বলিয়া মানুহ এজনৰ কথাত কেনেকৈ ৰাইজে বিশ্বাস কৰিব: ৰিপুণ বৰা - Assets of Riniki Bhuyan
TMC President Ripun Bora: “ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি ৷” ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । এই ঘোষণাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আজি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ লগতে মুখ্যমন্ত্ৰীয়ে সম্পত্তিসমূহ যদি ৰাইজৰ নামতে উইল কৰি যায়, তেন্তে পত্নীৰ নামত, পুত্ৰৰ নামত কিয় মুখ্যমন্ত্ৰীৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি অগাধ সম্পত্তি আহৰণ কৰিছিল বুলিও প্ৰশ্ন উত্থাপন কৰে ।

Published : August 13, 2024 at 5:50 PM IST
গুৱাহাটী, ১৩ আগষ্ট: "মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ প্ৰতি যি বদান্যতা দেখুৱালে তাক স্বাগতম জনাইছো । কিন্তু তেখেতে যিহেতু নিজেই নিজকে বলিয়া কুকুৰ বুলি কৈছে, সেয়েহে বলিয়া মানুহ এজনৰ কথাত কেনেকৈ ৰাইজে বিশ্বাস কৰিব ?" এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ । মঙলবাৰে গুৱাহাটীৰ জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ত অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কেইবাটাও মন্তব্যৰ প্রত্যুত্তৰ দিয়ে ।
তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মুখ্যমন্ত্ৰীক উভতি ধৰি কয়, "মুখ্যমন্ত্ৰীৰ পত্নীৰ সকলো সা-সম্পত্তি অসমৰ ৰাইজৰ বুলি কোৱা কথাক আমি অসম তৃণমূল কংগ্ৰেছে আদৰণি জনাইছো । মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ প্ৰতি যি বদান্যতা দেখুৱালে তাক স্বাগতম জনাইছো । কিন্তু অসমৰ ৰাইজে তেওঁৰ বক্তব্যক কেনেকৈ আদৰি ল'ব ? যিহেতু তেওঁ নিজকে বলিয়া কুকুৰ বুলি কৈ থৈছে । বলিয়া মানুহ এজনৰ কথাত কেনেকৈ ৰাইজে বিশ্বাস কৰিব ?"
তেওঁ লগতে মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী হৈ থকা সময়ত বহু মিছা কথা কৈ থৈছে বুলি উল্লেখ কৰি তেওঁৰ কথাত তৃণমূল কংগ্ৰেছ আশ্বস্ত নহয় বুলি উল্লেখ কৰে । তেওঁ কয়, "মুখ্যমন্ত্ৰীক অনুৰোধ, সঁচাকৈ যদি সা-সম্পত্তি ৰাইজক দি যায় তেন্তে কোনটো প্ৰতিষ্ঠানৰ সম্পত্তি কোনটো অনুষ্ঠানৰ নামত দি যায় সেয়া ৰাজহুৱা কৰি উইল কৰিবলৈ আমি আহ্বান জনাইছো । তেখেতক প্ৰতিটো সম্পত্তিৰ তালিকা দাখিল কৰি উইল কৰিবলৈ আহ্বান জনাইছো ।"
বৰাই আৰু কয়, "তেখেতৰ পত্নীৰ মালিকানাধীন নিউজ লাইভকে ধৰি সকলো অনুষ্ঠান যিহেতু সমবায় হ'ব বুলি কৈছিল সেয়া এতিয়াই কৰি দিয়ক, পিছত তেওঁ সময় নাপাব ।" যদি সম্পত্তিসমূহ ৰাইজৰ নামতে উইল কৰি যায়, তেন্তে পত্নীৰ নামত, পুত্ৰৰ নামত কিয় মুখ্যমন্ত্ৰীৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি অগাধ সম্পত্তি আহৰণ কৰিছিল বুলিও তৃৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে । "যদি সম্পত্তি ৰাইজক দিব নিবিচাৰে তেন্তে চৰকাৰকে উইল কৰি দি দিয়ক ।" বৰাৰ মন্তব্য ৷
লগতে পঢ়ক: ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ - CM Himanta on USTM

