ETV Bharat / state

গোভা দেওঁৰজাৰ ৰাজ্যত এদিনৰ বাবে অচল হ’ল মুদ্ৰাৰ প্ৰচলন

মৰিগাঁৱৰ ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা । বিধায়ক ৰমাকান্ত দেউৰীয়ে উদ্বোধন কৰে বিনিময় প্ৰথাৰ ।

Jonbeel Mela 2025
ঐতিহাসিক জোনবিল মেলা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 17, 2025 at 2:06 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও : আজি ঐতিহাসিক জোনবিল মেলাৰ দ্বিতীয় দিন । পুৱা ৫.৩০ বজাৰ পৰাই মেলাত আৰম্ভ হ'ল বিনিময় প্ৰথা । লগে লগে অচল হৈ পৰিল মুদ্ৰাৰ প্ৰচলন । এই সময়তো চলিছে তাহানিৰ সেই বিনিময় প্ৰথা ।

দুই ঘণ্টাৰ বাবে জোনবিলত বন্ধ হৈ পৰিল মুদ্ৰাৰ প্ৰচলন । খন্তেকৰ বাবে যেন সকলো উভতি গ'ল তাহানিৰ সেই বিনিময় প্ৰথাৰ দিনবোৰলৈ । এই দৃশ্যবোৰ দেখা গ'ল ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলাত ।

বিধায়ক ৰমাকান্ত দেউৰীয়ে উদ্বোধন কৰে বিনিময় প্ৰথাৰ (ETV Bharat)
  • জোনবিল মেলাত বিনিময় প্ৰথা

এই মেলাৰ দ্বিতীয় দিনা পাহাৰৰ মামা-মামীসকল নামি আহিল আৰু ভৈয়ামৰ লোকসকলৰ লগত তেওঁলোকৰ মিলন দেখা গ'ল । এই মেলাৰ প্ৰধান তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা তিৱা, কাৰ্বি, গাৰো, খাচী আদি জনগোষ্ঠীৰ লোকসকলে তাত উৎপাদিত আলু, কচু, হালধি আদি সামগ্ৰী আনি ভৈয়ামত বসবাস কৰা তিৱা তথা অন্যান্য জনগোষ্ঠীয় লোকসকলে প্ৰস্তুত কৰা পিঠা, সান্দহ গুৰি, মাছ আদিৰ সৈতে বিনিময় কৰে ।

Jonbeel Mela 2025
ঐতিহাসিক জোনবিল মেলাৰ বিনিময় প্ৰথা (ETV Bharat)

অৰ্থাৎ এই দিনটোত কিছু ঘণ্টাৰ বাবে অচল হৈ পৰে মুদ্ৰা । য'ত চলে কেৱল বিনিময় ।

Jonbeel Mela 2025
পাহাৰৰ পৰা আহিল মামা-মামী (ETV Bharat)

ভৈয়ামৰ পৰা লৈ যোৱা পিঠা, সান্দহ গুৰি, মাছ আদিৰে পাহাৰৰ লোকসকলে জোনবিলৰ পৰা গৈ পাহাৰত বিহু উদযাপন কৰে । শুকুৰবাৰে জোনবিল মেলাৰ বিনিময় প্ৰথাৰ শুভ উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । উদ্বোধন কৰি বিধায়কগৰাকীয়ে ঐতিহাসিক জোনবিল মেলাৰ তাৎপৰ্যৰ ওপৰত মত প্ৰকাশ কৰে ।

Jonbeel Mela 2025
ঐতিহাসিক জোনবিল মেলা (ETV Bharat)
  • জোনবিল মেলাৰ ইতিহাস

তেওঁ কয়, "১২০০ শতিকাৰ আগতে গোভা দেওঁৰজাই এই জোনবিল মেলা আৰম্ভ কৰিছিল । এই মেলাত পাহাৰৰ মামা-মামীসকলে তাত উৎপাদিত কেঁচা সামগ্ৰী ভৈয়ামলৈ আনে আৰু ইয়াত ভৈয়ামত প্ৰস্তুত কৰা পিঠাগুৰি, সান্দহ গুৰি, পিঠাৰ সৈতে বিনিময় কৰে । এই বিনিময় প্ৰথা যুগ যুগান্তৰ ধৰি চলি আহিছে । বিশ্বত জোনবিল মেলাৰ এই বিনিময় প্ৰথাটো বিৰল ।"

Jonbeel Mela 2025
পাহাৰ-ভৈয়ামৰ লোকৰ বিভিন্ন সামগ্ৰী বিনিময় (ETV Bharat)

তেওঁ লগতে কয়, "এই জোনবিল মেলাত বিনিময় প্ৰথাই নহয় ই তিৱা জাতিৰ লগতে অন্যান্য জাতিৰ ভাষা সংস্কৃতিৰ এক নিদৰ্শন পোৱা যায়, ইয়াত সাংস্কৃতিক মিলন হয় । গতিকে এই মিলনস্থলীত জোনবিল মেলাই তিৱা জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ গৈছে । আনহাতে পাহাৰ আৰু ভৈয়ামৰ লোকসকলে তেওঁলোকৰ সামগ্ৰী আদান প্ৰদান কৰি উৎফুল্লিত হৈ পৰে ।"

Jonbeel Mela 2025
জোনবিল মেলাৰ দৃশ্য় (ETV Bharat)
লগতে পঢ়ক :লাড়ু-পিঠাৰ সৈতে বিনিময় কৰিবলৈ টোপোলা বান্ধি মামা-মামীয়ে আনিছে কচু-জালুক - HISTORIC JONBEEL MELA 2025