ETV Bharat / state

“মোৰ স্বামীক ঘূৰাই দিয়ক”- পৰেশ বৰুৱালৈ কাতৰ আহ্বান প্ৰকাশ চেত্ৰীৰ পত্নীৰ

আজিও সন্ধান নাই জাগুনৰ অপহৃত প্ৰকাশ চেত্ৰীৰ । কৃষ্ণ চেত্ৰীৰ ঘৰত উপস্থিত হৈ অপহৰণকাৰীৰ কবলৰ পৰা প্ৰকাশক ঘূৰাই আনিবলৈ তেওঁক হেঁচা প্ৰদান এদল মহিলাৰ ৷

Tinsukia women staged a protest demanding the return of kidnapped Prakash chhetri
ক’ত আছে অপহৃত প্ৰকাশ চেত্ৰী ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2025 at 1:25 PM IST

|

Updated : March 22, 2025 at 1:41 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : “আলফা স্বাধীন সেনাধ্যক্ষ পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছো - মোৰ স্বামীক ঘূৰাই দিয়ক ৷ আমাৰ লগত একো নাই । মোৰ স্বামীক নিজে নিছে নে ক্ৰেছাৰ মিলৰ স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে পঠাইছে আমি একো নাজানো । মোৰ মতে এই মানুহটোৱেহে পঠাইছে । কৃষ্ণ চেত্ৰীয়ে নিজৰ বাহন নি প্ৰকাশ চেত্ৰীক নদী পাৰ কৰাই আহিছে ৷” এই মন্তব্য তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা অপহৃত হোৱা প্ৰকাশ চেত্ৰীৰ পত্নীৰ ৷

ইফালে কেইবামাহ পাৰ হোৱাৰ পাচতো অপহৃত প্ৰকাশ চেত্ৰীক উদ্ধাৰৰ ক্ষেত্ৰত ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তোলে অপহৃত প্ৰকাশ চেত্ৰীৰ পত্নীৰ ৷ যাৰ বাবে শুকুৰবাৰে জাগুনৰ মহিলা সমাজে ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰীৰ ৯ মাইলস্থিত বাসগৃহৰ সন্মুখত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷

ক’ত আছে অপহৃত প্ৰকাশ চেত্ৰী ? (ETV Bharat Assam)

এই প্ৰতিবাদীৰ মাজতে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ । প্ৰতিবাদ কৰিবলৈ অহা মহিলাৰ লগত টনা আঁজোৰা কৰে কৃষ্ণ ছেত্ৰীৰ পৰিবাৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি । পৰৱৰ্তী সময়ত প্ৰতিবাদী মহিলাই প্ৰকাশ ছেত্ৰীক আলফা(স্বা)ৰ কবলৰ পৰা মুকলি কৰি অনা সন্দৰ্ভত জবাবদিহি কৰে কৃষ্ণ চেত্ৰীক ।

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কৃষ্ণ চেত্ৰীয়ে কয়, “মই প্ৰকাশ চেত্ৰীক মুকলি কৰি আনিবলৈ চেষ্টা চলাই আছো । মাজতে যোগাযোগ হোৱা নাছিল, কিন্তু এতিয়া যোগাযোগ হৈছে । এক সপ্তাহৰ ভিতৰত উভতাই আনিবলৈ চেষ্টা চলাইছো ।”

লগতে পঢ়ক : ১৮ দিনৰ অন্তত অৰুণাচলৰ ঘন জংঘলত অপহৃত প্ৰকাশ চেত্ৰীক মুকলি !

তথ্য অনুসৰি, বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত জাগুনৰ ৯ মাইলৰ ক্ৰেচাৰ মিলৰ পৰা এটা প্ৰায় ৮ জনীয়া অস্ত্ৰধাৰী সন্দেহজনক আলফা(স্বা)-এ অপহৰণ কৰি লৈ গৈছিল প্ৰকাশ চেত্ৰীক ৷ ইয়াৰে পাছৰে পৰা আজি পৰ্যন্ত তেওঁৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ৷ ব্যৱসায়ী কৃষ্ণ চেত্ৰীৰ ক্ৰেচাৰ মিলৰ পৰা পুৱা প্ৰায় ১০ বজাত অপহৰণ কৰি লৈ যোৱাৰ আজি প্ৰায় ৩ মাহ দিন অতিক্ৰম কৰাৰ পিছতো তেওঁৰ কোনো শুংসূত্ৰ নোপোৱাত চৰম অনিশ্চয়তাত ভুগিছে ভুক্তভোগী পৰিয়ালটোৱে ৷

জাগুন অঞ্চলত ঘটনা এয়াই প্ৰথম অপহৰণৰ ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও সংঘটিত হৈ আহিছে কেইবাটাও অপহৰণৰ ঘটনা ৷ কিন্তু অপহৰণ কৰি নিয়াৰ পাছত আৰক্ষীয়ে এক সুকীয়া স্থানত অৱস্থান কৰাৰ বাহিৰে যেন নাই কোনো বিকল্প ৷ বিগত ৩ মাহে প্ৰকাশ চেত্ৰীক উদ্ধাৰ কৰিব নোৱৰা ঘটনাই সেয়াই যেন পুনৰ প্ৰতিপন্ন কৰিছে । এই অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন মহলে ৷

লগতে পঢ়ক : বন্দুক-বাৰুদেৰে ডাম্পাৰত উঠি আহি কোনে ধৰি নিলে প্ৰকাশক ? উৱাদিহেই পোৱা নাই স্মাৰ্ট পুলিচে - JAGUN ABDUCTION CASE
Last Updated : March 22, 2025 at 1:41 PM IST