ETV Bharat / state

অভিযন্তাৰ পৰা আচাৰ ব্যৱসায়ীলৈ; কৰ্মস্পৃহাৰ উৎকৃষ্ট নিদৰ্শন তিনিচুকীয়াৰ বিশ্বজিতৰ - TINSUKIA BHUTZOLA PICKLES

অভিযন্তাৰ চাকৰি বাদ দি আচাৰৰ ব্যৱসায়েৰে দেখুৱাইছে আদৰ্শ ৷ সংস্থাপন দিছে ২৬ গৰাকীকৈ লোকক ৷ আগন্তুক বিত্তীয় বৰ্ষত ২ কোটিৰ ব্যৱসায়ৰ লক্ষ্য ।

Tinsukia Bhutzola pickles
কৰ্মস্পৃহাৰ উৎকৃষ্ট নিদৰ্শন তিনিচুকীয়াৰ বিশ্বজিতৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 10:07 AM IST

4 Min Read

তিনিচুকীয়া : ৰাজ্যত শিক্ষিত নিবনুৱাই ভয়াৱহ সমস্যাই সৃষ্টি কৰাৰ সময়তে তিনিচুকীয়াৰ নশৰাই গাঁৱত ৩৫ বছৰীয়া যুৱক বিশ্বজিৎ দত্তই দেখুৱাইছে আদৰ্শৰ এক উৎকৃষ্ট নিদৰ্শন । ইঞ্জিনিয়াৰীং বিভাগত অধ্যয়ন কৰি চাকৰি কৰিছিল যদিও নিজে কিবা এটা কৰাৰ ইচ্ছাৰে চাকৰিৰ পৰা অব্যাহতি লৈ বিশ্বজিৎ দত্তই বিগত ১৩ বছৰে প্ৰস্তুত কৰি আহিছে থলুৱা আচাৰ ৷

এসময়ত নিজে ফেৰীৱালা কৰিছিল

আৰম্ভণিতে নিজহাতেৰে ভোট জলকীয়া আচাৰ প্ৰস্তুত কৰি চহৰৰ অলিয়ে-গলিয়ে স্কুটাৰেৰে নিজে বিক্ৰী কৰা বিশ্বজিৎ দত্তই এতিয়া নিজৰ লগতে সংস্থাপন দিবলৈ সক্ষম হৈছে ২৬ গৰাকীকৈ স্থানীয় মহিলাক ৷ ভোটজলা নামৰ ভোট জলকীয়া আচাৰৰ জৰিয়তে ইতিমধ্যে বিশ্বজিৎ দত্তই ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

তিনিচুকীয়াৰ বিশ্বজিৎ দত্তৰ উৎকৃষ্ট কৰ্ম নিদৰ্শন (ETV Bharat Assam)

কেনেদৰে কৰি আছে এই ব্যৱসায়

বিশ্বজিৎ দত্তই ভোট জলকীয়া আচাৰৰ লগতে স্থানীয় ঔটেঙা, কাঠফুলা, বগৰীৰ লগতে বিভিন্ন থলুৱা সামগ্ৰীৰে আচাৰ প্ৰস্তুত কৰি আহিছে ৷ এই সন্দৰ্ভত বিশ্বজিৎ দত্তই কয়, ট“প্ৰথম পৰ্যায়ত এই ভোটজলা আমি ২০১২ চনত আৰম্ভ কৰিছিলোঁ, এতিয়া ১৩ বছৰ চলি আছে । এই ভোটজলাৰ বাবে কেঁচা সামগ্ৰীসমূহ উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, শিৱসাগৰ, লখিমপুৰৰ খেতিয়কসকলৰ পৰা সংগ্ৰহ কৰি আমাক যোগান ধৰে ৷"

Tinsukia Bhutzola pickles
আচাৰ প্ৰস্তুতত ব্যস্ত কৰ্মচাৰীৰ সৈতে পতি-পত্নী (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমি যিহেতু গোটেই বছৰটো ভোট জলকীয়া নাপাওঁ, সেইবাবে আমি যি চাৰি মাহ ভোট জলকীয়া পাওঁ সেই জলকীয়ায়ে মজুত ৰাখি গোটেই বছৰৰ বাবে বনাবলৈ চেষ্টা কৰোঁ ।"

২৬ গৰাকী মহিলাক দিছে সংস্থাপন

তেওঁৰ উদ্যোগত কৰ্মসংস্থাপনৰ সৃষ্টি সন্দৰ্ভত কয়, "মোৰ স’তে এতিয়া স্থানীয় ২৬ গৰাকীকৈ মহিলা জড়িত হৈ আছে । আমাৰ এই ভোটজলা আচাৰ ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য মিজোৰাম, নাগালেণ্ড, মেঘালয়, ডিমাপুৰলৈ প্ৰেৰণ কৰি আহিছোঁ আৰু অতি সোনকালে ভাৰতবৰ্ষৰ পুনে, মধ্যপ্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰাৰ বাবে যোগাযোগ কৰিছোঁ ।"

Tinsukia Bhutzola pickles
ভোটজলা আচাৰ (ETV Bharat Assam)

আগন্তুক বিত্তীয় বৰ্ষত ২ কোটি ব্যৱসায়ৰ লক্ষ্য

তেওঁ প্ৰস্তুত কৰা আচাৰৰ চাহিদা আৰু ব্যৱসায়ৰ কথা উল্লেখ কৰিবলৈ গৈ কয়, "আমি প্ৰধানকৈ ভোট জলকীয়াৰ আচাৰ প্ৰস্তুত কৰোঁ যদিও থলুৱা বাঁহগাজ, জলফাই, বগৰী, কাঠফুলাৰ লগতে বিভিন্ন আচাৰ প্ৰস্তুত কৰোঁ । ২০২৩-২৪ বৰ্ষত প্ৰায় ২৮ লাখ টকা আৰু ২০২৪-২৫ বৰ্ষত প্ৰায় ৬০ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছোঁ । আনহাতে, ২০২৫-২৬ বৰ্ষটোত প্ৰায় ২ কোটি টকাৰ ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছোঁ ।"

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত

অসম চৰকাৰে থলুৱা উদ্যোগী-ব্যৱসায়ীসকলক বিভিন্ন ধৰণে সহায় কৰিবলৈ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি তথা সা-সুবিধাৰ কথা উল্লেখ কৰি আহিছে । কিন্তু এই সা-সুবিধাই এতিয়ালৈকে ঢুকি পোৱা নাই বিশ্বজিৎ দত্তৰ দৰে প্ৰগতিশীল মনৰ উদ্যোগীক ৷ সেয়ে একপ্ৰকাৰ আক্ষেপ প্ৰকাশ কৰি কয়, "আজিলৈকে মই কোনো চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । এডভাণ্টেজ আছামত বহু আশা কৰি গৈছিলোঁ যদিও তাৰ পৰা একো লাভ হোৱা নাই ।"

Tinsukia Bhutzola pickles
পেকেটিং ব্যস্ত কৰ্মচাৰী (ETV Bharat Assam)

যুৱপ্ৰজন্মলৈ আহ্বান

আনহাতে, নিজে উচ্চ শিক্ষিত হৈয়ো স্বনিয়োজনৰ জৰিয়তে কৰ্মসংস্থাপনৰ পথ বাচি লৈ নিজৰ লগতে আন দহজনক উপাৰ্জনৰ পথ দেখুৱাবলৈ সক্ষম হোৱা যুৱ উদ্যোগীগৰাকীৰ যুৱপ্ৰজন্মলৈ আহ্বান, "যুৱ প্ৰজন্মই চৰকাৰী চাকৰিৰ পিছত দৌৰি থকাৰ সলনি সৰু সৰু থলুৱাভাৱে উপলব্ধ কামত মন দিলে নিজৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হ’ব ৷”

পত্নীৰ পৰা লাভ কৰিছে বিশেষ সহযোগিতা

উল্লেখ্য যে বিশ্বজিৎ দত্তই প্ৰতিটো খোঁজত ছাঁৰ দৰে সহযোগিতা লাভ কৰিছে তেওঁৰ সহধৰ্মিণী জুলী বৰুৱা দত্তৰ পৰা । এই সন্দৰ্ভত জুলী বৰুৱা দত্তই কয়, “মই স্বামীৰ কৰ্মক লৈ বহুতো গৌৰৱ কৰোঁ । মই যিখিনি কৰিব পাৰোঁ স্বামীক সদায় সহায় কৰিবলৈ চেষ্টা কৰি আহিছোঁ । এই কামটোত মোৰ লগতে স্থানীয় ২৬ গৰাকী মহিলাই সংস্থাপন লাভ কৰিছে, তাৰ কাৰণে বহুত ভাল লাগে । মই নিজৰ কামখিনি কৰাৰ লগতে সকলোৰে লগত এটা পৰিয়াল হিচাপে কাম কৰি থাকিবলৈ বহুতেই ভাল লাগে ৷”

লগতে পঢ়ক :শাৰীৰিক প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰে মনৰ দুৰ্বাৰ গতিক; উদাহৰণ ডিব্ৰুগড়ৰ এগৰাকী মুখা শিল্পী - DIBRUGARH MASK ARTIST
লগতে পঢক :জীৱন সংগ্ৰামৰ সমানেই সংগীত সাধনাত ব্ৰতী এজন যুৱক - LIFE STRUGGLE STORY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.