ETV Bharat / state

আৰক্ষীয়েই নহয়, এতিয়াৰে পৰা টিএমপিকেইও ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান - TMPK ANTI DRUGS CAMPAIGN

টিএমপিকেৰ জোনাই জিলা সমিতিৰ উদ্যোগত ড্ৰাগছ বিৰোধী অভিযান ।

TMPK campaign against drugs in Jonai
জোনাইত ড্ৰাগছ বিৰোধী অভিযান টিএমপিকেৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 12:13 PM IST

3 Min Read

জোনাই : জোনাইত ড্ৰাগছ বিৰোধী অভিযান চলালে টিএমপিকেই । টিএমপিকেৰ জোনাই জিলা সমিতিৰ উদ্যোগত তীব্ৰতৰ হৈ পৰিছে ড্ৰাগছ বিৰোধী অভিযান ৷ কথাৰে নহয়, এইবাৰ ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে হাতে-কামে লাগিছে এই সংগঠনটোৱে ।

টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত যোৱা ৬ জুনত জোনাইত অনুষ্ঠিত হৈছিল ড্ৰাগছ বিৰোধী বিশাল নাগৰিক সভা ৷ উক্ত সভাত জোনাইত ড্ৰাগছ ব্যৱসায়ীসকলক বান্ধি দিয়া হৈছিল ১৫ দিনৰ ভিতৰত আত্মসমৰ্পণ কৰাৰ সময়সীমা ৷ কিন্তু মঙলবাৰে ৪ দিন উকলি যোৱাৰ পিছতো সঁহাৰি নাই এজনো ড্ৰাগছ ব্যৱসায়ীৰ ৷ সেয়েহে কালিৰে পৰা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পোনপটীয়াকৈ অভিযান চলালে টিএমপিকেৰ জোনাই জিলা সমিতিয়ে ।

জোনাইত ড্ৰাগছ বিৰোধী অভিযান টিএমপিকেৰ (ETV Bharat Assam)

কালি দুপৰীয়াৰে পৰা জোনাই জিলা সমিতিৰ উদ্যোগত প্ৰথমে জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ সমীপৰ ন-গঞাত বিশেষ তথ্যৰ ভিত্তিত অভিযান চলাই চাৰিটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । লগতে জব্দ কৰিবলৈ সক্ষম হয় ৫ কেজিৰো অধিক গাঞ্জাসহ কিছু পৰিমাণৰ সন্দেহজনক ব্ৰাউন ছুগাৰ ৷ ড্ৰাগছ জব্দ কৰাৰ পিচতেই জোনাই আৰক্ষীক খবৰ দিয়াত জোনাই সমজিলাৰ আৰক্ষী বিষয়া ঋতুপৰ্ণ গগৈৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোৱে গাঞ্জাসহ মহম্মদ জামাল আলী, কনক নাথ, ৰামখলেছ মাহতু আৰু কৰণ দলে নামৰ চাৰি ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জোনাই থানালৈ লৈ যায় ।

ইফালে, টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত জোনাইৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে তীব্ৰ অভিযান অব্যাহত ৰাখিব বুলি জানিব দিয়ে জোনাই জিলা সমিতিয়ে । আনহাতে জোনাইত ড্ৰাগছৰ সমান্তৰালকৈ কঠোৰ হৈ পৰিছে স্কুল-কলেজৰ ১০০ মিটাৰ ভিতৰত থকা ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ কালি জোনাই সদৰৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ১০০ মিটাৰৰ ভিতৰত থকা চিগাৰেটকে আদি কৰি ধঁপাত জাতীয় বিভিন্ন সামগ্ৰী বিক্ৰী কৰা কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ধঁপাত জাতীয় সামগ্ৰী ৷

এই সন্দৰ্ভত টিএমপিকেৰ এজন নেতাই কয়, "টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত জোনাইৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ লগতে ভাং আদিৰ বিৰুদ্ধে আজি অভিযান চলোৱা হৈছে । ৰে'লৱে ক'লনীত ৫ কেজি গাঞ্জা জব্দ কৰি আৰক্ষীক গতাই দিছো । ড্ৰাগছ ব্যৱসায়ীসকলক ১৫ দিনৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ সময়সীমা বান্ধি দিছো ।"

লগতে পঢ়ক:প্ৰায় ৩কোটি টকাৰ ড্ৰাগছ লৈ কহিমাৰ পৰা ফৰকাটিঙলৈ আহিছিল দিগন্ত, কিন্তু আদবাটতে পৰিল আৰক্ষীৰ ফান্দত - RS 3 CRORE GANJA SEIZED

ড্ৰাগছ সেৱনকাৰীয়েই হত্য়া কৰিলে নেকি দেৱাংগক ! আটক ১০ যুৱক - JORHAT MOB LYNCHING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.