ETV Bharat / state

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহুত শিল্পী হীৰেণ কোঁৱৰক শিল্পীপ্ৰাণ বঁটা প্ৰদান - BOHAG BIHU 2025

পহিলা ব’হাগৰ দিনটোত উখলমাখল পৰিৱেশ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰ ।

Tinsukia AASU celebrated Bohag Bihu
তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 8:22 PM IST

3 Min Read

তিনিচুকীয়া: ৰঙালী বিহুৰ ৰঙেৰে ৰঙীন হৈ আছে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰী । আজি হৈছে পহিলা ব’হাগ ৷ পহিলা ব’হাগৰ দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হৈছে মানুহ বিহু ।

বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ ১ ব’হাগ মঙলবাৰে তিনিচুকীয়া চহৰৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু দিনজোৰা কাৰ্যসূচীৰে অতি উলহ-মালহেৰে উদযাপন কৰা হয় ৷

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু (ETV Bharat Assam)

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খগেন হাজৰিকাই আঁত ধৰা কাৰ্যসূচীত আৰম্ভণিতে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতীম নেওগে । কেন্দ্ৰীয় মুকলি বিহুৰ পতাকা উত্তোলন কৰে তিনিচুকীয়া উইমেনছ কলেজৰ অধ্যক্ষ ড° মৃগাংক চৌধুৰীয়ে ৷

তাৰ পাছতে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কনচেং গগৈয়ে শ্বহীদ তৰ্পণ কৰাৰ লগতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোঁহাই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা কণ গগৈ, সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহাইকে আদি কৰি তিনিচুকীয়াৰ ভালেসংখ্যক বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গ, গণ্য-মান্য ব্যক্তি, সন্মানীয় ব্যক্তিক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰা হয় ।

দ্বিতীয় কাৰ্যসূচী হিচাপে পানীতোলা বৰনামঘৰৰ ভকত গোপিনীসকলক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি ছাত্ৰ সন্থাৰ সদস্যসকলে আশীৰ্বাদ গ্ৰহণ কৰি গায়ন-বায়ন পৰিবেশন কৰাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ মুখপত্ৰ 'গতি' উন্মোচন আৰু মুকলি বিহু শুভাৰম্ভ কৰি সকলোলৈ অসমীয়া নৱবৰ্ষ আৰু ব’হাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

একে সময়তেই বৰলাইপুলি মৰাণকাৰী গাঁৱৰ অনাতাঁৰ শিল্পী তথা কলা-সংস্কৃতিৰ সাধক হীৰেণ কোঁৱৰক শিল্পীপ্ৰাণ বঁটা প্ৰদানেৰে সম্বৰ্ধনা জনায় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷ তাৰ পাছতে তিনিচুকীয়া জিলাখনৰ মৰাণ, মটক, মিচিং, হুঁচৰি, জেংবিহু, সোণোৱাল কছাৰীৰ লেচেৰি নৃত্যকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ বহুসংখ্যক সাংস্কৃতিক দলেৰে মুকলি বিহু পৰিবেশন কৰে ৷

অনুষ্ঠানত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, "প্ৰথমেই সদৌ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ ওলগ যাচিছোঁ । সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰি অহা এই মুকলি বিহুৰ বাকৰিত উপস্থিত আছোঁ । সৰ্বস্তৰৰ জনসাধাৰণে এই মুকলি বিহুত অংশগ্ৰহণ কৰিবলৈ আহিছে । সকলোৰে অংশগ্ৰহণেৰে ইয়াত মুকলি বিহু উদযাপন হ'ব ।"

তেওঁ লগতে কয়, "বিহুৰ যি স্বকীয়তা, যি মৰ্যাদা বজাই ৰাখিবৰ বাবে তিনিচুকীয়াবাসী ৰাইজৰ সৈতে সদৌ অসম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই কাম কৰি যাব । আমি আহিবলগা দিনত জাতীয় জীৱনৰে সংপৃক্ত হৈ থকা সকলোবোৰ বিষয়ত, জাতিটোৰ যাতে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসমত সকলো মানুহে সৰ্বকালৰ বাবে বসবাস কৰিব পাৰে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ বাবে এই ব'হাগত সকলোৱে যাতে সংকল্প লয় সেই আহ্বান আমি ৰাইজলৈ জনাইছোঁ ।"

লগতে পঢ়ক :নাচনীৰ গিৰিপনিত কঁপিল ৰংঘৰৰ চোতাল - BOHAG BIHU 2025
লগতে পঢ়ক :বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈ পৰিল চিমেন চাপৰি - JONAI RONGALI BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.