ETV Bharat / state

সাগৰ হেৰাই গ'ল নদীত ! বন্ধুৰ লগত পাৰ্টী কৰি উঠাৰ পিছতেই... - YOUTH MISSING FROM PANIKHAITI

পুৱা ঘৰত ৩ বন্ধুৰে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ! সন্ধিয়ালৈ ঘটিল এই ঘটনা ।

Youth missing
ব্ৰহ্মপুত্ৰত নিখোজ গুৱাহাটীৰ যুৱক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 17, 2025 at 7:29 PM IST

2 Min Read

গুৱাহাটী: ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী । ঠায়ে ঠায়ে ৰঙালী বিহুৰ অনুষ্ঠান আয়োজন কৰা হৈছে । এনে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে গুৱাহাটীৰ নিকটৱৰ্তী পানীখাইটিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ।

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে এজন যুৱক । যুৱকজনৰ সন্ধানত ব্ৰহ্মপুত্ৰত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ অভিযান অব্যাহত আছে ।

ব্ৰহ্মপুত্ৰত নিখোজ গুৱাহাটীৰ যুৱক (ETV Bharat)

জানিব পৰা মতে সন্ধানহীন যুৱকজন গুৱাহাটীৰ বীৰকুছিৰ সাগৰ তিমছিনা (২৭) । স্থানীয় ৰাইজে জনোৱা মতে আকাশ শৰ্মা, নিহাল শৰ্মা, উত্তম বণিক নামৰ তিনিজন বন্ধুৰ সৈতে বুধবাৰে সন্ধিয়া পানীখাইটিৰ তিনিটুকুৰাৰ ব্ৰহ্মপুত্ৰ নৈৰ ঘাটলৈ ফুৰিবলৈ গৈছিল সাগৰ তিমছিনা । নৈৰ পাৰত পাৰ্টী কৰি ৪ বন্ধু গা ধুবলৈ ব্ৰহ্মপুত্ৰ নৈত নামিছিল । তাৰ পিছৰে পৰা সাগৰ তিমছিনাৰ কোনো সন্ধান নাই । বন্ধুকেইজনে বহু সময় বিচাৰি কোনো সন্ধান নোপোৱাত নিশা ৮.৩০ মান বজাত স্থানীয় পানীখাইটি আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰী দলক খবৰ দিয়ে । কিন্তু নিশা হোৱাৰ বাবে উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰিব নোৱাৰিলে । অৱশ্যে বৃহস্পতিবাৰে পুৱাই নিখোজ যুৱকজনক বিচাৰি এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ জোৱানসকলে অভিযান আৰম্ভ কৰে । কিন্তু কেইবা ঘণ্টা ধৰি অভিযান চলোৱাৰ পিছতো যুৱকজনৰ কোনো সম্ভেদ নাপালে উদ্ধাৰকাৰী দলে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ যুৱকজনৰ কোনো সম্ভেদ পোৱা হোৱা নাই ।

মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে চন্দ্ৰপুৰৰ একেটা পৰিয়ালৰে তিনি সদস্যৰ কলং নৈত সমাধি ঘটিছিল । সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ পানীখাইটিত সংঘটিত হোৱা এই ঘটনাই সমগ্র অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে । নৈৰ পাৰত সন্ধানহীন সাগৰক বিচাৰি হাবাথুৰি খাইছে তেওঁৰ পৰিয়াল । ঘটনা সন্দৰ্ভত মাতৃয়ে কয়,"আহি আছো মা বুলি কৈছিল, তাৰ পিছত ৫ বজাৰ পৰা তাৰ মোবাইল ছুইটছ অফ । ৮ টা বজাত খবৰ দিছে তেতিয়াহে গম পালো । পুৱা তাৰ বন্ধুকেইজনৰ ঘৰলৈ গৈছিল ।"

লগতে পঢ়ক :কলঙে প্ৰাণ কাঢ়িলে দুই কন্যাসহ মাতৃৰ - DEATH BY DROWNING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.