ETV Bharat / state

বোমা সংস্থাপন: ভাৰতীয় সেনাৰ সৈতে বৈঠক মিলিত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া - Bomb plan by ULFA I

Assam Police and Army meeting: আলফা স্বাধীনে ৰাজ্যৰ ভিন্ন স্থানত 25 টাকৈ বোমা সংস্থাপন কৰা ঘটনাৰ পাছতেই ডিব্ৰুগড়ত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক ৷ ডিব্ৰুগড়ৰ দৌলত সিং নেগী গেষ্ট হাউছৰ সভাকক্ষত ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে উজনিৰ বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক ৷ বৈঠকত অংশগ্ৰহণ সেনাৰ শীৰ্ষ বিষয়া ৷

top officers of Assam Police and the Army hold meeting in Dibrugarh
বোমা সংস্থাপন : ভাৰতীয় সেনাৰ সৈতে বৈঠকত বহিল অসম আৰক্ষীৰ শীৰ্ষ বিষয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 18, 2024 at 1:07 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ, 18 আগষ্ট: ৰাজ্যৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিক লৈ উদ্বিগ্ন অসম আৰক্ষী ৷ এই সন্দৰ্ভত দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক । ডিব্ৰুগড়ৰ দৌলত সিং নেগী গেষ্ট হাউছৰ সভাকক্ষত ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে উজনিৰ বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকৰ লগত বৈঠক অনুষ্ঠিত হয় ।

বোমা সংস্থাপন : ভাৰতীয় সেনাৰ সৈতে বৈঠকত বহিল অসম আৰক্ষীৰ শীৰ্ষ বিষয়া (ETV Bharat)

আলফা স্বাধীনে বোমা সংস্থাপিত কৰা বুলি বিবৃত্তিযোগে জনোৱাৰ পাছতে‌ দেওবাৰে ডিব্ৰুগড়ত উপস্থিত‌ হয় অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান হৰমিৎ সিং, আই জি পি পার্থ সাৰথি মহন্ত । ডিব্ৰুগড়ৰ দৌলত সিং নেগী গেষ্ট হাউছৰ সভাকক্ষত অনুষ্ঠিত হোৱা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকত সেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰিছে ।

78 সংখ্যক স্বাধীনতা আন্দোলনৰ সময়ত আলফা স্বাধীনে ৰাজ্যৰ বিভিন্ন ঠাইত 25 টাকৈ বোমা সংস্থাপনৰ বিষয়টোক প্ৰাধান্য প্ৰদান কৰিয়েই এই আলোচনা অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ 25 টা স্থানত বোমা স্থাপন কৰি নিজৰ অস্তিত্ব জাহিৰ কৰিলে আলফা (স্বা) এ । আলফা স্বাধীনে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাই স্বাধীনতা দিৱসৰ দিনটোত পুৱা 6-12 বজালৈকে সামৰিক অভিযানৰ চলোৱাৰ ভাবুকি প্ৰদান কৰিছিল । অৱশ্যে আলফাৰ এই ভাবুকিক অসম আৰক্ষীয়ে গুৰুত্ব দিয়া নাছিল যদিও আলফা (স্বা) এ ই-মেইলযোগে প্ৰেছ বিজ্ঞপ্তি প্ৰদান কৰি কয় যে সংগঠনটোৰ সামৰিক অভিযানৰ অংশ হিচাপে ৰাজ্যৰ 25 টা স্থানত বোমা সংস্থাপন কৰা আছে । কাৰিকৰী বিজুতিৰ ফলত তেওঁলোকৰ এই অভিযান সফল নহ’ল । ইয়াৰ পাছতে ৰাজ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে আজিও ডিব্ৰুগড়ৰ লগতে বহু কেইজন জিলাত বোমা বিচাৰি আৰক্ষী আৰু সেনাই অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে আজি ডিব্ৰুগড়ত সম্পন্ন হৈ যোৱা বৈঠক সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই ।

লগতে পঢ়ক: দেহত খাকী, গাড়ীত ৰঙা লাইট লগাই ভুৱা এচিপি পৰিল সঁচা আৰক্ষীৰ জালত - Fake police arrested

বোমাকাণ্ডৰ বুজ ল’বলৈ নলবাৰীত আৰক্ষীৰ উপ-মহা পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱা - ULFA I Bomb Plant

বোমা সংস্থাপন : তথ্য দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা 'স্মাৰ্ট' অসম আৰক্ষীৰ - bomb plan by ULFA I