ETV Bharat / state

দশভূজাৰ বিদায় পৰ্বত মণ্ডপে মণ্ডপে আনন্দৰ মাজতে বিসৰ্জনৰ আবেগ

Durga Puja 2024 : অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় । বিদায়পৰ্বৰ বিষাদৰ মাজতে সকলোৱে নাচ-গান কৰি আনন্দত মতলীয়া ।

Durga Puja 2024
দেৱী দুৰ্গাক বিদায় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 13, 2024 at 7:05 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী/হোজাই, ১৩ অক্টোবৰঃ সামৰণি পৰিল চাৰিদিন ধৰি চলা মহা উৎসৱৰ। দশমীৰ দিনা পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে মহিষমৰ্দিনী দেৱী দুৰ্গাক বিদায় দিয়া হয় । তিথি অনুসৰি এইবাৰ নবমী আৰু দশমী একেদিনাই হোৱা বাবে শনিবাৰেই দশমীৰ যথাবিহিত পৰ্বৰ সমাপ্তি পৰে যদিও আজি দেওবাৰে দশভূজা দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়।

ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰি বিগত কেইদিন পূজা-অৰ্চনা কৰা দশভূজা দেৱী দুৰ্গাৰ প্ৰতিমা দশমী পূজাৰ পিছতে আজি বিসৰ্জন দিয়া হয় । গুৱাহাটী মহানগৰীত উলহ-মালহেৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰাৰ পাছত আজি প্ৰতিমাসমূহ প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া স্থানত বিসৰ্জন দিয়া হয় । বিসৰ্জনৰ পূৰ্বে গুৱাহাটীৰ প্ৰতিটো পূজা মণ্ডপত বিদায়পৰ্বৰ বিষাদৰ মাজতে সকলোৱে নাচ-গান কৰি আনন্দত মতলীয়া হৈ পৰে ।

দেৱী দুৰ্গাক বিদায় (ETV Bharat Assam)

সকলোৱে হাঁহিমুখে দেৱী দুৰ্গাক বিদায় দিয়ে যদিও মনৰ বেদনাও প্ৰতিফলিত হয় । প্ৰতিটো মণ্ডপতে দেখা গ'ল পাৰভঙা উচাহ-উদ্দীপনা । সকলোৱে নাচ-গান কৰি আনন্দত মতলীয়া হৈ পৰে যদিও দেৱী দুৰ্গাৰ মণ্ডপৰ পৰা নিয়াৰ সময়ত সকলো আবেগিক হৈ পৰে ।

পৰম্পৰাগত সেন্দুৰ খেল

ইফালে, আজি মহিলাসকলে পৰম্পৰাগত সেন্দুৰ খেল খেলি পৰস্পৰে পৰস্পৰক দশমীৰ শুভেচ্ছা জ্ঞাপন কৰে । সৰগৰ পৰা মৰতলৈ আগমন ঘটা দশভূজা দেৱী দুৰ্গাই আজি গমন কৰে । ষষ্ঠীৰ দিনা যুৰীয়া বেলেৰে বৰণ কৰি বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হয় । দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন পৰ্বৰ লগে লগে অন্ত পৰে মহাউৎসৱৰ পাৰভঙা আনন্দৰ ।

হোজাইতো সেন্দুৰ খেল

আজি হোজাইতো উলহ-মালহেৰে পালন কৰা হয় বিজয়া দশমী । আজি পুৱাৰ পৰাই ভক্তসকলে ৰীতি-নীতি অনুসৰি প্ৰতিমা বিসৰ্জনৰ আগত সেন্দুৰ খেলা, দেৱীৰ ওচৰত কিতাপ চোৱা, দেৱী দুর্গাৰ আশীৰ্বাদ ল'বৰ বাবে পূজা মণ্ডপ সমূহত ভিৰ কৰা পৰিলক্ষিত হয় । উল্লেখ্য় যে, বিজয়া দশমীৰ দিনটোত দেৱীৰ মূৰ্তি বিসৰ্জন দিয়াৰ পূৰ্বে সেন্দুৰ খেলাৰ ৰীতি-নীতি পালন কৰা হয় । দেৱী দুৰ্গাক পুৱা উপাসনা কৰি মহিলাসকলে হাতেৰে পাণ ব্যৱহাৰ কৰি দেৱীৰ মূৰ্তিটোত সেন্দুৰ লগায় । ইয়াৰ পিছত সেন্দুৰ লগোৱা পৰ্ব আৰম্ভ কৰে । ইয়াৰ জৰিয়তে স্বামীৰ দীৰ্ঘজীৱনৰ বাবে বিবাহিত মহিলা সকলে দেৱীৰ পৰা আৰ্শীবাদ লয় ।

লগতে পঢ়ক:চূণচালি ঘাটত শনিবাৰে ১৭ খন পূজাৰ প্ৰতিমা বিসৰ্জন; দেওবাৰেও অব্যাহত থাকিব বিসৰ্জন প্ৰক্ৰিয়া

অশ্ৰুসিক্ত নয়নেৰে বছৰটোলৈ বিদায় মা দুৰ্গাক