নিশা একেলগে শুই আছিল, সেই শোৱাপাটীতে একেলগেই ৰহস্যজনকভাৱে জীৱনক চিৰবিদায় মাতৃ-কন্যাৰ
মালিগাঁৱৰ কামাখ্যা নগৰত নিজ বাসগৃহৰ ভিতৰতে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি ল'লে মাতৃ-কন্যাই ।

Published : July 24, 2025 at 6:21 PM IST
গুৱাহাটী : গুৱাহাটীৰ আদাবাৰীৰ কামাখ্যা নগৰত চাঞ্চল্যকৰ ঘটনা । অগ্নিদগ্ধ হৈ মাতৃ আৰু কন্যাৰ ৰহস্যজনক মৃত্যু । শোৱাপাটীতেই অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'লে মাতৃ-কন্যাই । ঘটনাটো সংঘটিত হৈছে কামাখ্যা নগৰৰ ৪ নং বাইলেনত । নিশা শোৱাপাটীতে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা মাতৃগৰাকীৰ নাম দীপশিখা চক্ৰৱৰ্তী আৰু কন্যাৰ নাম শৰ্মিষ্ঠা চক্ৰৱৰ্তী । ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী সুব্ৰত চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয়, "মই গম পাইছো পুৱা ৫.৩০ মান বজাত । নিশা মহখেদা কইল জ্বলাই শুৱে আৰু সেই কইলৰ পৰা চাৰ্জাৰৰ তাঁৰত লাগে । তাঁৰডালৰ পৰা জুই বিছনাত লাগে আৰু তাৰ পাছতে ঘটনাটো সংঘটিত হয় । পুৱা চাৰিওফালে ধোঁৱা ধোঁৱা হৈ যায় । নিশাৰ ভাগত ঘটনাটো হৈছে । বিছনাৰ সকলো বস্তু জ্বলি গৈছে ।"
উল্লেখ্য যে প্ৰথম অৱস্থাত এই ঘটনাটো শ্ব'ৰ্ট-চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও আৰক্ষীয়ে এয়া শ্ব'ৰ্ট-চাৰ্কিটৰ ঘটনা নহয় বুলি সদৰী কৰিছে । ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনছিকৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত চলায় । ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয়, "প্ৰাতঃভ্ৰমণলৈ যোৱা মানুহে পোৰা-পোৰা গোন্ধ পাইছিল আৰু বাহিৰৰ পৰা ধোঁৱা দেখা পাইছিল । সেই সময়ত ঘৰৰ ভিতৰত মানুহ আছিল । পিতৃয়ে ততাতৈয়াকৈ দৰ্জাখন খুলিছিল, প্ৰথম অৱস্থাত তেওঁলোক শুই থকা বুলি ভাবিছিল আৰু ততাতৈয়াকৈ মালিগাঁৱৰ ৰে'লৱে হাস্পতাললৈ লৈ গৈছিল । কিন্তু চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে । পিতৃ অন্য এটা কোঠাত শুই আছিল । জুই লগা কোঠাটোত মাতৃ আৰু কন্যা শুই আছিল ।"
আৰক্ষীয়ে লগতে কয়, "ডাঙৰ জুই লগা নাছিল । জুই লগাৰ ফলত শ্বাসৰুদ্ধ হৈ কিবা এটা হৈছে । আমি বিজ্ঞানসন্মতভাৱে তদন্ত আৰম্ভ কৰিছোঁ । ঘৰৰ ভিতৰৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ হৈছে চিগাৰেটৰ আধা খোৱা অংশ । শ্ব'ৰ্ট-চাৰ্কিট হোৱাৰ কোনো প্ৰমাণ নাই । ঘৰৰ ভিতৰৰ পৰ্দা ঠিকেই আছে । এয়া এক দুৰ্ঘটনা যেন অনুমান হয় । তদন্তৰ পাছতহে সঠিকভাৱে ক'ব পৰা যাব ।"
উল্লেখ্য যে চাৰিজনীয়া পৰিয়ালটোত দীপশিখা চক্ৰৱৰ্তী আৰু সুব্ৰত চক্ৰৱৰ্তীৰ জ্যেষ্ঠ কন্যা আছিল শৰ্মিষ্ঠা চক্ৰৱৰ্তী । ঘটনাটোত মৃত্যু হোৱা দীপশিখা চক্ৰৱৰ্তী আৰু জ্যেষ্ঠ কন্যা শৰ্মিষ্ঠা চক্ৰৱৰ্তী একেটা কোঠাত শুই আছিল । ঘৰটোৰ অন্য এটা কোঠাত শুই আছিল পিতৃ সুব্ৰত চক্ৰৱৰ্তী । জানিব পৰা মতে বেংগালুৰুৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু ৱৰ্ক ফৰ্ম হোম আছিল শৰ্মিষ্ঠাৰ চাকৰি । মাতৃ দীপশিখা আছিল সংগীতৰ প্ৰশিক্ষক । ইতিমধ্যে আৰক্ষীয়ে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । মৰ্মান্তিক ঘটনাটোৱে জোকাৰি গৈছে সমগ্ৰ মালিগাঁও অঞ্চল ।

