ETV Bharat / state

নাবালিকা ধৰ্ষণ: ডি জি পিক ১৩ জানুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

১৩ ডিচেম্বৰত সংঘটিত হৈছিল দলবদ্ধ ধৰ্ষণৰ ঘটনাটো । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ডি জি পিক ।

Tripura Gang Rape Case
নাবালিকা ধৰ্ষণ;ডিজিপিক ১৩ জানুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 28, 2024 at 1:50 PM IST

2 Min Read
Choose ETV Bharat

আগৰতলা : নাবালিকা ধৰ্ষণৰ এক ঘটনাক লৈ কঠোৰ ত্ৰিপুৰা মানৱ অধিকাৰ আয়োগ । নাবালিকা ধৰ্ষণ গোচৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা তদন্তৰ প্ৰতিবেদন বিচাৰিছে আয়োগে আৰু ১৩ জানুৱাৰীৰ ভিতৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এন এইচ আৰ চি) ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । ত্ৰিপুৰাৰ মানৱ অধিকাৰ আয়োগে তামিলনাডুৰ এজন বাসিন্দাৰ পৰা এই সন্দৰ্ভত এক অভিযোগ লাভ কৰিছিল । লোকজনে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক সম্বোধন কৰি অভিযোগটো দাখিল কৰিছিল ।

১৩ জানুৱাৰীত আৰক্ষী সঞ্চালক প্ৰধানে দিব লাগিব প্ৰতিবেদন

ত্ৰিপুৰা মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে,"সেই ই-মেইলত এন এইচ আৰ চিক ত্ৰিপুৰাত এগৰাকী নাবালিকাক অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ অনুৰোধ জনোৱা হৈছিল । ই-মেইলত দেখুওৱা হৈছে যে ঘটনাটো ১৩ ডিচেম্বৰত দক্ষিণ ত্ৰিপুৰা জিলাৰ শান্তিৰবজাৰত সংঘটিত হৈছিল আৰু সেইক্ষেত্ৰত, এগৰাকী নাবালিকাক তেওঁৰ ঘৰৰ ওচৰৰ পৰা দুজন লোকে অপহৰণ কৰি লৈ গৈছিল আৰু দলবদ্ধ ধৰ্ষণ কৰিছিল ।"

প্ৰতিবেদনত কোৱা হৈছে যে অভিযুক্ত লোককেইজনে প্ৰথমে ভুক্তভোগী নাবালিকাগৰাকীক ৰবৰৰ খেতিলৈ লৈ গৈছিল, য'ত আন তিনিজন লোক আছিল আৰু নাবালিকাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল । প্ৰতিবেদনত কোৱা হৈছে, "পিছত তেওঁলোকে ভুক্তভোগী নাবালিকাগৰাকীক নিশা ঘৰত থৈ আহিছিল । " প্ৰতিবেদনখনে দেখুৱাইছে যে দক্ষিণ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত শান্তিৰবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত মানপথৰ আৰক্ষী চকীত ভুক্তভোগী নাবালিকাৰ মাতৃয়ে যথাযথভাৱে অভিযোগ দাখিল কৰিছিল । ৫ জনীয়া অভিযুক্তৰ দলটোত কেইবাজনো নাবালক আছে বুলি জানিব পৰা গৈছে ।

আয়োগে কৈছে যে যিহেতু এগৰাকী নাবালিকাৰ মানৱ অধিকাৰ উলংঘন হৈছে, অভিযোগৰ প্ৰতিলিপিৰ সৈতে ই-মেইলৰ প্ৰতিলিপি ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ তদন্ত কৰাৰ নিৰ্দেশনাসহ প্ৰেৰণ কৰা হ'ব পাৰে আৰু প্ৰতিবেদন দাখিল কৰিব পাৰে । ৩ সপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন পাব লাগিব ।

লগতে পঢ়ক :গাঁৱত গৱৰ্ণৰ : পুহতে মাঘৰ ভোগালীৰ জুতি ল'লে লক্ষ্মণ প্ৰসাদ আচাৰ্যই - GAON ME GOVERNOR