দুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ - Durga Puja 2024
Durgotsav 2024: শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন । গুৱাহাটী মহানগৰীতো ব্যাপক আয়োজনৰে চলিছে দুৰ্গোৎসৱ উদযাপনৰ প্ৰস্তুতি । দুৰ্গোৎসৱ সুকলমে উদযাপনৰ সময়ত পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণৰ বাবে সষ্টম পৰিবহণ বিভাগ ।

Published : September 29, 2024 at 7:53 PM IST
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি আগন্তুক দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনাইছে পৰিবহণ বিভাগে । ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত আগন্তুক দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা সন্দৰ্ভত অনুষ্ঠিত সভাসমূহত আৰক্ষী বিভাগকে ধৰি পৰিবহণ বিভাগে পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণৰ বাবে সষ্টম হোৱাৰ কথা এক প্ৰেছ বিবৃতিৰ জৰিয়তে উল্লেখ কৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে ।
তেওঁ কয় যে দুৰ্গোৎসৱৰ দৰে দেশৰ বৃহৎ উৎসৱকালীন সময়চোৱাত কোনো পথ-দুৰ্ঘটনাই যাতে উৎসৱৰ আনন্দ ম্লান কৰিব নোৱাৰে, বৰঞ্চ পথত সকলোৱে যাতে সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে তাৰবাবে বিভিন্ন বিভাগসমূহৰ সহযোগত পথ-সুৰক্ষা বজাই ৰাখিবলৈ পৰিবহণ বিভাগে প্ৰচেষ্টা চলাইছে । ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথি-পত্ৰ নোহোৱা কোনো বাহনে যাতে পথ-সুৰক্ষা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে পৰিবহণ বিভাগে ।
এইক্ষেত্ৰত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী পৰিবহণ বিষয়া গৰাকীয়ে অতি বিনম্ৰতাৰে আহ্বান জনায় কয় যে, বাহনৰ গৰাকীয়ে অনতিপলমে নিজৰ ঘৰতে বহিয়ে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি লওক, প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখন পথত চলাচলৰ বাবে বৈধ কৰি ৰখাৰ স্বাৰ্থত যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধ কৰি লওক । চালকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি সকলো নথিপত্ৰ সঠিক হৈ থকা বাহনহে পথত সকলোৰে বাবে সুৰক্ষিত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ।

