ETV Bharat / state

কাৰ্বিভূমিত জনজাতীয় ছাত্ৰ সংগঠনৰ ৰোষত গৌৰৱ গগৈ; কঠোৰ সকীয়নি প্ৰদেশ কংগ্ৰেছৰ সভাপতিক

এটা ফেচবুক লাইভে গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভৰ অগনি জ্বলাইছে কাৰ্বি আংলঙত । জনজাতীয় ছাত্ৰ সংগঠনৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ।

Gaurav Gogoi FB live controversy
ডিফুত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 7:52 PM IST

|

Updated : July 7, 2025 at 9:13 PM IST

4 Min Read
Choose ETV Bharat

ডিফু : কাৰ্বিভূমিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই । এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাৰ্বিভূমিৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠন । এটা ফেচবুক পোষ্টক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈছে কাৰ্বি আংলঙৰ জনজাতীয় ছাত্ৰ সংগঠনবোৰ । কিন্তু গৌৰৱ গগৈৰ বিৰুদ্ধে কিয় এই বিদ্ৰোহ কাৰ্বি ছাত্ৰ সন্থাসমূহৰ ? কি আছে গৌৰৱ গগৈৰ ফেচবুক পোষ্টটোত ?

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে কাৰ্বি আংলঙত উপস্থিত হৈছিল সাংসদ গৌৰৱ গগৈ । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত এইটো আছিল গৌৰৱ গগৈৰ প্ৰথমটো কাৰ্বি পাহাৰ ভ্ৰমণ । কিন্তু এই প্ৰথম ভ্ৰমণতে কাৰ্বি আংলঙৰ জনজাতীয় ছাত্ৰ সংগঠনবোৰৰ ৰোষত পৰে গৌৰৱ গগৈ । ইয়াৰ কাৰণ হৈছে তুলিৰাম ৰংহাঙৰ পুত্ৰ ছেংদন ৰংহাঙৰ ঘৰৰ সন্মুখত গৌৰৱ গগৈয়ে কৰা ফেচবুক লাইভ ।

কাৰ্বিভূমিত জনজাতীয় ছাত্ৰ সংগঠনৰ ৰোষত গৌৰৱ গগৈ (ETV Bharat Assam)

এতিয়া এই ফেচবুক লাইভৰ পিছতে কাৰ্বি আংলঙৰ বিভিন্ন জনজাতীয় দল-সংগঠনৰ ৰোষত পৰিছে সাংসদ গৌৰৱ গগৈ । এই ফেচবুক লাইভৰ বিৰোধিতাৰে সোমবাৰে ডিফুত প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ বিভিন্ন জনজাতীয় দল-সংগঠনে । লগতে এক সংবাদমেল আয়োজন কৰি গৌৰৱ গগৈক কাৰ্বি আংলঙৰ শান্তি বিঘ্নিত নকৰিবলৈ লগতে কাৰ্বিভূমিৰ উন্নয়নত হেঙাৰ হিচাপে থিয় নিদিবলৈ সকীয়াই দিয়ে ।

Gaurav Gogoi FB live controversy
বিশেষ অট্টালিকাটোৰ সন্মুখত গৌৰৱ গগৈ (ETV Bharat Assam)

উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁৰ শেহতীয়া ডিফু ভ্ৰমণকালত নিৰ্মীয়মাণ অৱস্থাত থকা এটা প্ৰসাদোপম ঘৰৰ সন্মুখত ফেচবুক লাইভ কৰি উক্ত ঘৰটোৰ গৰাকী কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ বুলি ইংগিত প্ৰদান কৰিছিল । গৌৰৱ গগৈৰ এই ফেচবুক লাইভৰ পিছতে কাৰ্বি আংলঙৰ কাৰ্বি, ডিমাছা, ৰেংমা, কুকি ছাত্ৰ সন্থাৰ নেতৃত্বই সংবাদমেলযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ছাত্ৰ সংগঠনবোৰৰ যৌথ নেতৃত্বই প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ-পুত্ৰ ছিংদন ৰংহাঙে সাজি থকা ঘৰটোকে CEM তুলিৰাম ৰংহাঙৰ বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে নিকৃষ্ট ৰাজনীতি কৰা বুলি ক্ষোভ ব্যক্ত কৰে । কংগ্ৰেছ শাসনৰ আমোলত জনজাতীয় ৰাইজক জংঘলত ৰখা বুলি মন্তব্য কৰি এতিয়া জনজাতীয় ৰাইজৰ উন্নতি কংগ্ৰেছ সভাপতিগৰাকীৰ সহ্য হোৱা নাই বুলি সংবাদমেলত উল্লেখ কৰে ছাত্ৰ সংগঠনসমূহৰ নেতৃত্বই ।

Gaurav Gogoi FB live controversy
ডিফুত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

লগতে সৎ সাহস থাকিলে গৌৰৱ গগৈক গুৱাহাটীৰ ছাৰ্ভেত থকা তেওঁৰ বাসগৃহ অথবা সাংসদ প্ৰদ্যুৎ বৰদলৈ বা ৰকিবুল হুছেইনৰ বিশাল অট্টালিকাৰ সন্মুখত ফেচবুক লাইভ কৰিবলৈ সংবাদমেলযোগে আহ্বান জনায় ।

আনহাতে, জনজাতীয় ৰাইজক অপমান কৰাৰ উদ্দেশ্যৰে পুনৰ কাৰ্বি আংলঙলৈ আহিলে গৌৰৱ গগৈক জিলাখনত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ব বুলি উল্লেখ কৰে । সাংসদ তথা বিৰোধী দলৰ উপ-দলপতিৰ দৰে আসনত থাকি কাৰোবাৰ ব্যক্তিগত ঘৰৰ সন্মুখত থিয় হৈ ফেচবুক লাইভ কৰাটো শোভা নাপায়, ই অতি নিম্ন ৰুচিৰ কাম বুলি সংবাদমেলত তেওঁলোকে লগতে উল্লেখ কৰে ।

ইফালে সংবাদমেলৰ অন্তত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি জনজাতীয় ছাত্ৰ সংগঠনসমূহৰ নেতৃত্বই গৌৰৱ গগৈৰ এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সংবাদমেলত জনজাতীয় ছাত্ৰ সংগঠনৰ নেতৃত্বই কয়, "আমি কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ আমোলত আমি ইয়াত থকা বহুতে আৰু কাৰ্বি আংলঙৰ ৰাইজ বহু ভুক্তভোগী । কোনোৰকম এতিয়া শান্তি ঘূৰি আহিছে, সেই শান্তিত এতিয়া আকৌ তেওঁ বিভাজন সৃষ্টি কৰাটো আমি নিবিচাৰোঁ । সহ্য হোৱা নাই এই কথা ।"

সংবাদ মাধ্যমৰ আগত জনজাতীয় ছাত্ৰ সংগঠনৰ নেতৃত্বই লগতে কয়, "প্ৰথমতে আমি ভাবিছিলোঁ গণতান্ত্ৰিক দেশ, ইয়াত শাসকো থাকিব বিৰোধীও থাকিব । বিৰোধী নেতা হিচাপে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া লগতে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেওঁ আহিছিল কাৰ্বি আংলং ভ্ৰমণ কৰিবলৈ । আমি ভাবিছিলোঁ তেখেত এজন বুদ্ধিজীৱী, ইনটেলেকচুৱেল, এটা দায়িত্বত থকা সাংসদ হিচাপে ।"

লগতে কয়, "কিন্তু আমি এনেকৈ আশা কৰা নাছিলোঁ যে কাৰ্বি আংলঙত আহি তেওঁ অশান্তিৰ সৃষ্টি কৰিব । এইটো আমি অনুভৱ কৰিছোঁ আৰু দেখা পাইছোঁ । ইয়ালৈ আহি তেখেতে কেৱল লোকৰ ঘৰটোহে দেখা পাইছে নেকি । ইয়াত কিমান ইছ্যু আছে । তেওঁ স্বাস্থ্য বিভাগ, শিক্ষা বিভাগৰ ছবি চাব লাগিছিল । তাত কি উন্নতি কৰিব পাৰি সেয়া ভাবিব লাগিছিল । কিন্তু সেইটো ইনটেনচন নাই । আৰ টি আই কৰিবলৈ অহাৰ দৰে কেৱল লোকৰ ঘৰটোহে দেখুৱাইছে ।"

লগতে পঢ়ক :আকৌ একেখন মঞ্চত একেলগে তিনি গগৈ; বিৰোধী ৰাজনীতিৰ আন এক অধ্যায়ৰ আৰম্ভণি ! - ALL ASSAM UNITED CITIZEN CONVENTION
লগতে পঢ়ক :ষষ্ঠ অনুসূচীৰ ক্ষমতাত মুখ্যমন্ত্ৰীয়ে আঘাত কৰাৰ অভিযোগ গৌৰৱ গগৈৰ - GAURAV GOGOI ATTACK CM
Last Updated : July 7, 2025 at 9:13 PM IST