ETV Bharat / state

জুবিনময় নেহৰুবালি; চিতাভস্ম সন্মুখত লৈ অনুৰাগীয়ে গালে মায়াবিনী

ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰৰ বাবে নগাঁও জিলালৈ লৈ যোৱা হয় মৰমৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম । নেহৰুবালিত সহস্ৰাধিক অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি ।

Tribute to Zubeen Garg
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 25, 2025 at 10:42 AM IST

3 Min Read
Choose ETV Bharat

নগাঁও : মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পাছত শোকত ম্ৰিয়মান হৈ আছে সমগ্ৰ অসম । মঙলবাৰে জনতাৰ শিল্পীগৰাকীৰ শেষকৃত্য সম্পূৰ্ণ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নগাঁৱলৈ অনা হয় চিতাভস্ম । তাৰ পিছতে বুধবাৰে নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । য'ত ৩০ সহস্ৰাধিক লোকে অশ্ৰুসিক্ত নয়নেৰে একেলগে গালে জুবিন গাৰ্গৰ গীত 'মায়াবিনী ৰাতিৰ বুকুত' ।

জুবিনৰ অজস্ৰ অনুৰাগীৰ সমাগমে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে কলঙৰ বাকৰিত । জাতি, ধৰ্ম, দল নিৰ্বিশেষে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্রিয় শিল্পীগৰাকীক । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এক বিশেষ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ।

নগাঁৱত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ৰাইজৰ (ETV Bharat)

জুবিন অনুৰাগী তিনিগৰাকী যুৱতীয়ে গামোচাত লিখি আনে "এইবাৰলৈ বিদায় আকৌ আহিবা, মায়াবিনী ৰাতিত বাঁহীৰ সুৰ তুলি, মুগ্ধ হিয়াত ৰৈ জোনাক সিঁচি তুমি আহিবা এদিনা ৰং দিবা দুচকুত" । জুবিন অনুৰাগী যুৱতী তিনিগৰাকীয়ে কয়, "জুবিন দাৰ মহাপ্ৰস্থান মানি ল'ব পৰা নাই । সকলো যেন এতিয়া স্তব্ধ হৈ পৰিছে ।"

Tribute to Zubeen Garg
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ (ETV Bharat)

প্রিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন গাৰ্গৰ বন্ধু তথা কণ্ঠশিল্পী কৃষ্ণমণি নাথে কয়, "জুবিন গাৰ্গৰ মৃত্যু অপৰাজেয় মৃত্যু । মৃত্যুক জয় কৰিছে জুবিন গাৰ্গে । জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিছে । আমি চৰকাৰ আৰু আইনৰ ওপৰত আস্থা ৰাখিছোঁ ।"

Tribute to Zubeen Garg
জুবিন গাৰ্গ অমৰ হওঁক (ETV Bharat)

ইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা লোকসকলক নগাঁৱৰ আলম কাৰ বাজাৰ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানে বিনামূলীয়াকৈ খোৱাপানীৰ যোগান ধৰি জুবিন গাৰ্গে দেখুওৱা মানৱতাৰ পৰিচয় দেখুৱালে । নেহৰুবালিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, শিল্পী কৃষ্ণমণি নাথ, কণ্ঠশিল্পী বৰণ বিকাশ, বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্তকে ধৰি প্ৰশাসনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Tribute to Zubeen Garg
জুবিন গাৰ্গৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি (ETV Bharat)

কলঙৰ পাৰত জুবিনৰ নামত হ'ব উদ্যান :

অসমৰ প্রিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতি কলঙৰ পাৰতে সজীৱ কৰি ৰখাৰ কথা উল্লেখ কৰে জুবিন গাৰ্গৰ বন্ধু তথা নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰত নিৰ্মীয়মান উদ্যানখন শিল্পী জুবিন গাৰ্গৰ নামত উচৰ্গা কৰাৰ কথাও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই ।

Tribute to Zubeen Garg
৩০ সহস্ৰাধিক লোকে একেলগে গালে 'মায়াবিনী' (ETV Bharat)

ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰৰ বাবে জনতাৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম সংগ্ৰহ কৰা নগাঁও জিলাত বুধবাৰে ওৰে নিশা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত বৃহস্পতিবাৰে পুৱা নগাঁৱৰ হৃদপিণ্ডস্বৰূপ কলঙৰ বুকুত বিসৰ্জন দিয়া হ'ব চিতাভস্ম । লগতে শিল্পী জুবিন গাৰ্গে কৈ যোৱাৰ দৰেই ব্ৰহ্মপুত্ৰতো চিতাভস্মৰ এটা অংশ বিসৰ্জন দিয়া হ'ব বুলি জানিবলৈ দিয়ে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

Tribute to Zubeen Garg
জুবিন গাৰ্গৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি (ETV Bharat)

দেৱাশীষ শৰ্মাই কয়, "জুবিন গাৰ্গে একতাৰ দোলেৰে বান্ধি থৈ যোৱা সমাজখন আমি সকলোৱে আগবঢ়াই নিব লাগিব ।" কলঙৰ বাকৰি নেহৰুবালিত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ অসমৰ বিশিষ্ট গল্পকাৰ তথা লেখক শিবানন্দ কাকতিয়ে কয়, "জাতি-ধৰ্ম বিশ্বাস নকৰা জুবিন গাৰ্গে কেৱল মানৱতাৰ কথা কৈ গৈছিল । সেইদৰে শিল্পীগৰাকীৰ মৃত্যুৰ পাছতো জাতি-ধৰ্ম নিৰ্বিশেষে জনতাইও দেখুৱাইছে একতাৰ এখন সমাজ । যি সমাজক এতিয়া আমি আগবঢ়াই নিব লাগিব ।"

Tribute to Zubeen Garg
নেহৰুবালিত প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি (ETV Bharat)

জুবিন গাৰ্গৰ মৃত্যুৰ দিনা নগাঁৱৰ নেহৰুবালিৰ চোৱাচিতাৰ দায়িত্বত থকা আলী উপাধিৰ এজনক সাক্ষাৎ পোৱা বুলি উল্লেখ কৰি শিবানন্দ কাকতিয়ে কয়, "নেহৰুবালিত জুবিন গাৰ্গৰ অনুষ্ঠান বুলি ক'লে অকল্পনীয় হৈছিল মানুহৰ ভিৰ । কিন্তু আজি সকলো হৈ পৰিল নীৰৱ, নিস্তব্ধ ।"

লগতে পঢ়ক :জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উদ্ভণ্ডালি কৰা তিনি যুৱকৰ সন্ধানত আৰক্ষী