ETV Bharat / state

জগন্নাথ ৰথ যাত্ৰা: মহানগৰীৰ কোন কেইটা পথত হ'ব তীব্ৰ যানজঁট ? - Jagannath Rath Yatra 2024

Jagannath Rath Yatra : আজিৰে পৰা আৰম্ভ হ’ব জগন্নাথ ৰথ যাত্ৰা ৷ ওড়িশাৰ পুৰীত অতি ধূমধামেৰে আয়োজন কৰা হৈছে দেশৰ অটাইতকৈ বৃহৎ এই ধৰ্মীয় উৎসৱটি ৷ ওড়িশা কিম্বা দেশৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো আয়োজন কৰা হৈছে ৰথ যাত্ৰাৰ কাৰ্যসূচী ৷ যাৰ বাবে মহানগৰীত আজি সৃষ্টি হ'ব তীব্ৰ যানজঁটৰ ৷ কোন কোন পথত হ’ব তীব্ৰ যানজঁট জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Jagannath Rath Yatra 2024
মহানগৰীৰ কোন কেইটা পথত হ'ব তীব্ৰ যানজঁট ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 7, 2024 at 10:16 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ৭ জুলাই : আজিৰে পৰা আৰম্ভ হৈছে মহাপ্ৰভূ শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আয়োজন কৰা হৈছে জগন্নাথ ৰথ যাত্ৰাৰ । মহানগৰী মালিগাঁৱৰ পৰা পাণ বজাৰ ৰ’পৱে পইন্ট আৰু জি এছ ৰোড শ্ৰী নগৰৰ পৰা জয়ানগৰলৈ পৃথকে পৃথকে উলিওৱা হ'ব ৰথ যাত্ৰা ।

এই জগন্নাথ ৰথ যাত্ৰাৰ সময়ত গুৱাহাটী মহানগৰীত সৃষ্টি হ'ব তীব্ৰ যানজঁটৰ । তীব্ৰ যানজঁটৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি মহানগৰীৰ কেইবাটাও পথ এৰাই চলিলে উপকৃত হ'ব । তথ্য অনুসৰি, আজি (দেওবাৰ) দিনৰ ২ বজাৰ পৰা মহানগৰীৰ কেইবাটাও পথত হ'ব তীব্ৰ যানজঁট ।

Jagannath Rath Yatra 2024
জগন্নাথ ৰথ যাত্ৰাৰ সময়ত গুৱাহাটী মহানগৰীত সৃষ্টি হ'ব তীব্ৰ যানজঁটৰ (ETV Bharat Assam)

লগতে পঢ়ক : ওড়িশাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ : সাক্ষী হ’ব ৰথযাত্ৰাৰ - Droupadi Murmu

মহানগৰীত ৰথ যাত্ৰাৰ বাবে নিম্নলিখিত পথসমূহত হ’ব তীব্ৰ যানজঁট । এই পথসমূহ এৰাই চলিবলৈ আহ্বান মহানগৰ যান বাহন আৰক্ষীৰ -

  1. জি এছ ৰোড (পল্টন বজাৰৰ পৰা ছয় মাইল)
  2. আৰ পি ৰোড (গণেশগুৰি উৰণ সেতুৰ পৰা গণেশ মন্দিৰ)
  3. কাহিলীপাৰা পথ (গণেশ মন্দিৰৰ পৰা দক্ষিণ গাঁও)
  4. বেলতলা-বশিষ্ঠ ৰোড (লাষ্ট গেটৰ পৰা বশিষ্ঠ চাৰিআলি)
  5. ত্ৰিপুৰা গ’লি
  6. ভি আই পি ৰোড (ছয়মাইলৰ পৰা নাৰেংগী)
  7. পাঞ্জবাৰী ৰোড (ছয়মাইলৰ পৰা বতাহঘূলি)
  8. ৰিফাইনাৰী ৰোড (১নং শালবাৰীৰ পৰা গোপাল নগৰ)
  9. মণিৰাম দেৱান ৰোড (বামুণীমৈদাম ৰে’লৱে কলনীৰ পৰা হাতীগড় চাৰিআলি)
  10. মাদাৰ টেৰেছা ৰোড (গীতা মন্দিৰৰ পৰা জু-ৰোড তিনিআলি)
  11. এটি ৰোড (পল্টন বজাৰৰ পৰা উলুবাৰী চাৰিআলি)
  12. বি কে কাকতি ৰোড (উলুবাৰী চাৰিআলিৰ পৰা আৰ্য নগৰ)
  13. এ কে আজাদ ৰোড (লাল গণেশৰ পৰা নেপালী মন্দিৰ )
  14. এ কে দেৱ ৰোড (ফটাশিল চাৰিআলিৰ পৰা ধীৰেন পাৰা)
  15. এম ডি শ্বাহ ৰোড (নেপালী মন্দিৰৰ পৰা গধূলি বজাৰ)
  16. এম জি ৰোড আৰু ডি জি ৰোড (গুৱাহাটী উচ্চ ন্যায়ালৰ পৰা মালিগাঁও চাৰিআলি)
  17. এছ জে ৰোড (কুমাৰপাৰা পাঁচআলিৰ পৰা আঠগাঁও উৰণ সেতু) ।

লগতে পঢ়ক : পুৰীৰ ৰথ যাত্ৰা : এই আধ্যাত্মিক উৎসৱৰ ৰীতি-নীতি তথা কাৰ্যসূচীৰ সবিশেষ - Puri Rath Yatra 2024