লখিমপুৰ: আগে পাছে নাই কোনো নিৰাপত্তাৰক্ষী । সাধাৰণ লোকৰ সৈতে শাৰী পুৰাই মজিয়াত বহিল এগৰাকী বিধায়কৰ লগতে জিলা আয়ুক্ত । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ওপৰ মহলাত ভকতৰ সৈতে একেলগে বহি হৰিনাম গালে বিশ্বশান্তিৰ বাবে । সকলোৱে গুৰুজনাৰ আশিস লৈ ৰাজ্য় তথা দেশৰ জনগণৰ মংগল কামনা কৰিলে ।
এদিনৰ বাবে ভকত হ'ল লখিমপুৰ জিলা আয়ুক্ত আৰু বিধায়কগৰাকী । পিন্ধনত ধূতি-পাঞ্জাবী । ডিঙিত গামোচা লৈ হৰিনাম গাই বজালে হাত চাপৰি । আজি বন্ধৰ দিনটোত এদিনৰ বাবে ভকত হ'ল লখিমপুৰ জিলাৰ আয়ুক্ত প্ৰণৱ জিৎ কাকতি আৰু বিধায়ক মানৱ ডেকা । নাগাৰা, তালৰ সৈতে গোৱা হৰিনামৰ ধ্বনিত দুয়ো ভকতৰ সৈতে একাত্ম হৈ পৰে ।
এয়া আজি লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ছবি । চৰকাৰী কাম-কাজ সামৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীয়ে নাম-প্ৰসংগত অংশগ্রহণ কৰে । কাৰ্যালয়ৰ ওপৰ মহলাত আয়োজন কৰা হয় এই নাম-প্ৰসংগ । একাংশ আমন্ত্রিত ভকতৰ সৈতে আয়ুক্তৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীয়ে অংশগ্রহণ কৰে । কাগজ-কলম, ফাইলৰ সলনি চলিল ধূপ-ধূনাৰ সুবাস । নাগাৰা, তাল আদিৰ তালে তালে জাত জাত হৰিনামৰ ধ্বনিৰে মূখৰ হ'ল কাৰ্যালয়টো ।
এই প্ৰসংগত আয়ুক্ত প্ৰণৱ জিৎ কাকতিয়ে কয়, "নতুন বছৰৰ আৰম্ভণিতে আমি নাম-প্ৰসংগভাগ আয়োজন কৰিছো যাতে লখিমপুৰৰ লগতে আমাৰ ৰাজ্য় তথা দেশৰ প্ৰগতি হয় । বিশ্বশান্তিৰ বাবে আমি ভগবানৰ ওচৰত আশিস বিচাৰিছো ।"

ইপিনে, বিধায়ক মানৱ ডেকাই এই প্ৰসংগত কয়, "আয়ুক্ত প্ৰণৱ জিৎ কাকতিৰ তত্বাৱধানত জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া-কৰ্মচাৰী মিলিত হৈ আজিৰ দনটোত সমগ্ৰ অসমতেই বৰসবাহ হৈ থকাৰ সময়তেই আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এনে কাৰ্যসূচীৰ দ্বাৰা আমাৰ মনবোৰে প্ৰশান্তি লাভ কৰে । আমাৰ যি ধৰ্মীয় আৰু সাংস্কৃতিক চেতনা সেয়া জাগ্ৰত হয় আৰু এটা ধাৰ্মিক পৰিবেশৰ মাজেৰে অফিচ-কাছাৰী চলে । আমাৰ কাৰণে গুৰুজনাৰ নাম-প্ৰসংগ এটা ধৰ্মীয় অনুষ্ঠান নহয়,জাতি-ধৰ্ম,বৰ্ণ-ভাষা নিৰ্বিশেষে আমি বিলীন হৈ যাও । আমাৰ সাংস্কৃতিক দিশটোও প্ৰতিফলিত কৰে । গতিকে জিলা আয়ুক্তকে ধৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"