ETV Bharat / state

বলীয়া বানে এনেকৈয়ে ভাগে নে সপোন ! - ASSAM FLOOD 2025

বান আৰু গৰাখহনীয়াৰ কবলত তিনিচুকীয়া জিলা । ঘৰ-বাৰী এৰি সুৰক্ষিত স্থানলৈ ৰাওনা বহু পৰিয়াল ।

Assam Flood 2025
বলীয়া বানে এনেকৈয়ে ভাগে নে সপোন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 1, 2025 at 5:31 PM IST

3 Min Read

তিনিচুকীয়া : যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ পাছতে অসমৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ লৈছে । তিনিচুকীয়া জিলাৰো বহু অঞ্চল ইতিমধ্যে বানৰ কবলত পৰিছে । জিলাখনৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ ৩ নং কর্দৈগুৰি গাঁৱত চকুৰ সন্মুখতে হেৰাই গ'ল ইটোৰ পাছত সিটো পৰিয়ালৰ সপোনৰ ঘৰখন । বহু পৰিয়ালে ঘৰ-মাটি হেৰুৱাই দিশহাৰা হৈ পৰিছে । একপ্ৰকাৰ নিদ্ৰাহীনতাত ভুগিছে নৈপৰীয়া অঞ্চলৰ ৰাইজ ।

ভয়ংকৰ গৰাখহনীয়া

জিলাখনৰ কেইবাটাও অঞ্চলত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে । যাৰ বাবে নৈপৰীয়া ৰাইজে টালি-টোপোলা বান্ধি সুৰক্ষিত স্থানলৈ ৰাওনা হৈছে । তাৰ মাজতে কৰ্দৈগুৰিত এক বিশেষ দৃশ্য দেখা গৈছে । গৰাখহনীয়াৰ কবলত পৰা এটা পৰিয়ালৰ ঘৰবোৰ ভাঙি অন্য স্থানলৈ লৈ যোৱাত সহায় কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে । ঘৰৰ টিন, সা-সামগ্ৰীসমূহ ততাতৈয়াকৈ ভিতৰৰ পৰা উলিয়াই অন্য স্থানলৈ হস্তান্তৰ কৰাত পৰিয়ালটোক সহায় কৰিছে আছু কৰ্মীসকলে ।

তিনিচুকীয়াত বানৰ কালৰূপ (ETV Bharat)

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "চৰকাৰ আহে চৰকাৰ যায়, কিন্তু আমাৰ সমস্যা কোনোদিনে সমাধান নহয় । এতিয়া নিজৰ কামকাজ কৰিব নোৱাৰি ঘৰৰ টালি-টোপোলা বান্ধি ৰাজপথলৈ ওলাব লগা হৈছে । ইয়াতকৈ দুখৰ বিষয় আৰু নাই ৷ চকুৰ সন্মুখতে সপোনৰ বাসগৃহটো উটুৱাই লৈ গ'ল । চপৰা-চপৰে খহাই নিছে বাৰীখনো ।"

River erosion
গৰাখহনীয়াৰ কবলত বিভিন্ন অঞ্চল (ETV Bharat)

সন্ধানহীন মেধাৱী ছাত্ৰ

ইফালে এতিয়া সন্ধান নাই সুমন মৰাণ নামৰ মেধাৱী ছাত্ৰজনৰ । শুকুৰবাৰে সন্ধানহীন ছাত্ৰজনক বিচাৰি এছ ডি আৰ এফয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । সুমন মৰাণে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত দুটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল । কিন্তু পিতৃহীন সুমন মৰাণে নিজৰ পঢ়া খৰচ উলিয়াবলৈ চেক বান্ধৰ কাম কৰিবলৈ গৈছিল আৰু পানী বাঢ়ি যোৱাৰ বাবে কাম নকৰি ঘৰলৈ উভতি আহি থকা সময়তে সন্ধানহীন হৈছিল ।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে খহনীয়া ৰোধ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে ৷ বিগত বছৰ খহনীয়া প্ৰতিৰোধৰ বাবে কিছু কাম কৰিছিল যদিও সেয়া যথেষ্ট নহয় । সদৌ মৰাণ ছাত্ৰ সন্থাই বিভাগীয় অভিযন্তাৰ সৈতে অঞ্চলটো পৰিদৰ্শন কৰি নক্সা জমা দিছিল যদিও পৰ্যাপ্ত পুঁজিৰ অভাৱৰ বাবেই সমস্যা সমাধান হোৱা নাই । যাৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অৰ্জুন মৰাণে । শীঘ্ৰে অঞ্চলটোৰ বাবে এই ভাবুকি ৰোধ কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক দাবী জনাইছে দল-সংগঠন তথা স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :উত্তৰ-পূবত বানৰ সংহাৰ, ভূমিস্খলনত কমেও ৩০ জন লোকৰ মৃত্যু - HEAVY RAINFALL IN NORTH EAST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.