ETV Bharat / state

কংক্ৰিটৰ চহৰৰ মাজত থকা এখন বিশেষ উদ্যান- য‘ত পোৱা যায় এবিধ-দুবিধ নহয়, এশবিধতকৈ অধিক ঔষধি গছ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঔষধি উদ্ভিদৰ সম্পদৰ উপযুক্ত সংৰক্ষণ-সংবৰ্দ্ধত তথা অধ্যয়নৰ এক বিশেষ পদক্ষেপ । ইয়াতেই কেতুৰী, মছন্দৰী, ভেদাইলতাৰ পৰা আৰম্ভ কৰি আছে সকলো ।

GUWAHATI TRADITIONAL MEDICINAL PLANT GARDEN
খানাপাৰাস্থিত গুৱাহাটী ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ঔষধি উদ্য়ানখন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 10:19 AM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : এখন বিশেষ উদ্যান । আমি সকলোৱে দেখি থকা এই বিশেষ উদ্য়ানখনত পিছে সৌন্দৰ্যবৰ্ধক ফুল অথবা পুষ্টিগুণেৰে সমৃদ্ধ ফল নাই । এশবিধতকৈ অধিক ঔষধি গছহে পোৱা যায় উদ্যানখনত । উদ্যানখনতেই আছে প্রাচীন ভাৰতীয় চিকিৎসক তথা 'সুশ্রুত সংহিতা' গ্রন্থৰ ৰচক সুশ্রুতে উল্লেখ কৰা বহুতো ঔষধি গছ যিবোৰে আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰি আহিছে ।

প্ৰকৃতিক সকলোৱে মাতৃ জ্ঞান কৰি আহিছে । একো নোখোজাকৈয়ে প্ৰকৃতিয়ে আমাক সকলো দিছে । ইয়াৰ বিনিময় কিন্তু প্ৰকৃতিয়ে আমাৰ পৰা কেতিয়াও একো বিচৰা নাই ৷ বিশ্বায়নৰ যুগত বিজ্ঞানৰ চৰম অগ্ৰগতিৰ সময়তো আমি চিকিৎসাৰ বাবে আধুনিক চিকিৎসা বিজ্ঞানৰ সহায় লৈছো যদিও ইয়াৰ মূল উপাদানসমূহো প্ৰকৃতি প্ৰদত্ত বুলিয়েই ক'ব লাগিব ।

খানাপাৰাস্থিত গুৱাহাটী ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ উদ্য়ান (ETV Bharat Assam)

আমাৰ চাৰিওফালে আছে ঔষধি গছ-গছনি । মন কৰকচোন যদি এইবোৰ আমি একে ঠাইতে লাভ কৰিব পাৰো তেতিয়াহ'লে কিমান উপকাৰ হ'ব । তদুপৰি এইবোৰ সংৰক্ষণ কৰিব পাৰিলে উপকাৰ হ'ব মানৱ জাতিৰেই । নৱ প্ৰজন্মক এইবোৰৰ বিষয়ে অৱগত কৰা হৈছে এই ঔষধি উদ্য়ানখন । ইয়াতেই উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি পৰম্পৰাগত চিকিৎসা তথা উপশম পদ্ধতিৰ জ্ঞান-ভাণ্ডাৰৰো উপযুক্ত সংৰক্ষণ-সংবৰ্ধন আৰু প্ৰণালীবদ্ধ অধ্যয়নত সুবিধা হোৱাকৈ পৰম্পৰাগত ঔষধ বীথিকাটো স্থাপন কৰা হৈছে ।

GUWAHATI TRADITIONAL MEDICINAL PLANT GARDEN
গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ (ETV Bharat Assam)

এই উদ্য়ানখন আছে মহানগৰীৰ মাজমজিয়াত । ইয়াতেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পোৱা এশবিধতকৈ অধিক ঔষধি গছ আছে । এই উদ্যানখনত কি নাই ? মছন্দৰীৰ পৰা কেতুৰীলৈ সকলোবোৰ ঔষধি গছৰ লগতে গছবোৰৰ ঔষধি গুণাগুণৰো বৰ্ণনা কৰা আছে । এই উদ্যানখন আছে খানাপাৰাস্থিত গুৱাহাটী ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত ।

GUWAHATI TRADITIONAL MEDICINAL PLANT GARDEN
গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ (ETV Bharat Assam)

কিমানবিধ ঔষধি উদ্ভিদ আছে :

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হাবিয়ে বননিয়ে পোৱা প্ৰায় ১২০ বিধ ঔষধি গছ আছে এই উদ্যানখনত । আম, আদা, কেতুৰী, মছন্দৰী, ভেদাইলতা,চম্পা, জবা ফুল, সোণবৰিয়াল, বৰ নেমু, সৰ্পগন্ধা, ভোটৰা, হাড়জোৰা লতা, পাতেগজা, সোণাৰু, বৰ-মানিমুনি, বগা আগেচিতা, মধুৰিআম, বন তুলসী, ক‘লা তুলসী, অৰ্জুন গছ, গাঠিয়ন, টেঙেচি টেঙা, তৰুৱা কদম, মধুসোলেং, চালকুৱৰী, পদিনাকে আদি কৰি ১০০ বিধতকৈ অধিক ঔষধি গছ আছে । তদুপৰি দৰ্শনাৰ্থীয়ে বুজিব পৰাকৈ প্ৰতিবিধ গছৰ তলত গছবিধৰ বৰ্ণনা কৰা হৈছে ঔষধি গুণাগুণ । এইবোৰৰ উপৰি বৈজ্ঞানিক নাম, ইংৰাজীৰ নামো আদিও উল্লেখ আছে ।

GUWAHATI TRADITIONAL MEDICINAL PLANT GARDEN
গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ঔষধ বিষয়ক বীথিকা (ETV Bharat Assam)

ঔষধ বিষয়ক বীথিকাটোত কি আছে :

গুৱাহাটী ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত শেহতীয়াভাৱে দৰ্শকৰ বাবে মুকলি কৰা বীথিকাটোত পৌৰাণিক সময়ৰ পৰা বৰ্তমানলৈ প্ৰাকৃতিক ঔষধবোৰৰ ক্ৰমবিকাশৰ বিজ্ঞানসন্মতভাৱে প্ৰদৰ্শনী কৰা হৈছে । প্ৰকৃতিৰ মাজত পোৱা বহু ঔষধি গছৰ গুণাগুণ ব্যাখ্যা কৰা হৈছে । বীথিকাটোত পৰম্পৰাগত চিকিৎসা পদ্ধতি, পৰম্পৰাগত ঔষধৰ ভৱিষ্যত, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা লুপ্তপ্ৰায় প্ৰজাতিৰ গছৰ বিষয়ে বৰ্ণনা, ছালৰ যতন লোৱাৰ বাবে কি কি প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰা হয়, উত্তৰ পূৰ্বাঞ্চলত পশুক কিদৰে প্ৰাকৃতিক উপায়েৰে যতন লয় তাৰো আভাষ দাঙি ধৰা হৈছে বীথিকাটোত ।

GUWAHATI TRADITIONAL MEDICINAL PLANT GARDEN
গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ঔষধ বিষয়ক বীথিকা (ETV Bharat Assam)

আনহাতে মহিষ বসন্ত, লংগ্যা ভাইৰাছ, চাপ্ৰা ভাইৰাছ, নিপা ভাইৰাছ, ক'ভিড ১৯ লক্ষণ কিদৰে বিয়পে, চিকিৎসা পদ্ধতি আদি সকলোবোৰ বিস্তৃতভাৱে উল্লেখ কৰা হৈছে । তদুপৰি কিছুমান থলুৱা ফলৰ উপকাৰিতা আদিৰ বিষয়েও বৰ্ণনা কৰা হৈছে । মুঠৰ ওপৰত সকলোৱে জাতে এই ঔষধি গছবোৰৰ বিষয়ে জনাৰ লগতে এইবোৰ সংৰক্ষণৰ বাবে আগ্ৰহী হৈ পৰে তাৰ বাবে এইদৰে সুন্দৰ ব্য়ৱস্থা কৰা হৈছে ।

ঔষধি উদ্যানখনৰ বিষয়ে কি কয় কৰ্তৃপক্ষই :

ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ সঞ্চালক সুজয় মজুমদাৰে কয়, "২০ জুনত উত্তৰ-পূবৰ প্ৰথমখন ঔষধি উদ্যানখন আৰু উত্তৰ পূবৰ প্ৰথমটো পৰম্পৰাগত ঔষধ বিষয়ক বীথিকা দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছে । মুকলি কৰাৰে পৰা দৰ্শনাৰ্থীৰ ভাল সঁহাৰি লাভ কৰিছো । দৰ্শকৰ বাবে শেহতীয়াকৈ মুকলি কৰা ঔষধি উদ্যানখন সঠিকভাৱে উপস্থাপন কৰা হৈছে । উদ্যানখনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পোৱা এশতকৈ অধিক ঔষধি গছ আছে য'ত প্ৰতিজোপা গছৰ মূল্যায়ন কৰা হৈছে । এই উদ্যানখনৰ বাবে প্ৰায় ৭ মাহ সময়ৰ প্ৰয়োজন হৈছিল ।"

GUWAHATI TRADITIONAL MEDICINAL PLANT GARDEN
ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ঔষধ বিষয়ক বীথিকা (ETV Bharat Assam)

ক্ৰমবিকাশৰ বিজ্ঞানসন্মতভাৱে প্ৰদৰ্শনী :

তেওঁ লগতে কয়, "উত্তৰ পূব ভাৰতৰ পৰম্পৰাগত ঔষধি গেলেৰীত পৌৰাণিক সময়ৰ পৰা বৰ্তমানলৈ প্ৰাকৃতিক ঔষধবোৰৰ ক্ৰমবিকাশৰ বিজ্ঞানসন্মতভাৱে প্ৰদৰ্শনী কৰা হৈছে । এই গেলেৰীটোত পৰম্পৰাগত চিকিৎসা পদ্ধতিবোৰ আধুনিকভাৱে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। মণিপুৰৰ ভেষজ বাস্প থেৰাপীৰ পৰা বৌদ্ধ মঠৰ চিকিৎসা পদ্ধতিকে ধৰি বিভিন্ন পৰম্পৰাগত চিকিৎসাৰ বিষয়ে প্ৰদৰ্শন কৰা হৈছে । তদুপৰি লুপ্তপ্ৰায় প্ৰজাতিৰ গছৰ বিষয়েও বৰ্ণনা কৰা হৈছে ।"

GUWAHATI TRADITIONAL MEDICINAL PLANT GARDEN
পুৰণি পৰম্পৰাগত চিকিৎসা আৰু উপশমৰ কিছু আভাস (ETV Bharat Assam)

উল্লেখ্য় যে যোৱা ২০ জুনত এই উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰিছে মন্ত্ৰী কেশৱ মহন্তই । উত্তৰ-পূবৰ প্ৰথমখন ঔষধি উদ্যানখন আৰু উত্তৰ পূবৰ প্ৰথমটো পৰম্পৰাগত ঔষধ বিষয়ক বীথিকা মুকলি কৰিছিল মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ তত্বাৱধানত পৰিচালিত বিজ্ঞান কেন্দ্ৰটোৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে অনলাইন টিকট ব্যৱস্থাও আছে ।

লগতে পঢ়ক:অতীজৰে পৰাই পৰম্পৰাগত চিকিৎসা-নিৰাময় জ্ঞানেৰে চহকী উত্তৰ-পূৰ্বাঞ্চল : মন্ত্ৰী কেশৱ মহন্ত - TRADITIONAL MEDICINAL PLANT GARDENS