ETV Bharat / state

ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিত অন্তৰ্ভুক্ত হ'বলৈ বিজেপি-কংগ্ৰেছক আহ্বান তৃণমূল কংগ্ৰেছ আৰু আপৰ - Sixth Schedule Suraksha Samiti

Sixth Schedule: তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ ডিমা হাছাও জিলাত বিজেপিৰ স্থিতিক লৈ তীব্ৰ সমালোচনা । পাহাৰীয়া ৰাইজৰ স্বাৰ্থত একেলগে কাম কৰিবলৈ আহ্বান ।

Trinamool Congress-AAP press conference
তৃণমূল কংগ্ৰেছ-আপৰ সংবাদমেল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : July 10, 2024 at 11:11 AM IST

3 Min Read
Choose ETV Bharat

হাফলং, ১০ জুলাই: ডিমা হাছাও জিলাত বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টি । মঙলবাৰে হাফলঙত এক যৌথ সাংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ জিলা কমিটীৰ সম্পাদক ছেথমিথাং খংচাই আৰু আম আদমী পাৰ্টিৰ জিলা সম্পাদক ছানি বাটাৰীয়ে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ দলটোক তীব্ৰ সমালোচনা কৰে ।

তৃণমূল কংগ্ৰেছ-আপৰ সংবাদমেল (ETV BHARAT ASSAM)

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পিচৰে পৰা ডিমা হাছাও জিলাত বিজেপি দলে যি জনবিৰোধী নীতি গ্ৰহণ কৰিছে ইয়াৰ তীব্ৰ সমালোচনা কৰি তৃণমূল কংগ্ৰেছৰ জিলা কমিটীৰ সম্পাদক আৰু আম আদমী পাৰ্টিৰ জিলা সম্পাদকে কয়, "ডিমা হাছাও জিলাত ৰাইজে বিজেপিক ভোট দি জয়ী কৰাৰ পিচতে এতিয়া পৌৰ নিগমে মন্দিৰ, মছজিদ, গীৰ্জাৰ ১০০ মিটাৰ ব্য়াসাৰ্ধত মাছ-মাংস বিক্ৰী কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছে । হাফলঙত দুদিন সাপ্তাহিক বজাৰ বহিবলৈ নিৰ্দেশ দিছে ।" দুয়োটা দলেই ইয়াৰ বিৰোধিতা কৰিছে বুলি তেওঁলোকে কয় ।

ডিমা হাছাও জিলাত বাঁহ কটাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি যি নিৰ্দেশনা দিছে তাৰো তীব্ৰ বিৰোধিতা কৰে তৃণমূল কংগ্ৰেছৰ জিলা কমিটী আৰু আম আদমী পাৰ্টিয়ে । ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচীক সুৰক্ষিত কৰাৰ বাবে যি ষষ্ঠ অনুসূচী সুৰক্ষা সমিতি গঠন কৰা হৈছে এই সমিতিত বিজেপি আৰু কংগ্ৰেছ দল নাই বুলি উল্লেখ কৰি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে । তৃণমূল কংগ্ৰেছৰ জিলা কমিটী আৰু আম আদমী পাৰ্টিয়ে পাহাৰীয়া জিলাৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিত অংশগ্ৰহণ কৰিবলৈ বিজেপিক আহ্বান জনায় ।

লগতে পঢ়ক:Demanding Sixth Schedule : ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ যৌথ সংবাদমেল

সংবাদমেলক তৃণমূল কংগ্ৰেছৰ জিলা কমিটী আৰু আম আদমী পাৰ্টিৰ নেতাকেইগৰাকীয়ে কয় যে ৰাজ্যসভা আৰু লোকসভাত আনন্দ শৰ্মা কমিটীয়ে প্ৰস্তাৱিত ষষ্ঠ অনুসচী সংশোধনী যি বিধেয়ক দাখিল কৰিছে ইয়াৰ বিৰোধিতা কৰা নাই কংগ্ৰেছ বা বিজেপি দলে । আনন্দ শৰ্মাই এই বিধেয়ক সংসদত দাখিল কৰাৰ সময়ত কংগ্ৰেছৰ সাংসদ এই সংসদতেই আছিল বুলি মন্তব্য কৰি ছেথমিনথাং খংচাইয়ে কয় যে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰা নাই ।

ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিয়ে যেতিয়া মাইবাঙত এই প্ৰস্তাৱিত বিধেয়ক আৰু ষষ্ঠ অনুসচীক সুৰক্ষিত ৰখাৰ বাবে সমদল উলিয়াছিল তেতিয়া এই সমদলত কংগ্ৰেছৰ কোনো সদস্য বা নেতা উপস্থিত নাথাকিবলৈ দলে নিৰ্দেশনা জাৰি কৰিছিল আৰু এতিয়া কংগ্ৰেছ দলে এই ইছ্যুলৈ আকৌ মাত মাতিছে বুলিও তেওঁ কটাক্ষ কৰে ।

লগতে পঢ়ক:ষষ্ঠ অনুসূচীৰ ১২৫ সংখ্যক সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছৰ - Amendment Bill of Sixth Schedule