বৃদ্ধি পাব টোলগেট আৰু টোলকৰ : অধিক ব্যয়বহুল হ'ব ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত
শীঘ্ৰেই ৰাজ্যত মুকলি হ'ব তিনিখনকৈ নতুন টোলগেট । ৫ ৰ পৰা ১৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব টোল মাচুল ।

Published : March 6, 2025 at 8:17 PM IST
|Updated : March 6, 2025 at 10:55 PM IST
গুৱাহাটী: ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ যাতায়াতৰ অনুপযোগী হৈ থকাৰ পাছতো কেৱল কৰ সংগ্ৰহৰ লক্ষ্যৰে চৰকাৰে টোলগেট আৰু টোল মাচুল বৃদ্ধিতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । এফালে ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে দুৰ্ঘটনা বৃদ্ধি পাইছে আৰু আনফালে টোলগেট আৰু টোল মাচুলে অধিক ব্যয়বহুল কৰি তুলিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত । ইয়াৰ প্ৰভাৱ ৰাজ্যৰ অৰ্থনীতিতো পৰিছে ।
লক্ষণীয় বিষয় যে অসমৰ উজনিৰ পৰা নামনিলৈকে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা শোচনীয় হৈ পৰিছে । মেৰামতিৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বিভিন্ন অংশত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু বাৰিষাৰ সময়ত পৰিস্থিতি অধিক শোচনীয় হৈ পৰে । ইফালে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত চৰকাৰে এখনৰ পাছত আনখনকৈ টোলগেট স্থাপন কৰি কেৱল টোলকৰ সংগ্ৰহ কৰিছে । পথসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ সমূহ ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে আৰু যাতায়াত ব্যৱস্থা কষ্টকৰ হৈ পৰাৰ লগতে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে ।
ৰাজ্যত মুকলি হ'ব নতুনকৈ তিনিখন টোলগেট:
ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা তথা ইয়াক যাতায়াতৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়া কেন্দ্ৰীয় চৰকাৰে অসমত পুনৰ তিনিখনকৈ টোলগেট মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীস্থ আঞ্চলিক কাৰ্যালয়ৰ এগৰাকী কাৰ্যবাহী বিষয়াই সদৰী কৰা অনুসৰি ৰাজ্যখনত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত টোলগেটসমূহ মুকলি কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে ।

শীঘ্ৰেই কলিয়াবৰ আৰু তেজপুৰৰ মাজত চুলুঙত, দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত আৰু বিশ্বনাথ চাৰিআলিৰ সমীপৰ মোনাবাৰীত টোলগেট মুকলি কৰা হ'ব । ইতিমধ্যে এই তিনিওখন টোলগেটৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে । লক্ষণীয় বিষয় যে ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা বিভিন্ন স্থানত শোচনীয় হৈ পৰিছে ।
বিশেষকৈ উজনিৰ ফ’ৰলেনযুক্ত পথৰ কাম আজিলৈকে সম্পূৰ্ণ নোহোৱাত ডিব্ৰুগড় আৰু যোৰহাটৰ মাজৰ পথছোৱাৰ কিছু কিছু অংশ যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে । এজাক বৰষুণ দিলেই উক্ত পথছোৱাৰে যাতায়াত কৰাটো বিপজ্জনক হৈ পৰে । কিন্তু ইয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে টোলগেট আৰু টোল মাচুলৰ নামত ৰাইজৰ ওপৰত বোজা জাপি দিছে ।

বৃদ্ধি পাব টোল মাচুল:
এপ্ৰিল মাহৰ পৰা পুনৰ বৃদ্ধি পাব টোল মাচুল । ৰাইজৰ মূৰত মাধমাৰ শোধাই টোল মাচুল বৃদ্ধিৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ । ইতিমধ্যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রালয়ে এই সন্দৰ্ভত প্ৰয়োজনীয় টোকা প্রস্তুত কৰিছে । সেই অনুসৰি পাঁচৰ পৰা পোন্ধৰ শতাংশ পর্যন্ত টোল মাচুল বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । লক্ষণীয় বিষয় যে বিগত বৰ্ষত তিনি জুনৰ পৰা ৰাজ্যত টোল মাচুল বৃদ্ধি কৰা হৈছিল ।
অৱশ্যে এই মাচুল পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি কৰাৰ কথা আছিল যদিও লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইয়াক পিছুৱাই দিয়া হয় আৰু নিৰ্বাচনৰ পাছত তিনি জুনৰ পৰা টোল মাচুল বৃদ্ধি কৰা হয় । কিন্তু এইবাৰ চৰকাৰখনে পহিলা এপ্ৰিলৰ পৰা টোল মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । ফলত যাতায়াত ব্যৱস্থা ব্যয়বহুল হোৱাৰ লগে লগে বিভিন্ন ক্ষেত্রত ইয়াৰ প্ৰভাৱ পৰিব ।
অসমৰ টোলগেট আৰু টোলগেটৰ পৰা লাভ কৰা ৰাজহ :
কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ৫ বছৰত ৰাজ্যৰ ৯খন টোলগেটৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণ হৈছে ১,৪৫৮.০৬ কোটি টকা । তথ্য অনুসৰি ২০১৯-২০ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষত অসমৰ ৯খন টোলগেট ক্রমে পাটগাঁও, দাহালপাৰা, গলিয়া, মদনপুৰ, নাজিৰাখাট, ৰহা, মিকিৰআতি হাতগাঁও, মান্দেদিচা আৰু বালাচাৰাৰ পৰা মুঠ ১,৪৫৮.০৬ কোটি টকা টোল মাচুল সংগ্ৰহ কৰা হৈছে ।
ইয়াৰ ভিতৰত মদনপুৰ টোলগেটত ২০২০-২১ বৰ্ষৰ পৰা ৪ বছৰৰ ভিতৰত সৰ্বাধিক ৩৭৭.১৫ কোটি টকা টোল মাচুল সংগ্ৰহ হৈছে । আনহাতে বিগত ৪ বছৰত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ নাজিৰাখাটত অৱস্থিত টোলগেটৰ পৰা ২৭৭.৬৯ কোটি টকা সংগ্ৰহ কৰিছে । একেদৰে বিগত ৫ বছৰত দাহালপাৰা টোলগেটৰ পৰা ২২৮.২৩ কোটি টকা, পাটগাঁও টোলগেটৰ পৰা ২১৩.২৫ কোটি টকা, নগাঁৱৰ ৰহা টোলগেটৰ পৰা বিগত ৪ বছৰত ১৭৪.৭৫ কোটি টকা, মিকিৰআতি টোলগেটৰ পৰা ৮৯.৩০ কোটি টকা, গলিয়া টোলগেটৰ পৰা ৮৪.১৪ কোটি টকা, মান্দেদিচা টোলগেটৰ পৰা ১১.৫০ কোটি টকা আৰু বালাচেৰা টোলগেটৰ পৰা কেন্দ্ৰই ২.০১ কোটি টকা টোল কৰ সংগ্ৰহ কৰিছে ।
আজিৰ তাৰিখত ৰাজ্যখনত দহখন টোলগেট আছে। ইয়াৰে ভিতৰত একেবাৰে শেহতীয়াকৈ বিগত ডিচেম্বৰ মাহত গোসাইগাঁৱৰ তেলীপাৰাত স্থাপন কৰা হৈছে এখন নতুন টোলগেট । আনহাতে ৰাজ্যখনত শীঘ্ৰেই তিনিখন নতুন টোলগে'ট মুকলি কৰিলে টোলগেটৰ সংখ্যা তেৰখনলৈ বৃদ্ধি পাব । ৰাজ্যখনত মুঠ ২৭খনলৈ টোলগে'ট বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
এককথাত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ ভৰি পৰিব টোলগেটেৰে । ইফালে টোলগেট আৰু টোল মাচুল বৃদ্ধি পোৱাৰ ফলত যাতায়াত ব্যৱস্থা অতি ব্যয়বহুল হোৱাৰ লগতে ৰাজ্যখনত সা-সামগ্ৰীৰ দামো বৃদ্ধি পাব ।
শোচনীয় অৱস্থাত ৰাজ্যৰ যাতায়াত ব্যৱস্থা:
মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা শোচনীয় হৈ পৰিছে । বিশেষকৈ উজনিৰ ফ'ৰলেনযুক্ত পথৰ কাম সম্পূর্ণ নোহোৱাত ডিব্ৰুগড় আৰু যোৰহাটৰ মাজৰ পথছোৱা যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে সোনকালে ফ’ৰলেনৰ কাম সম্পূৰ্ণ কৰাত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই । আনকি বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ পাছতো পথসমূহ মেৰামতি কৰা হোৱা নাই । ইয়াৰ বিপৰীতে কিন্তু টোল কৰ সংগ্ৰহত সৰ্বাধিক গুৰুত্ব দিছে চৰকাৰখনে ।
ইফালে খোদ কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গডকাৰিয়ে কৈছিল যে গাঁত থকা, অসুচল ৰাষ্ট্ৰীয় ঘাইপথত টোল কৰ সংগ্ৰহ কৰাটো অন্যায় । কিন্তু অসমত সেই দিশটোক কোনোধৰণৰ গুৰুত্বই দিয়া হোৱা নাই । ইফালে বৃহৎ পৰিমাণৰ টোল কৰ সংগ্ৰহ কৰাৰ পাছতো পথসমূহ মেৰামতিৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব দিয়া নাই । যাৰ ফলত ৰাজ্যত প্ৰতিদিনেই অভাৱনীয়ভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ।

ৰাজ্যত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা:
ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ তথ্য মতে ২০১৮ চনৰ পৰা ২০২২ চনলৈ বিগত পাঁচ বছৰত ৰাজ্যখনত সংঘটিত হৈছে ৩৭৬২৭টা পথ দুৰ্ঘটনা আৰু পথ দুৰ্ঘটনাত মৃত্যু হৈছে ১৪৮৩৩ গৰাকী লোকৰ । ২০১৮ চনত ৰাজ্যত সংঘটিত হোৱা ৮২৪৮টা পথ দুৰ্ঘটনাত নিহত হৈছিল ২৯৬৬ গৰাকী লোক । সেইদৰে ২০১৯ চনত সংঘটিত ৮৩৫০টা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ৩২০৮ গৰাকী লোক । ২০২০ চনত সংঘটিত হোৱা ৬৫৯৫ টা পথ দুৰ্ঘটনাত ২৬২৯ গৰাকী লোকৰ মৃত্যু হৈছিল । ২০২১ চনত সংঘটিত ৭৪১১টা পথ দুৰ্ঘটনাত ৩০৩৬ গৰাকী লোকৰ মৃত্যু হৈছিল । আনহাতে ২০২২ চনত সংঘটিত হোৱা ৭০২৩ টা পথ দুৰ্ঘটনাত ২৯৯৪ গৰাকী লোকৰ মৃত্যু হৈছিল ।
লোকসভাত টোলগেটক লৈ সৰৱ হৈছিল সাংসদ দিলীপ শইকীয়া:
টোলগেট আৰু টোল কৰৰ প্ৰসংগত আনকি লোকসভাত সৰৱ হোৱা দেখা গৈছিল শাসকীয় দলৰ সাংসদ দিলীপ শইকীয়াক । বিগত ডিচেম্বৰ মাহত সংসদত সাংসদ দিলীপ শইকীয়াই টোলগেটৰ প্ৰসংগ উত্থাপন কৰিছিল । সাংসদগৰাকীয়ে অসমত দুখন টোলগেটৰ মাজৰ ব্যৱধান কমেও ১০০ কিলোমিটাৰ কৰাৰ লগতে টোল কৰ হ্ৰাস কৰাৰো দাবী উত্থাপন কৰিছিল ।
সংসদত সাংসদ দিলীপ শইকীয়াই টোলগেটসমূহৰ যোগেদি ৰাইজৰ পৰা সংগ্ৰহ কৰা কৰ হ্ৰাস কৰাৰ লগতে দুখন টোলগেটৰ মাজত অতি কমেও ১০০ কিলোমিটাৰ দূৰত্ব ৰাখিবলৈ চৰকাৰক দাবী জনাইছিল । অসমৰ সাংসদগৰাকীয়ে সংসদত কৈছিল যে টোলগেটসমূহত বাহন চালকসকলে বুজন পৰিমাণৰ টোল কৰ আদায় দিবলগীয়া হৈ আছে । যাৰ ফলত দেশৰ সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত আর্থিক বোজা বৃদ্ধি পাবলৈ ধৰিছে ।
টোল কৰ প্ৰতিবছৰে সংশোধন হৈ আছে । ইয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ ব্যয়ও বৃদ্ধি পাবলৈ ধৰিছে । ফলত সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত অতিৰিক্ত বোজা পৰি আছে বুলি সাংসদগৰাকীয়ে সংসদত সদৰী কৰিছিল । কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি দুইখন টোলগেটৰ মাজত অতি কমেও ৬০ কিলোমিটাৰ দূৰত্ব থাকিব লাগে ।
কিন্তু অসমত গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত মাত্র ৫০ কিলোমিটাৰৰ মাজত দুখন টোলগেট চলি আছে । কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিকৰ ওপৰতটোল কৰৰ হেঁচা হ্ৰাস কৰিব লাগে । দুখন টোলগেটৰ মাজৰ দূৰত্ব অতি কমেও ১০০ কিলোমিটাৰ কৰিবলৈ শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি সংসদত সাংসদগৰাকীয়ে সদৰী কৰিছিল । যিটো বিষয়ে সেই সময়ত বিশেষ চৰ্চা লাভ কৰিছিল ।

