জোনাই : ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এক মর্মান্তিক ঘটনা । দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কক আনুষ্ঠানিকতা প্ৰদান কৰাৰ পূৰ্বেই বিদায় মাগিলে কইনাই । আনহাতে হাস্পতালৰ বিছনাত ছটফটাই আছে দৰা । এই আধৰুৱা প্ৰেমৰ কাহিনী শুনিলে আপুনিও ভাগি পৰিব ।
মৰ্মান্তিক পথ দুৰ্ঘটনা
উল্লেখ্য যে চিলাপথাৰ থানাৰ অন্তর্গত দাম্বুক বলুকাগুৰি গাঁৱৰ জানমণি মেদক আৰু ভাঙিদিয়া চিচিমুখ গাঁৱৰ শচীন দলেৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল । দুয়ো এই দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কক স্থায়ী ৰূপ দিয়াৰ বাবে মন মেলিছিল । বেংগালুৰুত কৰ্মৰত শচীনে শেহতীয়াকৈ ঘৰলৈ আহে আৰু দুয়ো বিয়া পতাৰ সিদ্ধান্ত লয় । বৈবাহিক জীৱন আৰম্ভ কৰাৰ আশাৰে দেওবাৰে এখন বাইকেৰে দুয়ো ঘৰৰ ওলাই গৈছিল । কিন্তু নিষ্ঠুৰ নিয়তি ! নিশা প্রায় ৯ মান বজাত পিপলগুৰি নামৰ গাঁওখনত তেওঁলোক দুয়ো গৈ থকা বাইকখন দুর্ঘটনাগ্রস্ত হয় । য'ত থিতাতে নিহত হয় জানমণি ।
ইফালে প্রেমিক শচীনো গুৰুতৰভাৱে আহত হৈ বর্তমান ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । তথ্য অনুসৰি দুয়োৰে পিছে পিছে তেওঁলোকৰ বন্ধুকেইজনমান আহি আছিল । কিন্তু তেওঁলোকে দুয়োকে পথৰ দাঁতিত পৰি থকা প্ৰত্যক্ষ কৰে । লগে লগে তেওঁলোকে এম্বুলেন্সৰ জৰিয়তে আঘাতপ্ৰাপ্ত প্ৰেমিক-প্ৰেমিকাক হাস্পতাললৈ প্ৰেৰণ কৰে । অৱশ্যে প্ৰেমিকা জানমণিৰ মৃত্যু হয় ।
দুৰ্ঘটনা সন্দৰ্ভত এজন বন্ধুৱে কয়, "বিয়া পাতিবলৈ আমাকো লগত লৈ গৈছিল । লগৰজনে ছোৱালীজনী আনিছিল । তেওঁলোকে বাইকেৰে আগে আগে গৈ আছিল । পিছে পিছে আমি আহি আছিলো আৰু তেওঁলোকক পৰি থকা দেখিছিলো । লগে লগে ১০৮ এম্বুলেন্স সেৱাক ফোন কৰিলো । ওচৰ চুবুৰীয়াকো খবৰ কৰিলো ।" বন্ধুজনৰ মতে বাইকখন কেনেদৰে দুৰ্ঘটনাত পতিত হ'ল তেওঁলোকে গম নাপালে ।
ল'ৰা ঘৰৰ পৰিয়ালে কিয় চমজি ল'লে কইনাৰ মৃতদেহ ?
ইফালে জানিব পৰা মতে শচীনৰ পৰিয়ালে বোৱাৰী হ'বলগীয়া জানমণিৰ মৃতদেহটো চমজি লৈছে আৰু শচীনৰ ঘৰতে মিচিং জনগোষ্ঠীৰ সম্পূৰ্ণ ৰীতি-নীতিৰে অন্তিম সৎকাৰৰ ব্যৱস্থা কৰে । কিয়নো মিচিং জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি এগৰাকী যুৱতীক পলোৱাই অনাৰ হোৱাৰ পিছত ল'ৰাৰ ঘৰখনেহে সকলো নিয়ম কৰিব লাগে ৷ গতিকে ল'ৰা ঘৰৰ পৰিয়ালে অৰ্থাৎ শচীনৰ পৰিয়ালেই বোৱাৰী হিচাপে জানমণিৰ নশ্বৰ দেহ চমজি লৈ সকলো নীতি-নিয়ম কৰে ।
লগতে পঢ়ক :২৩টা বছৰ পূৰ্বে বি টি চি চুক্তিৰ জৰিয়তে বড়োভূমিলৈ ঘুৰি আহিছিল শান্তি - 23RD BTC ACCORD DAY