ETV Bharat / state

'কা'ক লৈ চৰকাৰে পানী-পাৰ খেলিছে নেকি ? পঞ্চ ছহিদক সুঁৱৰি আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসমৰ 35 জিলাৰ 7 খনৰ বাবে 'কা' ভাল, বাকী 28 খনৰ বাবে বেয়া কিয় ? আছুৰ প্ৰশ্ন ৷

TRIBUTES PAID TO ANTI CAA MARTYRS IN GUWAHATI
CAA আন্দোলনৰ পাঁচ ছহিদক সুঁৱৰি আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 12, 2024 at 3:44 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : নিজৰ জাতি, নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ যুঁজত ৰাজপথলৈ ওলাই আহি ২০১৯ চনৰ আজিৰ দিনটোতে আৰক্ষীৰ গুলী বুকু পাতি লৈছিল ছেম ষ্টেফৰ্ডে । হয়, আজি 'কা’ আন্দোলনৰ ছহিদ ছেম ষ্টেফৰ্ডৰ পঞ্চম মৃত্যু বাৰ্ষিকী । ২০১৯ চনৰ আজিৰ দিনটোতে আৰক্ষীৰ গুলীত নিহত হৈছিল হাতীগাঁৱৰ ছাত্ৰ ছেম ষ্টেফৰ্ড ।

ছেম ষ্টেফৰ্ডৰ লগতে ছহিদ হৈছিল অসমৰ আন চাৰিজন । জাতিৰ হকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ সময়তে আৰক্ষীৰ গুলী বুকু পাতি লৈ ছহিদ হোৱা ৰাজ্যৰ ৫ জনকৈ সুঠাম যুৱক ক্ৰমে দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিম । এই পাঁচ ছহিদক স্মৰণ কৰি বৃহস্পতিবাৰে গুৱাহাটীৰ হাতীগাঁও হাইস্কুলত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

'কা' আন্দোলনৰ পাঁচ ছহিদক সুঁৱৰি আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক চাৰ্জেন হাঞ্চেৰ উপৰিও ছহিদ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই আছু নেতৃত্বই সংবাদ মাধ্যমৰ আগত কয়, ‘‘কা আমি তেতিয়াও মনা নাছিলো, এতিয়াও নামানো আৰু ভৱিষ্যতেও নামানো ।’’

লগতে পঢ়ক : অসমত কঠোৰ হ’ব আধাৰ আবেদন অনুমোদন প্ৰক্ৰিয়া: কেবিনেটৰ সিদ্ধান্ত

লগতে তেওঁলোকে কয়, ‘‘যিখিনি সময়ত মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ স্বাৰ্থত স্থিতি ল'লে, সেই সময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ ওচৰত আঠু ল'লে ।’’ পাঁচ যুৱকৰ মৃত্যুক আজিলৈও ছহিদ ঘোষণা নকৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছু নেতৃত্বই কয়, ‘‘কা আন্দোলনৰ ছহিদসকলক চৰকাৰে এতিয়াও চৰকাৰীভাৱে ছহিদ ঘোষণা কৰা নাই ৷ সেয়েহে অতি সোনকালে চৰকাৰীভাৱে তেওঁলোকক ছহিদ ঘোষণা কৰিব লাগে ৷ কা আন্দোলনত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিসকলক চৰকাৰে অতি সোনকালে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে ।’’

ইফালে আজিও একমাত্ৰ পুত্ৰ ঘূৰি অহাৰ বাটলৈ চাই চকুলো টুকি দিন কটাইছে ছেম ষ্টেফৰ্ডেৰ মাতৃয়ে । পুত্ৰৰ মৃত্যুৰ পিছতে মানসিকভাৱে অসুস্থ হৈ পৰিছে ছেমৰ মাতৃ ।

লগতে পঢ়ক : ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ আঁতৰিলেও অখিল গগৈসহ ৪ অভিযুক্তৰ বিৰুদ্ধে চলি থাকিব এনআইএৰ গোচৰ

লগতে পঢ়ক : NIA ৰ গোচৰৰ পৰা ৰেহাই পাব নে অখিল গগৈয়ে ?