তমান ৫০ টাকৈ পৰিয়াল বসবাস কৰে গাঁওখনত ।"
এই মহিলাগৰাকীয়ে লগতে আৰু কয়, "আমাৰ মাটি-বাৰী নাই । আমি বাঁহী বনাই পৰিয়ালটো চলাই আছো । দুৰ্গা পূজাৰ সময়ৰ পৰাই বাঁহী প্ৰস্তুত কৰা কাম আৰম্ভ কৰো । বিশেষকৈ ৰাস আৰু বিহুৰ সময়ত বাঁহীৰ অধিক বেচা-কিনা হয় ।"

মাহিলী কিমান উপাৰ্জন কৰে ?
এই লোকসকলে বাঁহী প্ৰস্তুত কৰি প্ৰতিমাহে ১০ হাজাৰ পৰ্যন্ত উপাৰ্জন কৰে । বাঁহীৰ বাবে বাঁহবোৰ আহে পাহাৰৰ পৰা । পাহাৰৰ লোকসকলে বাঁহ দি বিনিময় কৰে বাঁহী । কিছুমানে আকৌ এই বাঁহৰ বিনিময়ত শাক-পাচলি নিয়ে । আন এজন শিল্পী বকুল সৰকাৰে এই সন্দৰ্ভত কয়, "আমি বাঁহী বনাই চলি আছো । পূৰ্বপুৰুষৰ পৰাই এই গাঁৱত বাঁহীৰ কাম চলি আহিছে । মাহে ৫-১০ হাজাৰ টকা উপাৰ্জন কৰো বাঁহী বিক্ৰী কৰি ।" এই লোকসকলে বাঁহী পাইকাৰী বেপাৰীক বিক্ৰী কৰাৰ উপৰি মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আদি স্থানতো বিক্ৰী কৰে ।