ETV Bharat / state

গোলাঘাটত গণশিল্পী সূৰ্য দাসলৈ শ্ৰদ্ধাঞ্জলি

শনিবাৰে দেহাৱসান ঘটে গণশিল্পী সূৰ্য দাসৰ । শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ গোলাঘাটৰ দল-সংগঠনসমূহ ।

Tributes paid to Ganasilpi Surya Das in Golaghat
গোলাঘাটত গণশিল্পী সূৰ্য দাসলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 22, 2024 at 10:54 AM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: অসম আন্দোলনৰ এগৰাকী গণশিল্পী সূৰ্য দাসৰ মৃত্যুত সমগ্ৰ ৰাজ্যখনৰ লগতে গোলাঘাটতো গভীৰ শোকৰ ছাঁ পৰে । নগৰৰ মাজমজিয়া বাটা পইণ্টত ১১ টাকৈ গণতান্ত্ৰিক সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক ইন্দ্ৰপ্ৰসাদ দাসে পৰিচালনা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে মুকলি কৰে বিশিষ্ট সমাজকৰ্মী পূৰ্ণ ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি পৰমানন্দ দাস আৰু সমাজকৰ্মী তনুজ কুমাৰ মহন্তই ।

অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড৹ নৃপেন বৰুৱা, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যাপক দেৱজিৎ ফুকন, গোলাঘাট প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস, গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰণৱ প্ৰতীম দাস, বীৰ লাচিত সেনা, অসমৰ গোলাঘাট জিলাৰ সম্পাদক অভিলাষ বৰা, বীৰ লাচিত সেনাৰ ফলঙনি আঞ্চলিকৰ সভাপতি প্ৰাঞ্জল শইকীয়া আদিয়ে অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

গোলাঘাটত গণশিল্পী সূৰ্য দাসলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

গীতৰ জৰিয়তে মানুহৰ কথা কোৱা, জাতিৰ কথা কোৱা, দেশ তথা সমাজৰ কথা কোৱা জনতাৰ শিল্পীগৰাকীৰ মৃত্যু অসম সংগীত জগতৰে নহয়, অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি বুলি সকলোৱে মন্তব্য কৰি শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুসুচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি পৰানন্দ দাসে শোক প্ৰকাশ কৰে ।

তেওঁ কয়, "মানুহৰ শিল্পী সংগ্ৰামী শিল্পী গণশিল্পী যাক সকলোৱে একেমুখে গণশিল্পী বুলি কয় সেই সূৰ্য দাসক আজি আমি হেৰুৱালো, যাৰ বাবে আমি গোলাঘাটৰ বিভিন্ন দল-সংগঠনে একগোট হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । এইগৰাকী শিল্পীয়ে গীতেৰে কথাৰে সুৰেৰে অসমীয়া জাতিক জীয়াই তুলিছিল আৰু বিশেষকৈ মানুহৰ কথা কৈছিল মানুহৰ জীৱনৰ কথা কৈছিল, যিগৰাকী শিল্পীয়ে অসম আন্দোলনত ডাঙৰ ভূমিকা পালন কৰিছিল সেই সময়ত তেখেতৰ গীত নহ'লে আন্দোলনটো জীপ দিবলৈ বহুতো অসুবিধা হ'লহেঁতেন ।"

প্ৰাক্তন সভাপতিগৰাকীয়ে লগতে কয়, "আমাৰ দেউতাই কৈছিল যে সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু ফুকনৰ ভাষণ শুনিবলৈ যিমান মানুহ গৈছিল সূৰ্য দাসৰ গীত শুনিবলৈ সিমান মানুহ গৈছিল । যি জনে গাইছিল 'মানুহ দেখিছো আজি বহু মানুহ', তেখেতৰ এটা গীতৰ কলী 'হে আকাশ উদাৰতা সিঁচি দিয়া' । ঠিক তেনেকৈ অসমীয়া জাতীয়তাবাদক জগাবলৈ তেখেতে গাইছিল 'তাহানি আছিল গোপীনাথ' আৰু আছিল 'অম্বিকা আৰু আছিল জ্যোতি প্ৰসাদ', এই গীতসমূহ গাই জনসাধাৰণৰক সজাগ আৰু সচেতন কৰিছিল । এই শিল্পীজনক হেৰুৱালো । তেখেতক গোলাঘাটবাসীয়ে স্মৰণ কৰিছে আৰু আমি অসমীয়া জাতি একা প্ৰাণক হেৰুৱালো ।’’

লগতে পঢ়ক: জনতাৰ বাবে গীত গাই গাই গুচি গ’ল গণশিল্পী - GANASILPI SURYA DAS