ETV Bharat / state

মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটে ধনী কৰিছে কাক কাক ? ক'লে বৰদলৈয়ে

দ্বিতীয়বাৰ সাংসদ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গৃহজিলাত উপস্থিত প্ৰদ্যুৎ বৰদলৈ ৷

MP PRADYUT BORDOLOI
দ্বিতীয়বাৰ সাংসদ হিচাপে জয়যুক্ত হৈ প্ৰথমবাৰ গৃহ জিলাত উপস্থিত প্ৰদ্যুৎ বৰদলৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2024 at 9:33 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: “তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত চোৰাং কয়লাৰ সৰবৰাহত স্থানীয় বিধায়ক বা আৰক্ষীয়েই নহয়, একাংশ সাংবাদিককো ছিণ্ডিকেট চক্ৰই মুখ বন্ধ কৰিবলৈ কিনি ৰাখিছে ৷” এই মন্তব্য নগাঁৱৰ সাংসদ তথা মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ ৷ দ্বিতীয়বাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে জয়যুক্ত হোৱাৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে গৃহজিলা তিনিচুকীয়াত উপস্থিত হয় বৰদলৈ ৷ ইয়াৰ পাছতেই তেওঁ এই মন্তব্য কৰে ৷

সাংসদ তথা মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰদলৈক সম্বৰ্ধনা জনাবলৈ তিনিচুকীয়াৰ হোটেল এৰ’মাত তিনিচুকীয়া জিলা কংগ্ৰেছে এক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰে । সংবাদ মাধ্যমক সম্বোধন কৰি বৰদলৈয়ে মাৰ্ঘেৰিটা আৰু তিনিচুকীয়াৰ সৈতে থকা সম্পৰ্কৰ কথা উল্লেখ কৰি মাৰ্ঘেৰিটাৰ জন্মস্থান আৰু তিনিচুকীয়া গৃহজিলা আৰু কৰ্মক্ষেত্ৰ বুলি অভিহিত কৰে ।

দ্বিতীয়বাৰ সাংসদ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গৃহজিলাত উপস্থিত প্ৰদ্যুৎ বৰদলৈ (ETV Bharat)

মাৰ্ঘেৰিটাৰ পৰা চাৰিবাৰৰ নিৰ্বাচিত বিধায়ক তথা কেবিনেট মন্ত্ৰী হিচাপে নিজৰ যাত্ৰাৰ কথা মনত পেলাই তেওঁ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে । জিলাখনৰ জনসাধাৰণৰ পৰা যি মৰম আৰু সন্মান পাইছে সেয়া তেওঁৰ বাবে অসীম বুলি মন্তব্য কৰে । ইফালে মাৰ্ঘেৰিটাৰ চোৰাং কয়লাৰ সন্দৰ্ভত মন্তব্য কৰি ৫০-৬০ চকীয়া কয়লাভৰ্তি ট্ৰাক সৰবৰাহ হয় যদিও আৰক্ষীয়ে সেয়া নেদেখে বুলি উল্লেখ কৰি অবৈধ কয়লা সৰবৰাহৰ সন্দৰ্ভত বনোৱা কমিটীও এক ভেকোভাওনা বুলি উল্লেখ কৰে ।

সমান্তৰালভাৱে, আগন্তুক উপ-নিৰ্বাচনৰ বাবে বিহালী, চামগুৰি, বঙাইগাঁও, ধলাই, চিদলী আটাইকেইটা সমষ্টিতে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে বুলি উল্লেখ কৰি নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে বৰদলৈয়ে ।

লগতে পঢ়ক: অতীজৰে পৰা চলি অহা এক পৰম্পৰা বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই একো বীৰত্ব প্ৰদৰ্শন কৰা নাই: প্ৰদ্যুৎ বৰদলৈ - Namaz Break of Assam Assembly