ETV Bharat / state

বুকুত মাত্ৰ এপেকেট বিস্কুট খোৱাৰ আশাকণ লৈয়ে চিৰদিনৰ বাবে গুচি গ’ল ৰাজু

নিয়তিৰ কি পৰিহাস ! দিনটোৰ হাড়ভঙা পৰিশ্ৰমৰ অন্তত খাবলৈ বিচাৰিলেও নাপায় খাদ্য় । তাৰ পৰিৱৰ্তে পায় জীৱনৰ সংশয় ।

Alleged murder in Jagiroad
এপেকেট বিস্কুটৰ বাবে শ্ৰমিকক হত্য়াৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 12:46 PM IST

3 Min Read
Choose ETV Bharat

মৰিগাঁও: মাত্ৰ এপেকেট বিস্কুট । দিনটোৰ হাড়ভঙা পৰিশ্ৰমৰ অন্তত খাবলৈ বিচাৰিছিল দহ টকীয়া এপেকেট বিস্কুট । সেয়াই যেন কাৰোবাৰ বাবে কাল হ'ল । এই সামান্য় বিস্কুট পেকেটৰ বাবেই যে এটা অবিশ্বাস্য় ঘটনা সংঘটিত হ'ব পাৰে সেই কথা হয়তো আপুনি সপোনতো ভাবিব নোৱাৰে । হঠাতেই যেন বিষ্কুট পেকেটেই অমানিশা নমাই আনিলে এটা পৰিয়াললৈ ৷ নিমিষতেই সকলো থানবান হৈ গ'ল ।

কৰুণ ঘটনাটোৰ আৰম্ভণি :

কথাটো আছিল তেনেই সাধাৰণ । দিনটো কাম কৰাৰ পিচত এজন লোকে গৃহস্থৰ পৰা বিচাৰিছিল এপেকেট বিস্কুট । সেয়াই আৰম্ভণি । এই ঘটনাটো সংঘটিত হৈছে জাগীৰোডৰ ঘুনুচা হাবী গাঁৱত । স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি যোৱা ৭ এপ্ৰিলত ঘুনুচা হাবী গাঁৱৰ ৰাজু হৰিজন নামৰ প্ৰায় ৪২ বছৰীয়া দিন হাজিৰা কৰা লোকজনক এপেকেট বিস্কুটৰ বাবেই উপৰ্যুপৰি প্ৰহাৰ কৰিছিল কুন্দল দেউৰীয়ে ।

এপেকেট বিস্কুটৰ বাবে শ্ৰমিকক হত্য়াৰ অভিযোগ (ETV Bharat Assam)

উত্থাপিত অভিযোগ অনুসৰি দিন হাজিৰা কৰা লোকজনক বাৰীৰ বেৰ দিয়াৰ কামত নিয়োজিত কৰিছিল জাগীৰোডৰ কণাবঢ়ি গাঁৱৰ কুন্দল দেউৰী নামৰ লোকজনে ৷

ঘটনাৰ আঁৰৰ কাহিনী :

৭ এপ্ৰিলৰ সন্ধিয়া কাম শেষ কৰাৰ পাছত কুন্দল দেউৰীয়ে শ্ৰমিক ৰাজু হৰিজনক দিছিল চাহ আৰু বিস্কুট খাবলৈ দহ টকা ৷ কিন্তু দহ টকাৰ পৰিৱৰ্তে ৰাজুৱে কুন্দল দেউৰীৰ পৰা বিচাৰিছিল বিশ টকা ৷ সেইবাবেই দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ ৷ এসময়ত এই কাজিয়াই ভয়ংকৰ ৰূপ লয় ৷ দুয়োৰে বাকবিতণ্ডাৰ মাজতে কুন্দল দেউৰীয়ে উপৰ্যুপৰি আক্ৰমণ কৰে ৰাজুক ৷ এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিকজন ৷

স্থানীয় ৰাইজে কৰা অভিযোগ মতে,অচেতন হোৱা ৰাজু হৰিজনক অসুস্থ অৱস্থাতে ই-ৰিক্সাত উঠাই ঘৰলৈ পঠিয়াই দিয়ে কুন্দলে । মুমূৰ্ষু অৱস্থাত ৰাজুক পৰিয়ালৰ লোকে লৈ যায় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ কিন্তু জীৱন যুঁজত হাৰ মানি বৃহস্পতিবাৰে চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৰাজুৱে ৷

ইয়াৰ মাজতে পৰিয়ালৰ লোকে ৰাজুৰ জটিল পৰিস্থিতি সন্দৰ্ভত কুন্দল দেউৰীক অৱগত কৰিছিল যদিও কোনো খবৰ নোলোৱাৰ অভিযোগ কুন্দলৰ বিৰুদ্ধে ৷ যাৰ পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে নিশা ৰাজু হৰিজনৰ মৃতদেহ লৈ জাগীৰোড আৰক্ষী থানাত উপস্থিত হয় পৰিয়াল আৰু আত্মীয় ৷

স্থানীয় লোকে কি কয় ?

এই সন্দৰ্ভত এজন স্থানীয় যুৱকে কয়, "ৰাজু হৰিজনে কুন্দল দেউৰীৰ ঘৰত কাম কৰিছিল । সন্ধিয়া সময়ত তেওঁ চাহ নে পানী খুজিবলৈ গৈছিল । সেই সময়ত কুন্দল দেউৰীয়ে তেওঁক মাৰপিট কৰে । এই ঘটনাত তেওঁ গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় । তাৰ পিচত তেওঁক আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাও । চিকিৎসা কৰি থকা অৱস্থাতেই তেওঁৰ মৃত্য়ু হয় । চিকিৎসাত ভৰ্তি হৈ থকা সময়ত আমি কুন্দল দেউৰীক এই বিষয়ে জনাও যদিও তেওঁলোকে কোনো সহায় নকৰিলে ।"

ইয়াৰ পিচতেই অভিযুক্ত কুন্দল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : উমৰাংছ’ কয়লাখনি ট্ৰেজেডী; 21 এপ্ৰিলত হ’ব ৰাজহুৱা শুনানি