ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত মুছলিম সমাজ : ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ - Muslim Marriage and Divorce Act
Assam Muslim Marriage act: অসম চৰকাৰে আছাম মুছলিম মেৰেজ এণ্ড ডিভ'ৰ্ছ এক্ট 1935 বাতিলৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে তিতাবৰৰ মুছলিম সমাজে ৷ এই সন্দৰ্ভত শুকুৰবাৰে তিতাবৰ মহকুমা কাৰ্যবাহী দণ্ডাধীশৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ক্ষোভিত লোকে ৷

Published : August 3, 2024 at 8:19 AM IST
যোৰহাট, 3 আগষ্ট : ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে মুছলিম সমাজে । আছাম মুছলিম মেৰেজ এণ্ড ডিভ'ৰ্ছ এক্ট 1935 বাতিল কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে তিতাবৰৰ কেবাটাও ইছলাম ধৰ্মীয় দল-সংগঠন । ইংৰাজ শাসনকালৰে পৰা মুছলিম সমাজত কাৰ্যকৰী হৈ থকা এই আইনখন বাতিলৰ দ্বাৰা ৰাজ্যখনত বাল্য বিবাহক প্ৰশ্ৰয় দিয়াহে হ’ব বুলি তিতাবৰৰ ইছলাম ধৰ্মীয় দল-সংগঠনবোৰে দাবী কৰিছে ।
এই সিদ্ধান্ত বাতিলৰ দাবী জনাই তিতাবৰ জিলা জমিয়ত উলামা, তিতাবৰ দীনি তালিমী ব'ৰ্ড, যোৰহাট জিলা ইমাম পৰিষদ, তিতাবৰ মহিলা মুছলিম সমাজ, তিতাবৰ যুৱ অঞ্জুমানে শুকুৰবাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি ইয়াক কোনো কাৰণত মানি লোৱা নহয় বুলি স্পষ্ট কৰি দিছে ৷
এই সন্দৰ্ভত তেওঁলোকে কয়, "কাজিসকলে কেতিয়াও 18 বছৰ বয়সৰ তলৰ ছোৱালীৰ নিকাহ সম্পন্ন নকৰে আৰু যিসকলে কৰিছে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰক ৷ যদি কোনো শুধৰণি কৰিবলগীয়া আছে সেয়াও কৰক ৷ কিন্তু ব্ৰিটিছৰ দিনতে হোৱা 1935 চনতে অসমৰ মুছলিম সমাজৰ বাবে বলবৎ হোৱা এখন আইন উঠাই দিব, এই কাৰ্যৰ আমি সম্পূৰ্ণৰূপে বিৰোধিতা জনাইছো ৷ এই আইনখন সন্দৰ্ভত মুছলিম সমাজৰ বুদ্ধিজীৱি আৰু উলেমাসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে বৈঠক অনুষ্ঠিত কৰি সিদ্ধান্ত বাতিলৰ ব্যৱস্থা কৰক ৷ অন্যথা আমি অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম ।"
আইনখন বাতিল নকৰিবলৈ তিতাবৰ মহকুমা কাৰ্যবাহী দণ্ডাধীশৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷ এই কাৰ্যৰ দ্বাৰা অসম চৰকাৰে মুছলমানসকলৰ স্বাভিমানত আঘাত হনা বুলি দাবী কৰিছে ক্ষোভিত লোকসকলে । সমান্তৰালভাৱে ইংৰাজৰ দিনৰে আইনখন বাতিল কৰি চৰকাৰে দেশৰ ধৰ্মনিৰপেক্ষতাৰ ক্ষেত্ৰতো আঘাত হানিছে বুলি কয় ৷

