তিনিচুকীয়া জিলা প্ৰশাসনে সলনি কৰিলে ADRE ৰ বাবে মুকলি কৰা ফোন নম্বৰ - ADRE 2024
ADRE for 3rd Grade: অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা । দেওবাৰে তিনিচুকীয়া জিলাত অৱতীৰ্ণ হব ২২ হাজাৰ প্ৰাৰ্থী । জিলা আয়ুক্তৰ তৎপৰতা, নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ সলনি । কি কি নিব পাৰিব পৰীক্ষা কেন্দ্ৰলৈ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Published : September 28, 2024 at 6:07 PM IST
তিনিচুকীয়া,২৮ ছেপ্টেম্বৰ: অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে মুকলি কৰা নিয়ন্ত্ৰণ কক্ষৰ এটা ফোন নম্বৰ কাৰিকৰী কাৰণত সলনি কৰিবলগীয়া হৈছে । পূৰ্বৰ ০৩৭৪-২৩৩৮৬৫৬ ৰ পৰিৱৰ্তে ৯৭০৬৩২৪৭২৬ নম্বৰত পৰীক্ষা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে যোগাযোগ কৰিব পাৰিব । পূৰ্বে উল্লেখিত মাচুলবিহীন নম্বৰ ১০৭৭ ৰ কোনো সলনি হোৱা নাই । এই দুয়োটা নম্বৰ ২৪ ঘন্টাই মুকলি ৰখা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই সদৰী কৰে ।
সমগ্ৰ ৰাজ্যৰ লগতে দ্বিতীয় পৰ্যায়ত ২৯ ছেপ্টেম্বৰত আৰু তৃতীয় পৰ্যায়ত ২৭ অক্টোবৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নামেৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বাছনিৰ বাবে সকলো বিভাগক সামৰি এই পৰীক্ষা অনুষ্ঠিত হ'ব । কাইলৈ অৰ্থাৎ ২৯ ছেপ্টেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত আগবেলা ২২ টা কেন্দ্ৰত ১৬,৭৯৭ জন প্ৰাৰ্থী আৰু পিছবেলা ৮ টা কেন্দ্ৰত ৬০৪৬ জন, মুঠ ২২,৮৪৩ জন প্ৰাৰ্থী অৱতীৰ্ণ হ'ব ।
দেওবাৰে আগবেলাৰ পৰীক্ষা পুৱা ৯.৩০ বজাৰ পৰা ১২.৩০ বজালৈ আৰু পিছবেলাৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ এই বাছনি পৰীক্ষা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে ব্যাপক ব্যৱস্থা হাতত লৈছে । প্ৰতিটো কেন্দ্ৰৰ বাবে উপায়ুক্তৰ প্ৰতিনিধি হিচাপে বিভিন্ন বিভাগীয় একোজন জেষ্ঠ বিষয়াক পৰ্যবেক্ষণ বিষয়া হিচাপে নিয়োগ কৰাৰ উপৰিও শিক্ষা বিভাগৰ ফালৰ পৰাও এজনক পৰ্যবেক্ষণ বিষয়া হিচাপে নিয়োগ কৰা হৈছে । এই কথা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ৷
ইতিমধ্যে সকলো পৰ্যবেক্ষক আৰু কেন্দ্ৰ তত্বাৱধায়কক বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । শনিবাৰে বিয়লি জিলা আয়ুক্ত স্বপ্নীল পালে সকলো পৰ্যবেক্ষণ বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হৈ চূড়ান্ত প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । তেওঁ সকলোকে চৰকাৰৰ শেহতীয়া বিধি-বিধান সম্পূৰ্ণ মানি চলিবলৈ নিৰ্দেশ দিয়ে । শুকুৰবাৰে ৰাজ্যৰ মুখ্য সচিবেও ভিডিঅ' কনফাৰেন্স যোগে প্ৰতিজন জিলা আয়ুক্তৰ উপৰিও প্ৰতিজন কেন্দ্ৰ বিষয়াৰ সৈতেও আলোচনাত মিলিত হয় ।
পৰীক্ষা কেন্দ্ৰলৈ কোনেও মোবাইল ফোন, হাতঘড়ী, যিকোনো বৈদ্যুতিন সজুঁলি আদি নিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে । পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ বাহিৰে আন লোকৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে । প্ৰাৰ্থীসকলক কেৱল পৰীক্ষাৰ এডমিট কাৰ্ড, অন্ততঃ এখন বৈধ চৰকাৰী পৰিচয় পত্ৰ আৰু বল কলম আনিবলৈ কোৱা হৈছে ।
শাৰীৰিকভাৱে বাধাগ্ৰস্থ প্ৰাৰ্থীসকলে আগতীয়াকৈ জিলা আয়ুক্তৰ পৰা অনুমতি লৈ নিজৰ পছন্দৰ সহায়কক লগত আনিব পাৰিব । অন্যথা তেনে প্ৰাৰ্থীৰ নথি-পত্ৰ পৰীক্ষা কৰি প্ৰয়োজন সাপেক্ষে কেন্দ্ৰৰ পৰা তেনে সহায়ক যোগান ধৰাৰ ব্যৱস্থা কৰা হ'ব । প্ৰাৰ্থীসকলক প্ৰৱেশ পথত চলোৱা তালাচীত সুবিধা হোৱাকৈ হাত কটা চোলা আৰু ছেণ্ডেল পিন্ধি আহিবলৈ আহ্বান জনোৱা হৈছে । এই পৰীক্ষা তিনিচুকীয়া জিলাত সম্পূৰ্ণ নিয়াৰিকৈ আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে ।

