ETV Bharat / state

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সমৰ্থনত টাৱাঙত ত্ৰিৰংগা যাত্ৰা

পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত-চীন সীমান্ত জিলাত দেশৰ সেনাৰ প্ৰতি সন্মান জনাই একতা আৰু দেশপ্ৰেমৰ এক শক্তিশালী প্ৰদৰ্শনত অঞ্চলবাসীয়ে ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰে ।

Tiranga Yatra
শ শ লোকৰ উপস্থিতিত টাৱাঙত ত্ৰিৰংগা যাত্ৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 9:01 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : অপাৰেশ্যন সেন্দূৰ আৰু ভাৰতীয় সেনাৰ সমৰ্থনত দেশজুৰি বিজেপি দলে ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত-চীন সীমান্ত জিলাত দেশৰ সেনাৰ প্ৰতি সন্মান জনাই একতা আৰু দেশপ্ৰেমৰ এক শক্তিশালী প্ৰদৰ্শনত অঞ্চলবাসীয়ে ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰে ।

প্ৰসিদ্ধ বুদ্ধ প্ৰতিমূৰ্তিৰ পৰা টাৱাঙৰ যুদ্ধ স্মৃতিসৌধলৈ এই ত্ৰিৰংগা যাত্ৰা আয়োজন কৰা হয় । এই অনুষ্ঠানত বৌদ্ধ ভিক্ষুক, ছাত্ৰ-ছাত্ৰী, এনচিচিৰ কেডেট, সেনা বাহিনী আৰু বিভিন্ন ৰাজনৈতিক দলৰ সদস্যকে ধৰি হাজাৰ হাজাৰ নাগৰিকে ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহৰ প্ৰতি সংহতি আৰু অটল সমৰ্থন প্ৰকাশ কৰে । জঙৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন চি চি কেডেটৰ নেতৃত্বত এই যাত্ৰাই ৰাইজক মোহিত কৰে ।

শ শ লোকৰ উপস্থিতিত টাৱাঙত ত্ৰিৰংগা যাত্ৰা (ETV Bharat)

এন চি চিৰ বেণ্ড প্ৰদৰ্শনেৰে টাৱাং যুদ্ধ স্মৃতিসৌধত ত্ৰিৰংগা যাত্ৰাৰ দলটো উপস্থিত হয় । য'ত ধাৰাবাহিকভাৱে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে শিল্পীসকলে । মঞ্জুশ্ৰী বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক নৃত্য পৰিৱেশন কৰাৰ বিপৰীতে গায়ক বিশাল আৰু ৰিঞ্চিন জম্বাই দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে ।

টাৱাং যুদ্ধ স্মৃতিসৌধত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি টাৱাঙৰ বিধায়ক নামগেই চেৰিঙে ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু সকলো সীমান্ত সুৰক্ষা কৰ্মীক জাতিৰ সেৱাত অতুলনীয় নিষ্ঠা আৰু ত্যাগৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ শেহতীয়াকৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতীয় সামৰিক বাহিনীৰ দৃঢ় সঁহাৰিৰ প্ৰশংসা কৰে । বিধায়ক নামগেই চেৰিঙে ছেৰা জেৰ মঠৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ।

Tiranga Yatra
শ শ লোকৰ উপস্থিতিত টাৱাঙত ত্ৰিৰংগা যাত্ৰা (ETV Bharat)

জামিয়াং চোকৰ্লিং মঠ, ধোবলি ৰিনপোচে আৰু বিভিন্ন মঠৰ ভিক্ষুক আৰু বৌদ্ধসকলে ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীক সমৰ্থন আগবঢ়োৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয়,"টাৱাঙত অসামৰিক-সামৰিক সম্প্ৰীতি কেৱল উল্লেখযোগ্য নহয়, দেশৰ বাকী অংশৰ বাবেও এক আৰ্হি । এই একতা দেশৰ বাবে সংৰক্ষণ আৰু শক্তিশালী কৰিব লাগিব ।"

জাতীয় ঐক্যৰ প্ৰতি টাৱাঙৰ জনসাধাৰণৰ দায়ৱদ্ধতাক শক্তিশালী কৰিবলৈ আহ্বান জনায় তেওঁ কয়, "এই ত্ৰিৰংগা যাত্ৰা প্ৰতীকী নহয়-ই আমাৰ সাহসী সৈনিকসকলৰ সৈতে আমাৰ গভীৰ সন্মান, কৃতজ্ঞতা আৰু আৱেগিক বন্ধনক চিহ্নিত কৰে । এইটো সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰা নিৰ্ণায়ক আৰু উপযুক্ত পদক্ষেপৰ উদযাপন ।"

Tiranga Yatra
সেনা জোৱানক সম্বৰ্ধনা স্থানীয় বিধায়কৰ (ETV Bharat)

বিধায়ক নামগেই চেৰিঙে লগতে সকলো ৰাজনৈতিক দলকে মতানৈক্যসমূহ একাষৰীয়া কৰি জাতীয় কামৰ বাবে একত্ৰিত হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে । এক গভীৰ সন্মানৰ ইংগিত দি তেওঁ ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ ব্ৰিগেড কমাণ্ডাৰ আৰু কমাণ্ডিং বিষয়াসকলক খাদাৰে (আনুষ্ঠানিক স্কাৰ্ফ) সজ্জিত পৰম্পৰাগত তৰোৱাল উপহাৰ দি সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক :সমগ্ৰ অৰুণাচল প্ৰদেশত শ্বহীদ তাগেৰ স্মৃতিত শোৰ্য সন্মান শ্ৰদ্ধাঞ্জলি - SHAURYA SAMMAN YATRA