ETV Bharat / state

বেহৰবাৰী আউট পোষ্টৰ অভিনেতা বসুদাৰ স্মৃতি জীয়াই ৰাখিব বিটিচি চৰকাৰে

নিজা বাসগৃহ বাঘাজানীত অভিনেতা ফৈলাও বসুমতাৰীলৈ শ্ৰদ্ধাৰ্ঘ্য় ।

TRIBUTE TO FWILAO BASUMATARY
অভিনেতা ফৈলাও বসুমতাৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 10:12 PM IST

2 Min Read
Choose ETV Bharat

বাক্সা : জনপ্ৰিয় ধাৰাবাহিক 'বেহৰবাৰী আউট পোষ্ট'ৰ অভিনেতা ফৈলাও বসুমতাৰী (বসুদা)ৰ আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয় । বাক্সা জিলাৰ নিজা বাসগৃহ বাঘজানীত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয় । উল্লেখ্য যে ১৯৭০ চনৰ ৮ জুনত জন্ম গ্ৰহণ কৰা অভিনেতা ফৈলাও বসুমতাৰীয়ে যোৱা ২২ এপ্ৰিলত সকলোকে কন্দুৱাই চিৰবিদায় মাগে ।

বসুমতাৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি 'ৰুংসাৰি ফৈলাও বসুমতাৰীনি আগান' শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত হয় । সভাত অভিনেতাগৰাকীৰ স্মৃতিত প্ৰকাশিক স্মৃতিগ্ৰন্থ 'বিসম্বি' উন্মোচন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো,গংগাধৰ ৰামচিয়াৰীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । ককলাবাৰী চাপাগুৰি শিমলা সংগীত বিদ্যালয়ৰ অধ্যক্ষ চানচুমা(চন্তছ) গয়াৰীৰ কন্ঠেৰে আৰম্ভ হোৱা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী চুলেখা বসুমতাৰী, বিগ্ৰায় ব্ৰহ্ম,গৌতম ব্ৰহ্ম, ফুংজা মহিলাৰী, আলায়ৰণ বোলছবিৰ পৰিচালক জৌংদাও বডোসাকে ধৰি কেবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে ।

অভিনেতা ফৈলাও বসুমতাৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ (ETV Bharat Assam)

বিটিচি পৰিষদীয় ইএম দাওবৈসা বড়োৱে অভিনেতাগৰাকীক স্মৰণ কৰি কয়, "ফৈলাও বসুমতাৰীয়ে অসমৰ সাংস্কৃতিক জগতৰ ভঁৰাল চহকী কৰি গ'ল ৷ বিশেষকৈ অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনয়ে তেওঁৰ প্ৰতিভা আৰু উজ্জ্বল কৰিছিল ৷ তেওঁৰ মৃত্যুৱে আমাক ব্যাথিত কৰিছে ৷ বিটিচি চৰকাৰে অনাগত দিনত তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈ যত্ন কৰিব । "

আজি ফৈলাও বসুমতাৰীৰ নিজ বাসগৃহ বাঘজানীত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপৰি বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, সাংস্কৃতিক বিভাগৰ ই এম দাওবৈসা বড়ো,বিধায়ক লৰেন্স ইছলাৰী, সাংসদ জয়ন্ত বসুমতাৰীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:বাঘাজানীত বড়ো ৰীতি-নীতিৰে 'বসু দা'ৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন - FWILAO BASUMATARY CREMATION

যাও বুলিয়েই গুচি গ'ল ‘বসু দা’ ! বেহাৰবাৰী আউটপ'ষ্টখনেই যেন নিজম পৰি গ'ল - FWILAO BASUMATARY KNOWN AS BASU DA