ETV Bharat / state

মদাহী স্বামীৰ নিৰ্যাতনেই কাল হ'ল নেকি ! ৰেলে মহটিয়াই নিলে মাতৃ-কন্যাক - TRAGIC INCIDENT IN NALBARI

নলবাৰীৰ বাউসীয়াপাৰাত এক হৃদয় বিদাৰক ঘটনা । তিনি সন্তানক লগত লৈ মোমায়েকৰ ঘৰলৈ যাওতেই ঘটিল ঘটনাটো ।

Tragic Incident In Nalbari
নলবাৰীৰ বাউসীয়াপাৰাত হৃদয় বিদাৰক ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 15, 2025 at 9:18 PM IST

3 Min Read

নলবাৰী: শনিবাৰে ৰাজ্য়জুৰি উলহ-মালহেৰে ৰঙৰ উৎসৱ পালিত হৈ থকাৰ সময়তেই ঘটিল এক হৃদয় বিদাৰক ঘটনা । কোনেও নভবাকৈয়ে সংঘটিত হ'ল ঘটনাটো । সমাজত সুৰাই পাৰিবাৰিক অশান্তি বিয়পোৱাৰ লগতে চৰম বিপৰ্যয় নমাই আনিছে বহুতো পৰিয়াললৈ । আজিৰ এই কৰুণ ঘটনাটোৱে এনে এখন ছবিকেই প্ৰতিফলিত কৰিলে ।

হোলীৰ দিনাই নলবাৰীক জোকাৰি গ'ল এই কৰুণ ঘটনাটোৱে । তিনি সন্তানক লগত লৈ মাতৃ গৈছিল টিহুৰ মাতৃৰ ঘৰলৈ । মোমায়েকৰ ঘৰলৈ বুলি দুই পুত্ৰ আৰু পাঁচ বছৰীয়া কন্যাক লগত লৈ গৈছিল মাতৃয়ে । নলবাৰীৰ বাঁহজানীৰ চৰিয়া গাঁৱৰ পৰা গৈছিল টিহুলৈ । কিন্তু নলবাৰীৰ বাউসীয়াপাৰাত ৰে'লৰ খুন্দাত কৰুণ মৃত্যু ঘটে মাতৃ আৰু কন্যা সন্তানৰ । জীৱন্তে স্থানীয় লোকে উদ্ধাৰ কৰে দুই পুত্ৰ সন্তানক ।

নলবাৰীৰ বাউসীয়াপাৰাত হৃদয় বিদাৰক ঘটনা (ETV Bharat Assam)

দুই পুত্ৰই সাংবাদিকৰ কেমেৰাৰ সন্মুখত দিয়া ভাষ্য অনুসৰি পিতৃ নৃপেন দাসে সদায় মদ্যপান কৰি মাতৃৰ ওপৰত চলাই আহিছিল মানসিক নিৰ্যাতন । যোৱা নিশাও মাতৃৰ সৈতে পিতৃ নৃপেন দাসৰ মাজত সংঘটিত হৈছিল কোনো পাৰিবাৰিক কাৰণক লৈ তৰ্কাতৰ্কি । এই কথা অৱগত কৰে জীৱন্তে উদ্ধাৰ হোৱা কণমানি পুত্ৰই । যাৰ বাবে হয়তো মহিলাগৰাকীয়ে হতাশাত ভুগিছিল । সেয়ে আজি মোমায়েকৰ ঘৰলৈ যাম বুলি কৈ জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে নেকি ! তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে সৰ্বত্ৰে ।

এগৰাকী স্থানীয় লোকে এই সন্দৰ্ভত কয়, "নৃপেন দাসে সদায় সুৰাপান কৰি আহি পত্নীক চলাই গৈছিল নিৰ্যাতন । মদ্যপান কৰিবলৈ টকা নিদিয়াৰ বাবে যোৱানিশাও দুয়োৰে মাজত তৰ্কাতৰ্কি হৈছিল ।" মহিলাগৰাকীয়ে ৰোৱনী, দাৱনী কৰি যিখিনি উপাৰ্জন হয় সেই সমস্ত ধন নৃপেন দাসক নিদিলে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰে স্থানীয় লোকে । নৃপেন দাস পেছাত এজন ৰং মিস্ত্ৰী । সম্প্ৰতি নৃপেন দাসক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে ।

আনহাতে, জীৱন্তে উদ্ধাৰ হোৱা দুই পুত্ৰ সন্তানক ঘটনা সংঘটিত হোৱা বাউসীয়াপাৰাৰ এটা পৰিয়ালে আশ্ৰয়ৰ বাবে লৈ যায় । এই ঘটনাৰ পিছতেই ৰে'ল আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ মাতৃ আৰু কন্যাৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক:কোনেও একো তলকিবই নোৱাৰিলে; নিজকে গুলীয়াই শেষ কৰিলে জীতেন শইকীয়াই - MAN COMMITS SUICIDE

প্ৰযুক্তি ক্ষেত্ৰত কৰ্মৰত যুৱকৰ চৰম সিদ্ধান্ত : অভিযোগৰ আঙুলি পত্নী পৰিয়াললৈ - BENGALURU TECHIE SUICIDE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.