তিনিটাকৈ ভূমিকম্পই জোকাৰিলে ৰাজ্য, ৰাইজৰ মাজত আতংক
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষয়-ক্ষতিৰ বিষয়ে জনাবলৈ মুকলি কৰিছে টোল ফ্ৰী নম্বৰ ৷

Published : September 14, 2025 at 8:34 PM IST
তেজপুৰ: দেওবাৰে বিয়লি ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত ৷ তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হ’ল ৰাজ্যৰ কেইবাখনো জিলাত ৷
দেওবাৰে বিয়লি ৪.৪১ বজাত অহা ৫.৮ প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত প্ৰতিখন জিলাতে কিছু পৰিমাণে ক্ষয়-ক্ষতি হয় যদিও কোনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা নাই । মাত্ৰ ১৩ মিনিটৰ ভিতৰতে দ্বিতীয়তো ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য ।

গুৱাহাটীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিয়লি ৪ বাজি ৪১ মিনিটত অহা ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৫.৮ আৰু ইয়াৰ উৎস আছিল ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিৰ পৰা ১৬ কিলোমিটাৰ নিলগত । ইয়াৰ গভীৰতা আছিল ৫ কিলোমিটাৰ ।
আনহাতে দ্বিতীয়তো ভূমিকম্প মাত্ৰ ১৩ মিনিটৰ পিছতে একে উৎসৰ পৰা অনুভূত হয় ৷ যাৰ প্ৰাবল্য আছিল ৩.১ ৷ পৰৱৰ্তী সময়ত ৫.২১ বজাত তৃতীয়তো ২.৯ প্ৰাবল্যৰ জোকাৰণি অনুভূত হয় বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰে ৷ এই ভূমিকম্পৰ ফলত তেজপুৰৰ এখন শ্বপিং মলৰ গ্লাছ ভাঙি পৰাত গ্ৰাহকৰ মাজত আতংকৰ সৃষ্টি হয় ৷

উল্লেখ্য যে, ৫.৮ প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত ঢেকীয়াজুলিত বহুলোকৰ ঘৰৰ দেৱালত ফাঁট মেলে । একেদৰে গহপুৰ, মৰিগাঁও, নগাঁও, গুৱাহাটী আৰু বিভিন্ন জিলাত ইয়াৰ প্রভাৱ পৰে ।
কল্পজ্যোতি নাথ নামৰ ঢেকীয়াজুলিৰ এগৰাকী বাসিন্দাই কয়, ‘‘মই অত্যন্ত ভয় খাইছিলো ৷ বহুতো ঘৰ-অট্টালিকাত প্ৰচণ্ড ফাঁট মেলে । মানুহৰ ঘৰৰ ছাঁদৰ পৰা পানীৰ টেংকী পৰ্যন্ত খহি পৰে ।’’

আনহাতে, শোণিতপুৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ লোকৰা গাঁও পঞ্চায়তৰ পদ্মলাল শৰ্মাৰ ঘৰৰ ছাঁদ খহি পৰে যদিও কথমপি প্ৰাণৰক্ষা পৰে ।
ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই ভূমিকম্পৰ কথা এক্সযোগে সদৰী কৰে ।
An earthquake of magnitude 5.6 has struck Assam today .
— Himanta Biswa Sarma (@himantabiswa) September 14, 2025
The epicentre was near Udalguri. So far , there has been no report of any major damage or loss of life . We are actively monitoring the situation.
পূৰ্বৰ কাহিনী
ঢেকীয়াজুলিত ইয়াৰ পূৰ্বে আন এক ভূমিকম্পৰ ফলত মাটিত ফাঁট মেলি পানী ওলাইছিল আৰু সেই সময়ত ভূ-বিজ্ঞানী আহি অভিকেন্দ্ৰৰ পৰ্যবেক্ষণ কৰিছিল । ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৭ জানুৱাৰীৰ পুৱা উত্তৰ অসমৰ লগতে কেইবাখনো জিলাত পুনৰ এক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ।
পুৱা 7.54 বজাত অহা সেই ভূমিকম্পটো 3.5 প্ৰাবল্যৰ আছিল । গুৱাহাটীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে পুৱা 7.54 বজাত হোৱা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল দৰং জিলা ৷ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 20 কিলোমিটাৰ গভীৰতাত আছিল ইয়াৰ উৎপত্তি । অৱশ্যে ইয়াৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাই ।

একে সময়তে এদিন পূৰ্বে মাঘ বিহুৰ দিনা মধ্য অসমৰ কাৰ্বি আংলং জিলাৰ কেন্দ্ৰস্থলত অনুভূত হৈছিল এক ভূমিকম্পৰ জোকাৰণি ৷ গুৱাহাটীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, সেইদিনা সন্ধিয়া ৫.৫৯ বজাত ৩.৬ প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷ যাৰ গভীৰতা সাগৰপৃষ্ঠৰ পৰা ২৫ কিলোমিটাৰ গভীৰতাত আছিল ৷
টোল ফ্ৰী নম্বৰ মুকলি
আজি অনুভূত হোৱা ভূমিকম্প সন্দৰ্ভত ৰাজ্যবাসীৰ প্ৰতি জৰুৰী আহ্বান অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ৷ প্ৰাধিকৰণে এই ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ খবৰ জনাবলৈ মুকলি কৰিছে টোল ফ্ৰী নম্বৰ ৷
এই টোল ফ্ৰী নম্বৰসমূহ হৈছে এনেধৰণৰ-
- ১০৭৯ / ১০৭০ / ৯৪০১০৪৪৬১৭ (ৰাজ্যিক আপদকালীন পৰিচালনা কেন্দ্ৰ)
- ১০৭৭ (জিলা আপদকালীন পৰিচালনা কেন্দ্ৰ)

