গোলাঘাট : গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ বচাপথাৰৰ নম্ৰতা বৰাৰ বাসগৃহত শনিবাৰে আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধ । এক ৰহস্য়জনক পৰিস্থিতিত মেঘালয়ত মৃত্য়ু হোৱা নম্ৰতা বৰাৰ ঘৰখনত আজিও শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে । শোকত ভাগি পৰিছে পিতৃ-মাতৃ । ইয়াৰ মাজতে পিতৃয়ে নম্ৰতাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিলে ।
আদ্যশ্ৰাদ্ধৰ দিনা শোকাকুল পৰিৱেশৰ মাজতে পিতৃয়ে ক'লে, "মূৰত বটলেৰে মৰিয়াই মৰিয়াই লগত যোৱা চাৰিজনে হত্যা কৰিছে ।" আজি নম্ৰতাৰ আদ্যশ্ৰাদ্ধৰ দিনাই সাংবাদিকৰ আগত এইদৰে অভিযোগ কৰিছে পিতৃয়ে । তেওঁ পুনৰ কয়, "মন্ত্ৰী অতুল বৰাই আমাক যি আশ্বাস দিছে তাৰ বাবে আমি যথেষ্ট আশাবাদী আৰু তেওঁৰ জড়িয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি মোৰ কন্যাৰ মৃত্যুৰ যি তদন্তৰ ব্যৱস্থা কৰিছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো । মন্ত্ৰী অতুল বৰাই আমাক আশ্বাস দিছে যে নম্ৰতাই ন্যায় পাব ।"
তেওঁ কয়, "মই যেতিয়া মোৰ কন্যাৰ মৃতদেহ চাইছিলো তাইৰ মুৰত আঘাত আছে আৰু সেই আঘাত কেতিয়াও দুৰ্ঘটনাৰ আঘাত হ'ব নোৱাৰে । এইটো আঘাত বটলেৰে মাৰি মূৰ ফালি দিছে যাৰ পৰিপ্ৰেক্ষিতত গোটেই দেহ ৰাঙলী হৈ গৈছিল । তাইক চিতাত তোলাৰ সময়ত সকলো ৰাইজে কৈছিল তাইৰ গাত মূৰৰ বাহিৰে আৰু কোনো আঘাত নাই । গতিকে এইটো কেতিয়াও দুৰ্ঘটনা হ'ব নোৱাৰে । জোঙা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল । মৃগাংক, প্ৰাঞ্জল, গায়ত্ৰী আৰু আনাতুল্লাই তাইক হত্যা কৰি গাড়ী লৈ গুচি আহিছিল আৰু তাইক চিকিৎসালয়ত ভৰ্তি কৰায় । তেওঁলোকে আমাক সামান্যতম সমবেদনাও জনোৱা নাই । অকণো দুখ প্ৰকাশ কৰা নাই । আনকি তেওঁলোকৰ অভিভাৱকেও এটা ফোন কৰা নাই; কিন্তু নম্ৰতাৰ বাকী বন্ধু-বান্ধবী সকলে খবৰ লৈছে । সেই চাৰিজনে আজিলৈকে কোনো খবৰ লোৱা নাই ।"
ইফালে, নম্ৰতাৰ পিতৃক সাক্ষাৎ কৰি তেওঁলোকে ন্যায় পাব বুলি আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী অতুল বৰাই । মুখ্যমন্ত্ৰীৰ তৎপৰতাত মেঘালয়ৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । পিতৃয়েও মন্ত্ৰীগৰাকীৰ আগত নম্ৰতাক হত্যা কৰিছে বুলি অভিযোগ কৰিছে । আজি এই আদ্য শ্ৰাদ্ধৰ দিনটোত নম্ৰতাৰ পিতৃ-মাতৃ আৰু আত্মীয় সকলো শোকত ভাগি পৰিছে ।
মন্ত্ৰী অতুল বৰাই কয়, "পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে । আমাৰ এই অঞ্চলৰ ৰাইজৰ লগতে দল-সংগঠনেও মুখ্য়মন্ত্ৰীক দাবী জনাইছিল তদন্তৰ বাবে । ময়ো মুখ্য়মন্ত্ৰীক অৱগত কৰিছিলো । সিদিনাই মুখ্য়মন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্য়মন্ত্ৰীৰ লগত এই বিষয়ে আলোচনা কৰে । ইতিমধ্য়ে তদন্ত হৈছে,মাঁথো নম্ৰতাৰ পৰিয়ালে ন্য়ায় পাব লাগে ।"