গুৱাহাটী : জনতাৰ প্ৰৱল প্ৰতিবাদৰ লগতে বিভিন্ন দল-সংগঠনৰ সজোৰ দাবীকো আওকাণ কৰি নিজৰ স্থিতিত অটল থাকিল চৰকাৰ । নিশাৰ অন্ধকাৰত লাচিত ঘাটলৈ স্থানান্তৰ কৰা হ'ল গুৱাহাটী মহানগৰীৰ আমবাৰীৰ শতিকা পুৰণি বহুকেইজোপা গছ । শনিবাৰে নিশা ১২ বজাৰ পৰা চলিল এই স্থানান্তৰনৰ কাম ।
মহানগৰীৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন প্ৰকল্প তথা আঁচনি ৷ ইয়াৰ ভিতৰত অন্যতম মহানগৰীৰ যান-জঁটৰ সমস্যাৰ পৰা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে উৰণ সেতু নিৰ্মাণ কৰা । এই উৰণ সেতু নিৰ্মাণৰ বাবে মহানগৰীৰ বিভিন্ন ঠাইত কাটি পেলোৱা হৈছে গছ । নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ হ’বলগীয়া উৰণ সেতু নির্মাণৰ নামত গছ স্থানান্তৰকৰণৰ কাম চলি আছে ।
জনতাৰ প্ৰতিবাদৰ পিচতো লৈ যোৱা হ’ল আমবাৰীস্থিত গছবোৰ । অত্যাধুনিক ক্ৰেঙৰে ডাম্পাৰত উঠাই লৈ যোৱা হ'ল গছবোৰ । যোৱা নিশা ৫ জোপাকৈ গছ উঠাই নিলে গছবোৰ স্থানান্তৰ কৰাৰ দায়িত্বত থকা ডিআইএমটিচি ছাৰ্ভিছেছ নামৰ কোম্পানীটোৰ কৰ্মচাৰীয়ে ।
এই সন্দৰ্ভত পৰিদৰ্শক জাকিৰ আলমে কয়, "লোক নিৰ্মাণ বিভাগৰ অধীনত আমি গছ স্থানান্তৰ কৰাৰ কাম গুৱাহাটীত প্ৰথমবাৰৰ বাবে কৰি আছো । আমবাৰী অঞ্চলৰ ৩৬ জোপা গছৰ ডালবোৰ কাটিং কৰি টেক্সটাইলৰ চৌহদত ইতিমধ্যে স্থানান্তৰ কৰা হৈছে । শনিবাৰে নিশা ৫ জোপা গছ লাচিত ঘাটলৈ স্থানান্তৰ কৰা হৈছে । কাটিং কৰি থোৱা প্ৰায় ২০ জোপা গছ এইটো মাহৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ পাৰলৈ স্থানান্তৰ কৰা হ'ব ।"

উল্লেখ্য যে, নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ হ'বলগীয়া উৰণ সেতু নির্মাণৰ নামত আমবাৰীৰ অসম গণ পৰিষদৰ কাৰ্যালয়ৰ পৰা ৰবীন্দ্ৰ ভৱনৰ সন্মুখলৈ কেইবাজোপা শতিকা পুৰণি গছ স্থানান্তৰকৰণক কেন্দ্ৰ কৰি মহানগৰবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । প্ৰকৃতিপ্ৰেমী, সচেতন ৰাইজ ওলাই আহি চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল; কিন্তু ৰাইজৰ এই প্ৰতিবাদক আওকাণ কৰি নিজৰ স্থিতিত অটল থাকি শনিবাৰে নিশা গছবোৰ স্থানান্তৰ কৰা হয় ।