ETV Bharat / state

'অৰুণোদয়'ৰ নামত কি চলিছে ! ৰাজপথত প্ৰতিবাদেৰে বুজাই দিলে শতাধিক মহিলাই

তিনিচুকীয়াত নাৰী মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শতাধিক মহিলাৰ প্ৰতিবাদ ।

Tinsukia women protest against corruption in Assam Orunodoi Scheme
তিনিচুকীয়াত প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 17, 2025 at 8:11 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: আপুনি বাৰু চৰকাৰী আঁচনি লাভ কৰে নেকি ? যদিহে আপুনি চৰকাৰী আঁচনি লাভ কৰে তেন্তে এবাৰ নতুন তালিকাখন চাবচোন । নতুন তালিকা অনুসৰি বহু হিতাধিকাৰীৰ নাম কৰ্তন হৈছে । তেনে একাংশ অভিযোগ লৈয়েই আজি (সোমবাৰ) শতাধিক মহিলাই তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

আচলতে অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি নাৰী মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত শতাধিক মহিলাই বৰগুৰিস্থিত তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে ।

তিনিচুকীয়াত প্ৰতিবাদ (ETV Bharat)

অৰুণোদয় আচঁনিৰ নামত দুৰ্নীতি নচলিব, অৰুণোদয় আচঁনিৰ হিতাধিকাৰীক প্ৰৱঞ্চনা কৰা বন্ধ কৰক, যোগ্য হিতাধিকাৰীক চৰকাৰী আঁচনি প্ৰদান কৰক, হিতাধিকাৰীসকলক অতি সোনকালে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ বাসগৃহ প্ৰদান কৰক, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰক, অৰুণোদয় আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ মূল্য পাঁচ হাজাৰ টকালৈ বৃদ্ধি কৰক, চৰকাৰী আঁচনিৰ নামত ধন লোৱা লোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আদি শ্ল’গানেৰে কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক উমানন্দ মুদৈ মৰাণে কয়, “এতিয়া প্ৰতিটো গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে । আঁচনি প্ৰদানৰ নামত বুথ কমিটীৰ সভাপতি-সম্পাদকে ধন কৰিছে, বিভিন্ন প্ৰকাৰে ব্লেকমেইল কৰিছে । যোগ্য হিতাধিকাৰীক অন্য দলৰ প্ৰাৰ্থীক ভোটদান কৰা বুলি আঁচনিৰ পৰা নাম কটাৰ দৰে ঘটনা সংঘটিত হৈছে ৷ গতিকে এইসমূহ দুৰ্নীতিৰ উচিত তদন্ত কৰাৰ লগতে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক আঁচনি প্ৰদান কৰিব লাগিব ৷ তাৰ লগতে অৰুণোদয় আঁচনি আৰু বৃদ্ধ পেন্সন আঁচনিৰ ধন ৫০০০ টকালৈ বৃদ্ধি কৰিবলৈ আমি দাবী জনাইছো ৷”

তাৰ সমান্তৰালভাৱে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেত্ৰীয়ে কয়, “আমি আজি মহিলাসকলক লৈ অহা নাই, মহিলাসকলে আমাক আহ্বান জনাইছিল এক প্ৰতিবাদ গঢ়ি তুলিবলৈ । বিভিন্ন ঠাইৰ মহিলাসকলৰ আহ্বান মৰ্মে আজি অৰুণোদয় আৰু বৃদ্ধ পেন্সন আঁচনিৰ বাবে ধন সংগ্ৰহ কৰা আৰু যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মহিলাসকল ওলাই আহিছে । এনেধৰণৰ প্ৰবঞ্চনা সহ্য কৰা নহ’ব । তাৰ লগতে অতি সোনকালে অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি, পেন্সনৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা, মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰা, চৰকাৰী আৱাসগৃহ অতি সোনকালে প্ৰদান কৰিবলৈ দাবী জনাইছো ৷”

লগতে পঢ়ক : এ পি ডি চি এলে পিছদুৱাৰেদি মাচুল বৃদ্ধিৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছ'চিয়েছন