ETV Bharat / state

মহানায়কৰ মৃত্য়ুত বৰপেটা আতচবাজী উদ্যোগৰ ডাঙৰ সিদ্ধান্ত

শব্দবিহীন দীপাৱলী পালনৰ আহ্বান বৰপেটা আতচবাজী শিল্প সমবায় সমিতি লিমিটডৰ ।

Barpeta Fireworks Industry
শব্দবিহীন দীপাৱলী পালনৰ আহ্বান বৰপেটা আতচবাজী শিল্প সমবায় সমিতিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 2:19 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : পোহৰৰ উৎসৱ দীপাৱলী সমাগত । প্ৰতিবছৰে দীপাৱলীৰ সময়ত বৰপেটাৰ বিখ্যাত আতচবাজী উদ্যোগবোৰ বিশেষভাৱে সাজু হৈ উঠে । গোটেই বছৰ ধৰি এই উদ্যোগবোৰ সক্ৰিয় থাকিলেও দীপাৱলীৰ দিনবোৰত ব্যস্ততা বৃদ্ধি পায় বহুগুণে । চাহিদা পূৰণৰ বাবে বহু নতুন কৰ্মচাৰী নিযুক্ত কৰা হয় আৰু তৈয়াৰ কৰা হয় ৰং-বিৰঙৰ পোহৰৰ লগতে বিভিন্ন ধৰণৰ আতচবাজী ।

এইবাৰ পৰিস্থিতি কিছু ভিন্ন । সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ অকাল মৃত্যুৱে বৰপেটাৰ এই ঐতিহ্যমণ্ডিত আতচবাজী উদ্যোগতো গভীৰ প্ৰভাৱ পেলাইছে । মৰমৰ শিল্পীগৰাকীৰ মৃত্য়ুত ম্ৰিয়মান ৰাজ্য়বাসীয়ে এইবাৰ পোহৰৰ উৎসৱত আতচবাজীৰ পৰিৱৰ্তে কেবল মাটিৰ বন্তি জ্বলাই পৰম্পৰা ৰক্ষা কৰিব ।

বৰপেটা আতচবাজীৰ আছে বিশেষ সুনাম (ETV Bharat Assam)

বৰপেটা আতচবাজী শিল্প সমবায় সমিতি লিমিটেডৰ সভাপতি গোপজিৎ পাঠকে এই সন্দৰ্ভত কয়," এইবাৰ শব্দ সৃষ্টিকাৰী আতচবাজী প্ৰস্তুত কৰা নাই আৰু দীপাৱলীৰ বজাৰত বিক্ৰীও নহ’ব ।" তেওঁ এই বুলিও কয়, "জুবিন গাৰ্গে মানুহক কৰ্ম কৰি জীয়াই থাকিবলৈ আহ্বান জনাইছিল । বৰপেটাৰ আতচবাজী উদ্যোগটোত কাম কৰিয়েই বহু লোকে জীৱন নিৰ্বাহ কৰি আহিছে । শব্দ সৃষ্টিকাৰী আতচবাজী এইবাৰ প্ৰস্তুত নকৰাৰ ফলত উদ্যোগটোৰ ব্যৱসায়ত যথেষ্ট ক্ষতি হ'ব । সেইবুলি তেনে ক্ষতিক জুবিন গাৰ্গৰ বাবে এইবাৰ গৌণ কৰা হৈছে । তাৰ পৰিৱৰ্তে ফুলজাৰি,মতা,মতাৰ গছ আদি কেবল পোহৰৰ সৃষ্টি কৰা সামগ্ৰীহে তৈয়াৰ কৰা হৈছে ।"

Barpeta Fireworks Industry
বৰপেটা আতচবাজীৰ আছে বিশেষ সুনাম (ETV Bharat Assam)

সভাপতি পাঠকে ৰাইজক আহ্বান জনাইছে এইবাৰৰ দীপাৱলীত শব্দবিহীন, শান্তিপূর্ণ আৰু পোহৰৰ উৎসৱৰূপে দীপাৱলী পালন কৰিবলৈ । তেওঁ লগতে কয়, “দীপাৱলীৰ মূল উদ্দেশ্য হৈছে সমাজৰ পৰা আন্ধাৰ ৰূপী অসুৰক দূৰ কৰি পোহৰৰ মাধ্যমেৰে শুভ শক্তিক আহ্বান কৰা । সেই কাৰণে এইবাৰ আমাৰ দীপাৱলী হওক পোহৰ আৰু শান্তিৰ দীপাৱলী ।”

লগতে পঢ়ক:দীপাৱলীৰ প্ৰাকক্ষণত বৃহৎ পৰিমাণৰ ফটকা-আতচবাজী জব্দ

কি হৈছিল সেইটো জানিব লাগিব: মহানায়কৰ মৃত্য়ুৰ ন্যায় বিচাৰিবলৈ ৰাইজক আহ্বান গৰিমা শইকীয়া গাৰ্গৰ