যোৰহাট: অৱশেষত সকলো উৎকণ্ঠাৰ অৱসান ঘটিল । আশা কৰাতকৈ বহুদিন পূৰ্বেই ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শুক্ৰবাৰে পুৱা ঘোষণা কৰা ফলাফলৰ পিছতেই আনন্দৰ বন্য়া বৈছে যোৰহাটত । ৰাজ্য়ৰ ভিতৰতে 'অৰ্ডাৰ অৱ মেৰিট'ৰ শীৰ্ষ ৩ টা স্থানৰ ভিতৰত যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে দখল কৰিছে প্ৰথম আৰু তৃতীয় ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটা স্থানৰ প্ৰথম আৰু তৃতীয় স্থান দখল কৰিছে যোৰহাটৰ দুই শিক্ষাৰ্থীয়ে । প্ৰথম স্থানত আমিশী শইকীয়া আৰু তৃতীয় স্থান লাভ কৰিছে অনিৰ্বাণ বৰগোহাঁইয়ে । এই ফলাফলৰ পিছতেই প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে । বিদ্যালয়খনৰ চৌহদত শিক্ষাগুৰু আৰু শিক্ষাৰ্থীসকলে আতচবাজী ফুটাই আনন্দ উল্লাস কৰে ।
যোৰহাট সোণালী জয়ন্তী নগৰ নিবাসী ডাঃ মানস জ্যোতি শইকীয়া আৰু ডাঃ ৰিতু শইকীয়াৰ কন্যা আমিশী শইকীয়াই অসমীয়াত ১০০, ইংৰাজীত ৯৭, গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৮, ঐচ্ছিক গণিতত ৯৯ নম্বৰৰে সৰ্বমুঠ ৫৯১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, যোৰহাটৰ ক্লাৱ ৰোড নিবাসী চিকিৎসক অমিত বৰগোহাঁই আৰু ৰাশিকা গগৈৰ পুত্ৰ অৰ্নিবাণ বৰগোহাঁইয়ে অসমীয়াত ৯৯, ইংৰাজীত ৯৭, গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ৯৮, ঐচ্ছিক গণিতত ১০০ নম্বৰৰে সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

ভৱিষ্যতে ছফ্টৱেৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন আমিশীৰ :
ভৱিষ্যত ছফ্টৱেৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন পুহি ৰখা আমিশী শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লাভৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছিল বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়, "মই শীৰ্ষ তিনিটা স্থানৰ ভিতৰত প্ৰথম স্থান লাভ কৰিম বুলি ভবা নাছিলো । এই সফলতাৰ আঁৰত আছে পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকল ।" তেওঁ লগতে কয়, "মোৰ পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নাছিল । মই বেছিকৈ পুৱাৰ ভাগতহে অধ্যয়ন কৰিছিলো । পঢ়াৰ সমান্তৰালভাৱে নাচ আৰু গান শিকিছো ।"

আনহাতে, নৱ প্ৰজন্মই মেট্ৰিক মেট্ৰিক বুলি ভয় খাব নালাগে বুলি উল্লেখ কৰি তেওঁ কয়, "সকলো পৰীক্ষা একেই । পঢ়াৰ বাবে মোক মা-দেউতাই কেতিয়াও চাপ দিয়া নাছিল । ভৱিষ্যতে ছফ্টৱেৰ ইঞ্জিনীয়াৰ হোৱা আশা পুহি ৰাখিছো ।"

নৱ প্ৰজন্মৰ মাজত সংকট আহিছে :
তৃতীয় স্থানপ্ৰাপ্ত অৰ্নিবাণ বৰগোহাঁয়ে কয়, "কৃতিত্বৰ আঁৰত থকা ব্যক্তি দুজনে হ'ল মোৰ মা আৰু দেউতা । ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছো ।" লগতে তেওঁ নৱ প্ৰজন্মৰ মাজত বিভিন্ন কাৰণৰ বাবে সংকট আহি পৰিছে বুলি উল্লেখ কৰি কয়, "সকলোৱে ধৰ্মীয় ভেদাভেদ পৰিহাৰ কৰি ঐক্যবদ্ধভাৱে থাকিব লাগিব আৰু তেতিয়াহে আমি এখন সুস্থ সৱল সমাজ গঠন কৰিব পাৰিম । "