গোলাঘাট: আপুনি এই আসন্ন বসন্তকালত এপাহ কপৌ ফুল বা অৰ্কিড চাই নিশ্চয় আপ্লুত হৈ পৰে । এই অৰ্কিডসমূহ চাই আপুনি কেনে অনুভৱ কৰে ? তাতে একেলগে যদি দুহেজাৰবিধ কপৌজাতীয় বা আন অৰ্কিড ৰমক-জমককৈ ফুলি থকা দেখে কেনে লাগিব ? এনে এক নয়নাভিৰাম দৃশ্য আপুনি প্ৰত্যক্ষ কৰিব পাৰিব বিশ্ব ঐতিহ্য অসমৰ গৌৰৱ কাজিৰঙাত ।
এতিয়া কাজিৰঙাৰ বন্য জীৱন চোৱাৰ লগতে এই অৰ্কিডবোৰ চাবলৈ দৈনিক সহস্ৰাধিক দৰ্শকৰ লানি লাগিছে কাজিৰঙাৰ জাতীয় অৰ্কিড পাৰ্কলৈ । কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত মুঠ কিমানবিধ অৰ্কিড আছে বাৰু ? আনহাতে, কিমানবিধ বিলুপ্তপ্ৰায় অৰ্কিড আছে ?
সামগ্ৰিক কথাখিনি সন্দৰ্ভত অৰ্কিড উদ্যানৰ এগৰাকী বিষয়ববীয়া ৰঞ্জন ফুকনে কয়, "আজি চ'তৰ চাৰি-পাঁচদিন গ'ল ৷ ব'হাগ বিহুলৈ মাত্ৰ কেইটামান দিন আছে আৰু এই সময়খিনিত বসন্তৰ আগমন ঘটে । গছৰ ডালৰ কপৌ ফুলবোৰ ফুলি উঠিছে আৰু আপোনালোকে দেখিছে যে আমাৰ অৰ্কিড পাৰ্কত কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত এতিয়া লাখে লাখে অৰ্কিড ফুলি উঠিছে ৷ ইমান ৰং-বিৰঙৰ অৰ্কিড ফুলিছে, ইমান বেছি পৰিমাণত ফুলিছে যে চালে চায়েই থাকিব মন যায় ।"
তেওঁ লগতে কয়, "বিভিন্ন ৰঙৰ বিভিন্ন সুগন্ধৰ বিভিন্ন আকাৰ আকৃতিৰ অৰ্কিডবোৰ ফুলি উঠিছে আৰু বছৰটোৰ ভিতৰত বাৰ মাহৰ ভিতৰত আটাইতকৈ বেছি ফুল ফুলাৰ সময়খিনিত আমি আহি উপনীত হৈছোঁ । আমি গোটেই বছৰটো অপেক্ষাৰ অন্তত এই সময়টো পাওঁ । বসন্তৰ সময়খিনি পাওঁ যিটো সময়ত অৰ্কিডসমূহ ফুলি উঠে আমি ই টিভি ভাৰতৰ জৰিয়তে সকলোকে অসমৰ সকলো ঠাইৰ লোককে আমাৰ এই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ অৰ্কিডসমূহৰ শোভা, সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাব বিচাৰিছো । আহক ইয়াত বিভিন্ন ধৰণৰ প্ৰজাতিৰ প্ৰায় দুই হাজাৰ প্ৰজাতিৰ বিভিন্ন ৰঙৰ, বিভিন্ন দেশ-বিদেশৰ বহুতো আপুৰুগীয়া অৰ্কিডৰ ফুল আপোনালোকে দেখা পাব ।"
আনহাতে, এগৰাকী গাইড মণিকা বৰাই কয়, "বৰ্তমান কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ পদূলি হৈ আছে উদুলি-মুদুলি । নানা ৰঙৰ অৰ্কিডৰ সুগন্ধি বিয়পি পৰিছে অৰ্কিড পাৰ্কৰ চৌপাশে আৰু এতিয়া যথেষ্ট পৰ্যটক আহিছে, পৰ্যটকসকলে বহুতে ভাল পাইছে । প্ৰকৃতিৰ এই সৌন্দৰ্য উপভোগ কৰিছে । মুগ্ধ হৈছে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখি, আপোনালোকো আহক । যিসকল অহা নাই আহক সকলোৱে এই অৰ্কিডৰে ভৰপূৰ মনোমোহা সময়খিনি উপভোগ কৰকহি ।"
তেওঁ লগতে কয়,"প্ৰকৃতিৰ অপূৰ্ব সৃষ্টিৰ সাক্ষী হৈ ৰওক আৰু আচলতে আমাৰ ইয়াত ইণ্ডিয়াৰ অৰ্কিডৰ আটাইতকৈ বৃহৎ সংৰক্ষণ আছে । সেইকাৰণে ইণ্ডিয়াৰ বৃহৎ অৰ্কিড উদ্যান হিচাপে বিবেচিত হৈছে । আমাৰ ইয়াত চাবলগীয়া নাই কি ? আমাৰ ইয়াত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানখনত, এশ এবিধ শাকৰ বাগিচাৰ পৰা বনৌষধিলৈ, বাঁহৰ বাগিচা, কেকটাছৰ পৰা আদি কৰি সকলোবোৰ আমাৰ ইয়াতে আমি সংৰক্ষণ কৰি ৰাখিছো । যেতিয়া বাহিৰৰ পৰ্যটকসকল আহে তেতিয়া গোটে পাৰ্ক খন পৰিদৰ্শন কৰি এটাই আমাক কৈ থৈ যায় যে এখন সৰু সুৰা অসম দেখা পালোঁ ।"
এই সন্দৰ্ভত অৰ্কিড পাৰ্কৰ অধ্যক্ষ অখিল গগৈয়ে কয়,"কাজিৰঙাৰ অৰ্কিড পাৰ্কত ইতিমধ্যে কপৌফুল ফুলিলে । ব'হাগৰ কপৌ, আমাৰ নাচনীৰ খোপাত মৰা কপৌ ইতিমধ্যে ফুলিলে । কপৌ অসমীয়া জাতিৰ জাতীয় ফুল । অকল অসমৰে নহয় অৰুণাচল প্ৰদেশৰো জাতীয় ফুলৰ নাম কপৌ। ঠিক তেনেকৈ মেঘালয়ৰ যিটো জাতীয় ফুল Paphiopedilum insigne বৰ্তমান ফুলি আছে আপোনালোকে চাব পাৰে ।"
ইয়াৰোপৰি বিধায়কগৰাকীয়ে কয়,"লগতে কেইবাখনো ৰাজ্যৰ জাতীয় ফুল ফুলি আছে । মানুহে মোক সুধি থাকে যে গোটেই অৰ্কিড পাৰ্কখন একেলগে কেতিয়া ফুলিব । এতিয়া গোটেই অৰ্কিড পাৰ্কখন একেলগে ফুলিছে । আপোনালোকে যি ফালে চাই সকলো ফালে ফুলেই ফুল আৰু ফুলৰ ইমান সুগন্ধ বিয়পি পৰিছে আমাৰ চাৰিওফালে । পৃথিৱীৰ আটাইতকৈ সৰু অৰ্কিডৰ পৰা আটাইতকৈ ডাঙৰ অৰ্কিডলৈকে আপোনালোকে চাবলৈ পাব । লগতে বিভিন্ন ৰাজ্যৰ জাতীয় ফুল চাবলৈ পাব, সেই আটাইবোৰ বস্তু অৰ্কিড পাৰ্কত চাবলৈ পাব ।"
ফুল ভালপোৱাসকলক উদ্দেশ্যি গগৈয়ে কয়,"যি সকল লোকে ফুল ভাল পায়, অৰ্কিড ভাল পায় মই সকলো ৰাইজকে কাজিৰঙাৰ অৰ্কিড পাৰ্কলৈ ভ্ৰমণ কৰিবলৈ অনুৰোধ জনাইছোঁ । ডাঙৰ ভাল খবৰ যে আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কৰ ইতিহাসত এইবাৰ আটাইতকৈ বেছি পৰ্যটক আহিছে । ২০২২ চনৰ ৰেকৰ্ড ভংগ কৰি এই বছৰত আটাইতকৈ বেছি পৰ্যটক আহিছে । বিভিন্ন প্ৰজাতিৰ চৰাইৰ ওপৰিও কাজিৰঙাত প্ৰায় বিলুপ্ত হোৱা চৰাই কাজিৰঙা অৰ্কিড পাৰ্কত দেখা পোৱা গৈছে । লগতে কুলিৰ মাতে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে কাজিৰঙাৰ অৰ্কিড পাৰ্কত । মই সকলো ৰাইজকে কাজিৰঙা অৰ্কিড পাৰ্কলৈ নিমন্ত্ৰণ কৰিছো ।"