ETV Bharat / state

হাতী খেদিবলৈ এটি বিশেষ যন্ত্ৰ; কোনো অনিষ্ট নকৰাৰকৈ আঁতৰাই পঠিয়াব পাৰিব হাতীৰ জাক

ৰাজ্য়ত হাতী-মানুহৰ সংঘাত অব্য়াহত । কিছুমান ঠাইত ৰাতি মানেই হাতী । হাতী খেদিবৰ বাবে এইবাৰ এটা বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰা দেখা গ’ল যোৰহাটত-

Wild elephant terror in Mariani
ৰাজ্য়ত হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 17, 2024 at 5:24 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ৰাজ্যত বন্যহস্তী খেদিবলৈ প্ৰস্তুত কৰা হৈছে এক বিশেষ যন্ত্ৰ । ধাননি পথাৰৰ পৰা হাতী খেদিবলৈ ব্যৱহাৰ কৰিব পৰা এই যন্ত্ৰটো পৰীক্ষামূলক অৱস্থাত আছে । ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । হাতী-মানুহৰ এই সংঘাত ৰোধ কৰাত প্ৰায়েই ব্যৰ্থ হোৱাৰ অভিযোগ উথাপিত হৈছে বন বিভাগৰ বিৰুদ্ধে । এনে অভিযোগৰ মাজতেই বিভাগটোৱে ৰাইজৰ বাবে কঢ়িয়াই আনিছে এক সু-খবৰ ।

বিশেষ যন্ত্ৰই কঢ়িয়াইছে আশাৰ বতৰা

বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বৃহৎ বন্যহস্তীৰ জাক খেদিবলৈ এইবাৰ ৰাজ্যৰ বন বিভাগে উদ্ভাৱন কৰিছে এক বিশেষ যন্ত্ৰ । এই বিশেষ যন্ত্ৰটো যোৰহাট বন বিভাগে ব্যৱহাৰ কৰিছে মৰিয়নীত । নিশাৰ ভাগত ধাননি পথাৰৰ পৰা বন্যহস্তী খেদিবলৈ বন বিভাগে এই যন্ত্ৰটো প্ৰাৰম্ভিক পৰ্যায়ত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিছে ।

ৰাজ্য়ত হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

শিৱসাগৰৰ আমিন উদ্দিন নামৰ লোকজনে উদ্ভাৱন কৰিছে এই যন্ত্ৰটো । যন্ত্ৰটো ব্যৱহাৰ কৰাৰ লগে লগে যি স্থানত হাতীৰ জাকটো থাকে সেই স্থানৰ পৰা চাৰি-পাঁচ মিনিটৰ ভিতৰতেই আঁতৰি যাবলৈ আৰম্ভ কৰে । হাতী খেদা যন্ত্ৰটোত বিশেষত বন্যহস্তীয়ে বেয়া পোৱা আৰু ভয় খোৱা চাৰিটা শব্দ ব্যৱহাৰ কৰা হৈছে । ঘোঁৰা, বাঘ, মৌ মাখি আৰু গুলীৰ শব্দ ।

বিশেষজ্ঞৰ পৰামৰ্শৰ ভিত্তিত চাৰিটা শব্দ ব্যৱহাৰ

বিশেষজ্ঞৰ পৰামৰ্শৰ ভিত্তিত এই সমূহ শব্দ ব্যৱহাৰ কৰা হৈছে বুলি উদ্ভাৱক আমিন উদ্দিনে উল্লেখ কৰে । আনহাতে, ধাননি পথাৰত অৱস্থান কৰা তথা জনাঞ্চলত প্ৰৱেশ কৰা হাতী খেদাত এই যন্ত্ৰটো প্ৰাৰম্ভিক পৰ্যায়তে সফলতা লাভ কৰিছে । উল্লেখ্য যে যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নী হোলোঙাপাৰা গিৱন অভায়ৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বৃহৎ বন্যহস্তীৰ জাকে জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰৱেশ কৰি বিঘাই বিঘাই পকা ধান খাই অনিষ্ট কৰাৰ লগতে ঘৰবাৰী ধ্বংস কৰি আহিছে । ফলত বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ দিবলৈ বন বিভাগক ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছে আৰু বন বিভাগে হাতী খেদিবলৈ পোন প্ৰথমবাৰৰ বাবে ধাননি পথাৰত উক্ত যন্ত্ৰটো ব্যৱহাৰ কৰিছে ।

লগতে পঢ়ক:পকা ধান খাবলৈ জাকে জাকে পথাৰত নামিছে বন্যহস্তী

হাতী খেদিবলৈ আহিল কাজিৰঙাৰ ৰজা