ETV Bharat / state

মেৰামতিৰ পিছতে দলঙখন ভাঙি পৰাটোৱে কি সূচায়: সুস্মিতা দেৱ

ভাঙি পৰিল কোটিটকীয়া দলং । পাঁচজনক আটক, তিনিগৰাকী আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ । ঘটনাক লৈ তদন্তৰ নিৰ্দেশ ।

TMC leader Sushmita Dev react over bridge collapses incident in Cachar
ভাঙি পৰিল কোটিটকীয়া দলং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 6:12 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ: কোটি টকাৰে মেৰামতি কৰাৰ এমাহ নহওঁতেই কাছাৰ জিলাৰ শিলচৰ-কালাইন সংযোগী পথত হাৰাং নৈৰ ওপৰত থকা দলং ভাঙি পৰাক সৰৱ প্ৰশাসন । ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ইতিমধ্যে ৫ জনক আটক কৰাৰ উপৰিও ৩ গৰাকী আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে । ইফালে ১৫ দিনৰ ভিতৰতে ভাঙি যোৱা দলংখন পুনৰ নিৰ্মাণ কৰা হ'ব বুলি কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে জানিবলৈ দিয়ে ।

জিলা আয়ুক্তগৰাকীয়ে জনোৱা অনুসৰি দলংখনৰ পুনৰ নিৰ্মাণৰ বাবে ৰাঁচীৰ পৰা সামগ্ৰী অনা হ'ব । ঘটনা সন্দৰ্ভত ৰিজাৰ্ভ ক্ল'জ কৰা হয় ভাঙাৰপাৰ আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক হুছেইন আহমদ লস্কৰ, হাবিলদাৰ ৰাজকিশোৰ সিনহা আৰু বৰ্মন উপাধিৰ এগৰাকী কনিষ্টবলক । আনহাতে আটক কৰা হৈছে দলংখনত কৰ্মৰত ৫ গৰাকীকৈ কৰ্মীক । ধৃত পাঁচগৰাকী হৈছে শংকু ভট্টাচাৰ্য, গৌতম পাল, কৃপাসিন্ধু বৈষ্ণৱ, নিজাম উদ্দিন আৰু আলতাফ হুছেইন ।

দলং ভাঙি পৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া সুস্মিতা দেৱৰ (ETV Bharat Assam)

অ'ভাৰলোড ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে আটাইকেইজনক । লোকনিৰ্মাণ বিভাগৰ নিম্নমানৰ কামৰ বাবে নে অ'ভাৰলোডৰ বাবে দলংখন ভাঙি পৰিল তাক লৈ তদন্ত কমিটীয়ে তদন্ত কৰিব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্তগৰাকীয়ে ।

ইফালে এই ঘটনাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে । নেত্ৰীগৰাকীয়ে এক ভিডিঅ' বাৰ্তা যোগে প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া । প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন সুস্মিতা দেৱৰ, "মেৰামতিৰ পিছতে দলংখন ভাঙি পৰাটোৱে কি সূচায় ? মণিপুৰ আৰু মিজোৰামলৈ কিদৰে সামগ্ৰীৰ পৰিবহন হ'ব ? বৰাকৰ ৩ জিলাৰ পৰা কিদৰে গুৱাহাটীলৈ মানুহে অহা-যোৱা কৰিব ?"

উল্লেখ্য যে, বুধবাৰে পুৱতি নিশা দুখন শিলভৰ্তি ডাম্পাৰ একেলগে পাৰ হোৱাৰ সময়তেই সংঘটিত হৈছিল এই ঘটনাটো । ইয়াৰ পিছতেই এই ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এছ ডি আৰ এফৰ সহযোগত চলাইছিল উদ্ধাৰ অভিযান । অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত এই দলঙখন ভাঙি যোৱাত বিচ্ছিন্ন হৈ পৰিছে গুৱাহাটী আৰু কৰিমগঞ্জৰ মাজৰ যোগাযোগ ব্যৱস্থা । শীঘ্ৰে এই দলঙখনৰ মেৰামতি কৰি যোগাযোগ সুচল কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে ।

লগতে পঢ়ক: কোটি টকাৰে মেৰামতি কৰাৰ এমাহ নহওঁতেই ভাঙিল দলং, নদীত পৰিল ডাম্পাৰ - BRIDGE COLLAPSES IN SILCHAR

শিক্ষাৰ্থীৰে ভৰা নাও জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত, কেইবাগৰাকীও সন্ধানহীন - NALBARI BOAT TRAGEDY