ETV Bharat / state

ৰে'ল সেৱাত জন্মিব পাৰে ব্যাঘাত, ভূমিস্খলনে লৈছে ভয়ংকৰ ৰূপ - LUMDING BADARPUR TRAIN LINE

নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলন । মুহূৰ্ততে বন্ধ হ'ব পাৰে লামডিং-বদৰপুৰ পাহাৰ লাইনত ৰে'ল চলাচল ।

Train service on the Lamding-Badorpur hill line may stop at any moment
বন্ধ হ'ব পাৰে লামডিং-বদৰপুৰ পাহাৰ লাইনত ৰে'ল চলাচল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 3:28 PM IST

2 Min Read

হাফলং: নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভূমিস্খলনে । ওফন্দি উঠিছে নৈ-উপনৈসমূহ । ভাবুকি আহিছে লামডিং-বদৰপুৰ পাহাৰ লাইনৰ ৰে'ল সেৱালৈ । যিকোনো মুহূৰ্ততে বন্ধ হৈ পৰিব পাৰে লামডিং-বদৰপুৰ পাহাৰ লাইনত ৰে'ল চলাচল ।

ডিমা হাছাও জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে লামডিং-বদৰপুৰ পাহাৰ লাইনৰ জাতিংগা লামপুৰ আৰু নিউহাৰেংগাজাও ষ্টেচনৰ মাজত ৰে'ল লাইনৰ ওপৰত পানী ভৰ্তি হৈ পৰিছে । পাহাৰৰ পৰা দ্ৰুত গতিত নামি আহিছে বোকা পানী । যাৰ বাবে ৰে'ল চলাচল বিঘ্নিত হৈ পৰিছে ।

বোকা-পানীত পোত গ'ল ৰে'লপথ (ETV Bharat Assam)

ইপিনে লামডিং, হাফলং, শিলচৰৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ ওচৰতে এখন দলঙত ফাট মেলা পৰিলক্ষিত হৈছে । আন ঘাইপথৰ এটা অংশতো ফাট মেলা দেখা গৈছে । ইপিনে ধাৰাসাৰ বৰষুণৰ বাবে ডিমা হাছাও জিলাৰ জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে ।

Train service on the Lamding-Badorpur hill line may stop at any moment
পথৰ মাজতে বাগৰি পৰিল গছ (ETV Bharat Assam)

হাফলং চহৰত বিভিন্ন ঠাইত গছ বাগৰি পৰাৰ বাবে শুকুৰবাৰৰ পৰা হাফলং চহৰত বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰিছে ।

নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলন (ETV Bharat Assam)

পাহাৰীয়া জিলাখনত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন ঠাইত গছ বাগৰি পৰাৰ উপৰি ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে বাট-পথ । ইফালে ডিমা হাছাও জিলাৰ আয়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ সীমান্ত কুমাৰ দাসে স্থানীয় ৰাইজক বিনা কামত ঘৰৰ পৰা ওলাই নাহিবলৈ পৰামৰ্শ দিছে ।

ৰাষ্ট্ৰীয় ঘাইপথত মেলিছে ফাঁট (ETV Bharat Assam)

আনহাতে ভূমিস্খলনৰ বাবে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু হাৰেংগাজাওৰ মাজত ২ মে'লৈকে গধুৰ যানবাহনৰ চলাচল বন্ধ থাকিব । অন্যহাতে উমৰাংছ' কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খানডং ডেমত ভয়ংকৰভাৱে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত নিপকোৱে খুলি দিয়ে সাতখনকৈ গেট । যাৰ বাবে কপিলীৰ নৈপৰীয়া অঞ্চলসমূহত বানৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে ।

লগতে পঢ়ক: নীপকোৱে এৰিলে পানী: লখিমপুৰৰ জলপ্ৰলয়ত এজনৰ মৃত্যু - ASSAM FLOOD 2025

জনতাক পোহৰ বিলাবলৈ নিজৰ জীৱনকো তুচ্ছ জ্ঞান শক্তি বিভাগৰ কৰ্মচাৰীৰ - APDCL SERVICE IN DANGER SITUATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.